Breaking

স্বাস্থ্য ৰক্ষাত পৱিত্ৰ তুলসীৰ বিষয়ে জানক…

0 22

অনাদি কালৰে পৰা ভাৰতীয় সভ্যতাক তুলসী গছক পৰম্পৰাগতভাৱে পৱিত্ৰ আৰু এখন গৃহস্থীৰ বাবে অপৰিহাৰ্য বুলি গণ্য কৰি অহা হৈছে-

পুৰাণত উল্লেখ থকা মতে সমুদ্ৰমস্থনৰ সময়ত দেৱলোকৰ চিকিৎসক ধন্বন্তৰীয়ে এহাতে অমৃতৰ পাত্ৰ লৈ সাগৰৰ পৰা আবিৰ্ভাৱ হোৱাৰ সময়ত আনন্দতে তেওঁৰ চকুৰ পৰা চকুপানী ওলায়।এই আনন্দাশ্ৰুৰ প্ৰথমটি টোপাল হাতত থকা অমৃতত পৰে আৰু তাৰ পৰাই তুলসী গছৰ জন্ম হয় বুলি প্ৰবাদ আছে।আমি অসমীয়াসকলেও প্ৰতিবছৰে কাতি বিহুৰ দিনাখন চোতালত তুলসী গছ ৰুই আহিছোঁহক।হিন্দু শাস্ত্ৰমতে ভগৱান বিষ্ণু আৰু শ্ৰীকৃষ্ণ,শ্ৰীৰাম আদি তেওঁৰ অৱতাৰসমুহ তথা হনুমান,বলৰাম,গডুৰ আদি পুৰিষ দেৱতাৰ পুজা-অৰ্চনাত তুলসী-পাত অপৰিহাৰ্য।ভাৰতীয় বিশ্বাসমতে ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীয়ে মৰতত তুলসী গছ হিচাপে জনম লৈছে আৰু সেয়ে তুলসী গছক শ্ৰীশ্ৰীলক্ষ্মীদেৱীৰ অৱতাৰ ৰুপে পুজা কৰা হয়।প্ৰাচীন আয়ুৰ্বেদ শাস্ত্ৰত তুলসীয়ে মানুহৰ জীৱনায়ুস বৃদ্ধি কৰে বুলি কোৱা হৈছে।‘চৰক সংহিতা’ত তুলসী গছৰ উল্লেখ আছে।

তুলসী গছৰ বৈজ্ঞানিক নাম ‘Ocimum tenuiflorum’ –

পৃথিৱীৰ প্ৰায়বোৰ অঞ্চলতে ইয়াক পোৱা যায়।

তুলসীত থকা কিছুমান ৰাসায়নিক উপাদান এনেধৰণৰ-Oleanolic Acid,Ursolic Acid,Rosmarinic Acid,Eugenol,Carvacrol,Linalool,Beta-Caryophyllene,Beta-Elemene,Germacrene.এই ৰাসায়নিক উপাদানসমুহে মানুহৰ শৰীৰতন্ত্ৰৰ বিভিন্ন ক্ৰিয়া-বিক্ৰিয়াত বিভিন্ন ধৰণে প্ৰভাৱ পেলাব পাৰে।অলিয়েন’লিক অম্ল(Oleanolic Acid) ই যকৃতক সুৰক্ষা দিয়াৰ উপৰি টিউমাৰ প্ৰতিৰোধী আৰু ভাইৰাছ প্ৰতিৰোধী গুণ থকাৰ কথা,বিশেষকৈ মাৰাত্মক এইচ আই ভি আৰু হেপাটাইটিছ চি ভাইৰাছ প্ৰতিৰোধী গুণ কিছু পৰিমাণে থকাৰ কথা পোহৰলৈ আহিছে।অৱশ্যে নিগনিৰ ক্ষেত্ৰত কৰা গৱেষণাত এইবিধ ৰাসায়নিকে মতা নিগনিৰ শুক্ৰাণু নিষ্ক্ৰিয় কৰাৰ কথা প্ৰমাণিত হৈছে।প্ৰাৰম্ভিক গৱেষণাৰ তথ্য মতে আৰ্ছ’লিক অম্ল (Ursolic Acid)ৰ কেঞ্চাৰ কোষৰ বৃদ্ধি ৰোধ কৰিব পৰাৰ ক্ষমতা আছে।শৰীৰৰ মাংসপেশী আৰু মুগা(Brown) চৰ্বিৰ পৰিমাণ বঢ়াই বগা চৰ্বি কমোৱাৰ ফলত ইয়াৰ দ্বাৰা মেদ বহুলতা ৰোধ কৰিব পৰাৰ সম্ভাৱনা আছে।তেজৰ অকামিলা বিকাৰগ্ৰস্ত ৰঙা ৰক্ত কণিকাসমুহ নিষ্কাশনতো ই সহায়ক বুলি কোৱা হৈছে।অৱশ্যে এইবিধ ৰাসায়নিক দ্ৰব্যৰ মানুহৰ শৰীৰৰ ওপৰত এতিয়াও পৰীক্ষা কৰা হোৱা নাই।তুলসীত থকা আন এবিধ ৰাসায়নিক দ্ৰব্য হ’ল ৰোজমেৰিনিক অম্ল (Rosmarinic Acid)।ইয়াৰ প্ৰতিজাৰক আৰু উদ্বিগ্নতানাশক গুণ প্ৰমাণিত হৈছে।

শৰীৰৰ বিভিন্ন বিক্ৰিয়াত জাৰণ ক্ষমতাসম্পন্ন মুক্ত ৰেডিকেল কিছুমানৰ উৎপত্তি হয়।মুক্ত ৰেডিকেলে শৰীৰ গঠনকাৰী কোষসমুহৰ ক্ষতি কৰে।ৰোজমেৰিনিক অম্লৰ প্ৰতিজাৰক গুণৰ ফলত এই মুক্তি ৰেডিকেলসমুহ নিষ্ক্ৰিয় হয় আৰু কোষবোৰ সম্ভাব্য ক্ষতিৰ পৰা ৰক্ষা পৰে,তেনেদৰে কোষৰ আয়ুস বৃদ্ধি হয়।আয়ুৰ্বেদত উল্লেখিত তুলসীৰ মানুহৰ জীৱনায়ুস বৰ্ধন কৰা গুণৰ বিজ্ঞানসন্মত ব্যাখ্যা আমি এনেদৰে পাওঁ।নিগনিৰ ওপৰত হোৱা পৰীক্ষাত এইবিধ ৰাসায়নিকৰ জাপানিজ এনকেফেলাইটিছ প্ৰতিৰোধ ক্ষমতাৰো উমান পোৱা গৈছে।ইউজিন’ল(Eugenol) আন এবিধ ৰাসায়নিক,যাৰ এণ্টিছেপ্টিক গুণ আছে।সুগন্ধি দ্ৰব্য প্ৰস্তুততো ইয়াক ব্যৱহৰ কৰা হয়।জিংক ধাতুৰ স’তে ইউজিন’ল লগ লগাই প্ৰস্তুত কৰা জিংক অক্সাইড ইউজিন’ল দন্ত চিকিৎসাত ব্যৱহাৰ হৈ আহিছে।এই ৰাসায়নিকবিধৰ অৱশ্যে মানৱ স্বাস্থ্যত বিৰুপ ক্ৰিয়াও নথকা নহয়।ই যকৃতৰ ক্ষতি কৰাৰ লগতে অধিক মাত্ৰাত সেৱন কৰিলে মুৰ্ছা যোৱা,পনীয়া শৌচ,বমি ভাব,বুকুৰ ধিপধিপনি আদি বিৰুপ ক্ৰিয়াৰ মুখামুখি হ’ব লাগিব পাৰে।তুলসীত থকা অইন এবিধ ৰাসায়নিক এ কিছুমান অনিষ্টকাৰী বেক্টেৰিয়াৰ বৃদ্ধি ৰোধ বা নিয়ন্ত্ৰণ কৰি কিছুমান ৰোগৰ পৰা আমাক সুৰক্ষা দিব পাৰে।কাৰ্ৱাক্ৰ’ল-এ নিয়ন্ত্ৰণ কৰিব পৰা এনে এবিধ বেক্টেৰিয়া হ’ল ‘ই ক’লাই’,যিয়ে গেষ্ট্ৰ’-এণ্টাৰাইটিছ,প্ৰস্ৰাৱ তন্ত্ৰৰ সংক্ৰমণ,নৱজাতকৰ মেনিনজাইটিছৰ দৰে মাৰাত্মক ৰোগ কৰিব পাৰে।এইবিধ ৰাসায়নিকে প্ৰতিৰোধ কৰিব পৰা অইন এবিধ বেক্টেৰিয়া হ’ল বেছিলাছ ছিৰিয়াছ,যিয়ে মানুহৰ খাদ্যৰ বিষক্ৰিয়া ঘটাব পাৰে।ইয়াৰ সুস্বাদু গুণো আছে।পিছত ব্যৱহাৰৰ বাবে সঞ্চয় কৰা বিভিন্ন খাদ্যবস্তুত সেয়ে কাৰ্ৱাক্ৰ’ল যোগ দিয়া হয়।কাৱাক্ৰ’লে নিয়ন্ত্ৰণ কৰিব পৰা অন্যতম বেক্টেৰিয়া ছিউড’ম’নাছ অৰুজিনোছা।এইবিধ বেক্টেৰিয়াই বিশেষকৈ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস হোৱা ব্যক্তিৰ ক্ষেত্ৰত শ্বাসতন্ত্ৰৰ সংক্ৰমণ,প্ৰস্ৰাৱতন্ত্ৰৰ সংক্ৰমণ,পোৰা আঘাত বা অন্য আঘাতৰ সংক্ৰমণ কৰাব পাৰে।ভাৰতীয় বিজ্ঞানী সুপ্ৰিয় ৱাডেকাৰৰ গৱেষণাৰ তথ্য মতে,পুৰুষৰ প্ৰ্ষ্টেট গ্ৰন্থিৰ কৰ্কট কোষৰ বিনাশত কাৰ্ৱাক্ৰ’লে সক্ৰিয় ভুমিকা গ্ৰহণ কৰিব পাৰে।ইয়াৰ পীড়ানাশক গুণৰ কথাও উল্লেখিত হৈছে।

লেখক:ডা: ৰমেন কুমাৰ কাকতি

Leave A Reply