Breaking

স্বৰাজ শশাংক গগৈলৈ শেষ শ্ৰদ্ধাঞ্জলী গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ…

0 28

লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত কণানদীত দুৰ্ঘটনাত  আকস্মিক মৃত্যুক সাৱতি লোৱা লখিমপুৰ জিলা ছাত্ৰ সন্হাৰ  সাধাৰণ সম্পাদক তথা ঢকুৱাখনা নিৱাসী স্বৰাজ শশাংক গগৈক শুক্ৰবাৰে গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷ গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাৰ গোগামুখ নগৰস্থিত কাৰ্যালয় অনুষ্ঠিত হোৱা উক্ত শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত আছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, সহকাৰী সাধাৰণ সম্পাদক দিপক শৰ্মা, ক্ৰীড়া সম্পাদক সীমান্ত নেওগ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বিকাশ মিছং, কনক গগৈ উপস্থিত থকাৰ লগতে সদৌ লখিমপুৰ আৰু ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি – সাধাৰণ সম্পাদক,  বিষয়ববীয়া সকল,প্ৰাক্তন ছাত্ৰ সন্থাৰ কৰ্মী সকলৰ লগতে  বিভিন্ন দল-সংগঠন,শিক্ষানুষ্ঠানৰ মুৰব্বী সকল উপস্থিত থাকে।

উল্লেখনীয় যে, কালি লখিমপুৰৰ পৰা ঢকুৱাখনা অভিমুখে গৈ থকা অৱস্থাত কণানদীত ছাত্ৰ নেতা স্বৰাজ শশাংক গগৈয়ে দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আকোঁৱালী লৈছিল ৷

Leave A Reply