Breaking

বুনাসত্ৰত দৌল মহোৎসৱৰ শুভাৰম্ভ : ক’ৰোনা প্ৰতিৰোধৰ লক্ষ্যৰে আমদানি কৃত ফাকুৱা বৰ্জন

0 2,095

ৰঙিয়াৰ ঐতিহ্যমণ্ডিত বুণাসত্ৰ ,কেন্দুগুৰি পোৰাঢাপ ক্ষেত্ৰত আজিৰে পৰা অনুষ্ঠিত হৈছে ৬২ সংখ্যক  দৌল মহোৎসৱ । আজি পুৱাৰ ভাগত প্ৰভাত ফেৰীৰে শুভাৰম্ভ হোৱা মহোৎসৱৰ প্ৰাৰম্ভিক কাৰ্যসূচী হিচাবে নাম প্ৰসংগ ,ভাগৱত আনয়নৰ লগতে সন্ধিয়া মূখ্য দ্বাৰ উন্মোচন,বন্তি প্ৰজ্বলন,বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয় । নিশাৰ ভাগত সদৌ অসম ভিত্তিত আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । আনহাতে দৌল মহোৎসৱৰ লগত সংগতি ৰাখি পৰম্পৰাগত ভাবে অনুষ্ঠিত কৰিবলগীয়া হোলী উৎসৱ উপলক্ষে বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰি অহা ক’ৰোনা  ভাইৰাছ প্ৰতিৰোধৰ সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি ব্যাতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে  ।  মহোৎসৱ পৰিচালনা সমিতিৰ সভাপতি ৰাজেন ৰাজৱংশী আৰু যুটীয়া সম্পাদক বণজিৎ শালৈ,বিটোপন শালৈয়ে ক’ৰোনা ভাইৰাছৰ ক্ৰমবৰ্দ্ধিত ত্ৰাসৰ প্ৰতি লক্ষ্য আগত ৰাখি এইবেলি আমদানিকৃত ফাকুৱাৰ পৰিৱৰ্তে থলুৱা ভাবে ৰং বিৰঙৰ গছৰ গুটি , হালধিগুৰী আদিৰে ফাকুৱা প্ৰস্তুত কৰাৰ ব্যাতিক্ৰমী পদক্ষেপ হাতত লোৱাৰ কথা সদৰী কৰিছে । এই ক্ষেত্ৰত ধৰ্মপ্ৰান ৰাইজৰ সহযোগিতা কামনা কৰিছে আয়োজক সমিতিয়ে ।

Leave A Reply