Breaking

বিশ্বনাথত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ, ট্ৰাক সহ চালক আটক

0 1,230

শুক্ৰবাৰে পূৱতি নিশা অৰুণাচল  বান্দৰদোৱাৰ পৰা গুৱাহাটী অভিমুখী এখন আলু ভৰ্তি ট্ৰাকত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে বিশ্বনাথ চাৰিআলি আবকাৰী বিভাগ। জানিব পৰা মতে,পূৱতি নিশা প্ৰায় ১ মান বজাত বান্দৰদোৱাৰ পৰা অহা ডি আৰ ০১ জি কে৫০৮১ নম্বৰৰ আলু ভৰ্ত্তি ট্ৰাক খন বিশ্বনাথ চাৰিআলিত আবকাৰী বিভাগে ৰখাইছিল, যদিও ট্ৰকাখন নাৰাখি পাৰ হৈ যায়। পিছত ট্ৰাকখন আবকাৰী আৰু আৰক্ষীয়ে খেদি খেদি কুসুমটোলাত ধৰিবলৈ সক্ষম হয়। ট্ৰাকখনৰ চালক মহম্মদ হুছেইনক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে। গাড়ীখনত আলু বস্তাৰ ভিতৰত ১৬৯ কেচ অৰুণাচলী সুৰা আৰু ৪০বস্তা আলু উদ্ধাৰ কৰে বিভাগটোৱে। ট্ৰাকখন বিহাৰলৈ গৈ থকা  বুলি জানিবলৈ দিয়ে বিশ্বনাথ মহকুমা আকৱকাৰী বিভাগৰ উপ অধীক্ষক দ্বীপেন বৰা আৰু বিশ্বনাথ মহকুমা আৱকাৰী পৰিদৰ্শন শৰৎ তমুং, চতিয়া চাৰ্কোলৰ সহ পৰিদৰ্শক জয়ন্ত বৰাই ।

Leave A Reply