Breaking

কেন্সাৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা বিস্ময়জনক পানীয়ৰ বিষয়ে জানক…

0 95

বিস্ময়জনক পানীয়

গাজৰ, আপেল আৰু আলুৰ সংমিশ্রণৰ পানীয়;  ই এবিধ বিস্ময়জনক পানীয়৷

আপুনি ইয়াৰ বাবে বাকলি গুচাই এটা আলু, এটা গাজৰ আৰু এটা আপেল মিক্সাৰ বা গ্রাইন্দাৰৰ জুইচাৰত ভৰাই ৰস উলিয়াই লগে লগে পি খাওক৷ জিভাৰ জুতিৰ বাবে অলপ নেমুৰ ৰস দি লব পাৰে৷ এইদৰে সদায় ৰাতিপুৱা খাওক৷ এই বিস্ময়জনক পানীয়ই আপোনাৰ বহু উপকাৰ কৰে৷

  1. কেন্সাৰ কোষ বৃদ্ধিত বাধা দিয়ে৷
  2. কিডনি, লিভাৰ, পেংক্রিয়াচৰ বেমাৰ নাশ কৰে আৰু আলচাৰ্ জাতীয় আন্ত্রিক ঘাঁ সোনকালে নিৰাময় কৰে৷
  3. শ্বাসতন্ত্র শক্তিশালী কৰে, হাৰ্ট এটাক আৰু উচ্চ ৰক্ত চাপত বাধা দিয়ে৷
  4. দেহৰ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷

  1. চকুৰ বাবে ভাল, চকু ৰঙা পৰা আৰু ভাগৰুৱা বা শুকান লগা নাইকিয়া কৰে৷
  2. দেহৰ অশুদ্ধি আঁতৰায়, কৌষ্টকাঠিন্য নাইকিয়া কৰে আৰে দেহা সুশ্রী কৰে৷
  3. কাম কৰোঁতে হোৱা গাৰ বিষ আৰু মাংসপেষীৰ বিষ নাইকিয়া কৰে৷
  4. বদহজমৰ বাবে হোৱা শ্বাস-প্রশ্বাসৰ বেয়া গোন্ধ আৰু ডিঙিৰ ইন্ফেক্চন নাইকিয়া কৰে৷
  5. কিছুমান মহিলাৰ ক্ষেত্ৰত দেখা দিয়া মাহেকীয়া ঋতুস্রাৱৰ বাবে হোৱা বিষ কমায়৷

ইয়াৰ কোনো চাইদ্ এফেক্ট নাই, উচ্চ গুণসম্পন্ন আৰু শৰীৰে সোনকালে গ্ৰহণ কৰে৷ আপোনাৰ অতিৰিক্ত ওজন কমোৱাৰ ক্ষেত্রত ই অতি ফলদায়ক৷ সদায় সময় মতে খালে আপুনি মন কৰিব আপোনাৰ দেহৰ প্রতিৰোধ ক্ষমতা দুসপ্তাহত উন্নত হৈছে৷ এটা কথা মন কৰিব যে পানীয় খিনি লগে লগে খাব লাগে৷

বিঃ দ্রঃ – ৰাতিপুৱাই খালী পেটত এই পানীয়খিনি পি খাওক আৰু তাৰ এঘণ্টাৰ পাছতহে ৰাতিপুৱাৰ আহাৰ খাওক৷ ফল সোনকালে পাবৰ বাবে দিনটোত দুবাৰ খাওক ৰাতিপুৱা আৰু আবেলি ৫ বজাৰ আগতে৷ যদি আপুনি ভাল ফল পায় আপোনাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱক ক’বলৈ নাপাহৰিব৷

Leave A Reply