Breaking

পশ্চিম নলবাৰীত বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেট জব্দ: দুজনক গ্ৰেপ্তাৰ বেলশৰ আৰক্ষীৰ

0 64

নলবাৰী জিলাৰ বেলশৰ থানাৰ অন্তৰ্গত পশ্চিম চামতা আৰু শোলমাৰী ভয়ৰাৰ দুই ড্ৰাগচ সৰবৰাহ কাৰীক বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেটসহ আটক কৰি গ্ৰেপ্তাৰ কৰিছে ৷ আৰক্ষীসূত্ৰে জানিব পৰামতে পৰহি  নিশা পশ্চিম চামতাৰ নয়ন বৰ্মন(২১)ক ৩৬০ টা নিচাজাতীয় ডাইক্লোমিন হাইড্ৰোক্লোচিড ট্ৰামাদ’ল টেবলেট সহ:আটক কৰে আৰু শোলমাৰী ভয়ৰাৰ লটিফ আলী অ’ৰফে ধনক আটক কৰি আজি দুয়োকে গ্ৰেপ্তাৰ কৰি নলবাৰী জেল হাজোটলৈ প্ৰেৰন কৰিছে ৷ বেলশৰ থানৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লিটুমণি শৰ্মাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে দুই ড্ৰাগচ সৰবৰাহকাৰীক নিজ নিজ ঘৰৰ পৰা আটক কৰিছিল ৷ আৰক্ষীৰ এনে পদক্ষেপক পশ্চিম নলবাৰীৰ সচেতন ৰাইজে শলাগ লৈছে ৷

Leave A Reply