Breaking

গৰমৰ বতৰত আমৰ ঔষধি গুণৰ বিষয়ে জানক…

0 21

আম ভাল নোপোৱা মানুহ পৃথিৱীত হয়তো এজনো নোলাব। তাতে এই গৰমৰ বতৰত আম নোখোৱাকৈ থকাৰ থকাৰ কথা জানো ভাবিব পাৰি ? জ্যুচৰ পৰা আৰম্ভ কৰি চালাড, আচাৰ, চাটনি, আইচক্ৰীম আদি না না ধৰণেৰে আমি খাই ভাল পাঁও।

আমৰ ঔষধি গুণ

পকা আম আমাৰ শৰীৰৰ বাবে বৰ উপকাৰী। পকা আম বীৰ্যবৰ্ধক, বায়ুনাশক, বলকাৰক, পুষ্টিকাৰক, তৃপ্তিজনক। উচ্চ ৰক্তচাপত পকা আমৰ ৰস দিনে একাপ এসপ্তাহ খালে উচ্চ ৰক্তচাপ নিয়মীয়া হয়। বহুমূত্ৰ ৰোগ, যক্ষ্মা ৰোগত ভোগা লোকে পকা আমৰ ৰস তিনি চামুচত এচামুচ মৌ মিহলাই খাব লাগে। দিনে এবাৰকৈ দহ দিন খাব লাগে।

আম পাতৰ ঔষধি গুণ

আমৰ দৰে ইয়াৰ গছৰ পাতৰোবিশেষ কেতবোৰ গুণাগুণ আছে। আম গছৰ পাতত ভিটামিন এ, বি, চিৰ লগতে আন শৰীৰৰ বাবে প্ৰয়োজনীয় উপাদান আছে। যিসকল লোকে চৰ্দি, এজমা আদি ৰোগত আক্ৰান্ত হৈ আছে সেইসকল লোকৰ বাবে আম গছৰ পাতৰ পাউদাৰ উপকাৰী হিচাপে বিবেচিত হৈছে।

মাংসৰ সৈতে আম

ৰন্ধাৰ আগতে মাংস মেৰিনেট কৰিবলৈ আম খুবেই ভাল। আমত থকা এনজাইম (enzyme)-এ আঁহযুক্ত মাংসক কোমল কৰাত সহায় কৰে।

Leave A Reply