Breaking

কাৰ্বি আংলং আৰক্ষী আৰু অসম ৰাইফলছৰ যুটীয়া অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ জব্দ

0 1,534

কাৰ্বি আংলং আৰক্ষী আৰু অসম আৰক্ষীৰ যুটীয়া অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ -শস্ত্ৰ জব্দ কৰাৰ লগতে চাৰিজন লোকক আটক কৰে।এক গোপন সূত্ৰৰ পম খেদি শুক্ৰ বাৰে  পুৱা কাৰ্বি আংলং আৰক্ষী আৰু ডিমাপুৰস্থিত পঞ্চম অসম ৰাইফলছৰ এটা যুটীয়া দলে কাৰ্বি আংলঙৰ বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত ঘঁৰিয়ালডুবি এলেকাত অভিযান চলাই বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ জব্দ কৰাৰ লগতে চাৰিজন লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। যুটীয়া অভিযানকাৰী দলটোৱে ডিফু , ধনশিৰিৰ ৰাজু ঘাটোৱাৰ আৰু কৃষ্ণ ওৰাং,  ডিলাই হাটোকাজানৰ লুকাছ কাংগাৰী আৰু খটখটী লামা বস্তিৰ ৰবাৰ্ট হৰ’ ক কৰায়ত্ত কৰে আৰু তেওঁলোকৰ পৰা মেগজিন সহ এটা পইণ্ট টু টু ৰাইফল , এটা নাইন এম এম পিষ্টল,  দুটা পইণ্ট টু টু পিষ্টল,  এটা চাইনীজ গ্ৰেণেড,  এটা স্থানীয়ভাৱে তৈয়াৰী গ্ৰেণেড আৰু  পাঁচ ৰাউণ্ড পইণ্ট টু টু সক্ৰিয় গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষী আৰু অসম ৰাইফলছে তদন্ত অব্যাহত ৰাখিছে ।

Leave A Reply