Breaking

লাহিং গ্ৰাণ্ট উচ্চমাধ্যমিক বিদ্যালয়ৰ ৫০তম্ বৰ্ষ উপলক্ষে শুভাৰম্ভ অনুষ্ঠানৰ আয়োজন

0 2,021

কাকজানত ১৯ নৱেম্বৰ=পূব যোৰহাট শিক্ষা খণ্ডৰ অধীনৰ লাহিং গ্ৰাণ্ট উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাৰ  ৫০  তম বৰ্ষ উপলক্ষে বিদ্যালয়খনিত ২০২২ বৰ্ষত সোণালী জয়ন্তী বৰ্ষ উদ্‌যাপনৰ বৰ্ষজোৰা কাৰ্যসূচী পালনৰ ৰাজহুৱা সভাই সিদ্ধান্ত গ্ৰহণ কৰিছে। বিদ্যালয়খনিত ১৭ নবেম্বৰ তাৰিখে সোণালী জয়ন্তীৰ উদ্‌যাপন সমিতিৰ বৈঠকখনি কাৰ্যকৰী সভাপতি নিত্যানন্দ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাই ২০২২ বৰ্ষৰ পহিলা জানুৱাৰীত সোণালী জয়ন্তী বৰ্ষ উদ্‌যাপনৰ শুভাৰম্ভ অনুষ্ঠান  আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰে।সভাত উদ্‌যাপন সমিতিৰ সভাপতি তৰুণ চন্দ্ৰ বৰা প্ৰাক্তন প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক টুপীৰাম চুতীয়া প্ৰাক্তন শিক্ষক তুলাৰাম বৰা বোধেশ্বৰ বাঢ়ৈ ,গোলাপ শইকীয়াইও ৰাইজৰ সৈতে অংশ লয়।সম্পাদক তথা বিদ্যালয় প্ৰধান শিক্ষক অৰূপ বুঢ়াগোঁহাইয়ে সোণালী বৰ্ষ উদ্‌যাপনৰ শুভাৰম্ভ কাৰ্যসূচীৰ এক আভাস   দাঙি ধৰি বিদ্যালয়খনিৰ প্ৰতিষ্ঠা কালত অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিৰ নাম তালিকা পাঠ কৰি  বিশেষ সম্মান প্ৰদানৰ বাবে সভাৰ অনুমোদন গ্ৰহণ কৰে।সভাপতি তৰুণ চন্দ্ৰ বৰাই বৰ্ষ জোৰা কাৰ্যসূচীৰ পৰিকল্পনা পাঠ কৰে। সভাত প্ৰতিষ্ঠা কালৰ প্ৰাক্তন তিনিগৰাকী শিক্ষাগুৰু টুপীৰাম চুতীয়া তুলাৰাম বৰা, গোলাপ শইকীয়াৰ লগতে বোধেশ্বৰ বাঢ়ৈও শুভাৰম্ভ অনুষ্ঠানৰ  আপ্যায়নৰ বাবে বিশেষ অৰিহণা ঘোষনা কৰি ১৯৭২ চনৰ প্ৰতিষ্ঠা কালৰ আৱেগিক সময়ক বিশেষ সম্মান প্ৰদৰ্শন কৰে। সভাত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰদীপ ফুকন প্ৰমূখ্য কৰি বহু বিশিষ্ট ব্যক্তিও অংশ লয়। বিদ্যালয়খনিৰ সোণালী জয়ন্তী বৰ্ষ উদ্‌যাপন সমিতিয়ে স্থানীয় সকলো ৰাইজৰ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী -শুভাকাংক্ষী ৰাইজৰ আন্তৰিক  সহযোগিতা তথা উপস্থিতি কামনা কৰিছে।

Leave A Reply