Breaking

বালিপৰাৰ ১৮ মাইল অকাবস্তিত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

0 1,058

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৈধ নিচাজাতীয় দ্ৰৱ্যৰ বিৰুদ্ধে কঠোৰ অভিযান চলি থকাৰ মাজতে যোৱা কালি শোণিতপুৰ জিলাৰ বালিপাৰাস্থিত ১৮ মাইল অকাবস্তিত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। ৰাজ্যজুৰি অসম আৰক্ষীয়ে অপৰাধ,হিংসাৰ কাৰক হিচাপে ড্ৰাগছ,অবৈধ সুৰা নিৰ্মূল কৰাৰ অভিযান  চলাই আহিছে যদিও অব্যাহত আছে নিচাজাতীয় দ্ৰব্যৰ অবাধ বেহা। যোৱা কালি এক গোপন সূত্ৰৰ পম খেদি শোণিতপুৰ চাৰিদুৱাৰ আৰক্ষী চকীৰ আৰক্ষী বিষয়া আলিমুদ্দিন আলিৰ নেতৃত্বত এটা আৰক্ষীৰ দলে অভিযান চলাই ১৮ মাইলৰ  অকাবস্তি গাঁৱৰ পৰা বৃহৎ পৰিমানৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। অকাবস্তিৰ এখন গেলামালৰ দোকানত দীৰ্ঘদিনৰ পৰা চলাই আহিছিল এই অবাধ বেহা বুলি সূত্ৰটোৱে প্ৰকাশ কৰে। ঘটনা সন্দৰ্ভত গেলামাল দোকানী নৌচাদ আলি নামৰ এজনক গ্ৰেপ্তাৰ।

Leave A Reply