Breaking

বিভিন্ন ফুলৰ ঔষধি গুণসমূহৰ বিষয়ে জানক…

0 46

তগৰ ফুল

  • পুৰণি ঘাঁ অথবা বিষ ফোহাত তগৰ ফুল বটি লেপ দিব লাগে।
  • ভয় ভয় ভাৱ হৈ থাকিলে বা মানসিক অশান্তিত তগৰ ফুলৰ চূৰ্ণ এচিকূট পুৱা গধুলি মৌৰে খাব লাগে।
  • মৃগী ৰোগত তগৰ ফুল পিহি ঠাণ্ডা পানীৰে মিলাই এমাহ খাব লাগে।
  • হিষ্টিৰিয়া ৰোগত তগৰ ফুল পিহি ঠাণ্ডা পানীৰে এমাহ খাব লাগে। অথবা তগৰ ফুলৰ চূৰ্ণ মৌৰে খাবও পাৰি।

চম্পা ফুল

  • ভৰিত খৰ হ’লে চম্পা ফুল বটি লগাই দিব লাগে।
  • ফোঁহা ওলালে শিপাৰ ছাল বটি দৈৰে মিলাই লগাই দিব লাগে।
  • গাঁঠি বিষত চম্পা ফুলৰ তেলেৰে মালিচ কৰিব লাগে।
  • পেট বিষত পাতৰ ৰস মৌৰে খালে বিষ ভাল হয়। চাৰি চামুচকৈ দুবাৰ খাব লাগে।
  • শৌচ কচা হ’লে শিপা থেটেলিয়াই পানীত উতলাই সেই পানী খালে শৌচ খোলোচা হয়।

গোলাপ ফুল

  • নাকশিৰা ৰোগত নাকেৰে তেজ ওলালে গোলাপ জলত ২০ টা কিচমিচ মিলাই খালে তেজ পৰা বন্ধ হয়।
  • ওঁঠ ফটা বা ক’লা পৰিলে গোলাপৰ পাহি পিহি তাত গ্লিচাৰিন মিলাই ৩/৪ বাৰকৈ ওঁঠত লগাব লাগে।
  • মুখৰ ভিতৰত ছাল ছিগা ৰোগত গোলাপ ফুলৰ ক্বাথেৰে মুখ কুলকুলিয়াব লাগে।
  • কানৰ বিষ হ’লে গোলাপ ফুলৰ ৰস ছেকি কানত দিলে ভাল হয়।
  • চকুৰ অসুখ হ’লে বা চকুৰ জ্যোতি বঢ়াবলৈ গোলাপ ফুলৰ ৰস ২ টোপ পুৱা সন্ধ্যা চকুৰ কোণত দিব লাগে।
  • শৰীৰৰ দুৰ্গন্ধ বা দুৰ্গন্ধযুক্ত ঘাম ওলালে ১ বাল্টি পানীত ১০ গ্ৰাম গোলাপ ফুল আৰু এটা নেমু চেপি সেই পানীৰে গা ধুব লাগে।
  • ৰাতি টোপনী নহা অনিদ্ৰা ৰোগত পানীত গোলাপ জল মিলাই গা ধুব লাগে আৰু গাৰুত গোলাপৰ সুগন্ধি(পাৰফিউম) ছটিয়াই শুব লাগে।
  • গৰমৰ বাবে হাত ভৰিৰ তলুৱা জ্বলা পোৰা কৰিলে গোলাপ ফুলৰ চৰবৎ বনাই খাব লাগে আৰু গোলাপ জলত চন্দন গুৰি মিহলাই হাত ভৰিৰ তলুৱাত লেপ দিব লাগে।
  • দাঁতেৰে তেজ পূঁজ ওলোৱা, মুখেৰে দুৰ্গন্ধ ওলোৱা ৰোগত গুলপীয়া ৰঙৰ গোলাপৰ পাহি মুখেৰে চোবাই থাকিব লাগে।
  • যকৃৎ/লিভাৰৰ দোষত বিষ হ’লে বুকুৰ ওপৰত গোলাপ ফুল বটি ভৰণ দিব লাগে।
  • শৌচ কঠিন হ’লে গোলাপ ফুলৰ ৰস খালে খোলা হয়।
  • বমি হ’লে গোলাপৰ কলিৰ চৰবৎ বনাই খাব লাগে।

পদুম ফুল

  • মূৰত গৰম উঠিলে পদুমৰ শিপা নাৰিকল তেলত উতলাই ঠাণ্ডা হ’লে মূৰত সানিব লাগে।
  • হৃদয় আৰু মস্তিষ্ক শক্তিশালী কৰিবলৈ হ’লে শিপাৰ চূৰ্ণ এচামুচকৈ মিচিৰি মিলাই খাব লাগে।
  • মুখৰ সৌন্দৰ্য বৃদ্ধি কৰবলৈ সদায় ৰাতি শুৱাৰ আগত পদুমৰ পাহি মিহিকৈ পিহি মুখমণ্ডলত মলমৰ দৰে সানি থ’ব লাগে।
  • বমি হ’লে পদুমৰ গুটিৰ ৰস খালে বন্ধ হয়।
  • হিক্কাত পদুমৰ গুটিৰ ৰস গৰম কৰি খাব লাগে।
  • পদুমৰ পাতৰ চাহ খালে বহুত বেমাৰৰ পৰা হাত সাৰিব পাৰি। যেনে:- নিম্ন ৰক্তচাপ, গেচ, এচিডিটি, লিভাৰৰ সমস্যা আদি। লিভাৰ শক্তিশালী আৰু সুৰক্ষিত কৰে।

অপৰাজিতাৰ গুণ

  • নীলা অপৰাজিতাৰ শিপাৰ চূৰ্ণ শুঙিলে সূৰুয কপালী ৰোগ আৰোগ্য হয়।
  • পেছাবত তেজ ওলালে বগা অপৰাজিতাৰ শিপা মিহিকৈ বটি দুচামোচ আধাকাপ পানীত গুলি খাব লাগে।
  • পেছাব অতি কমকৈ হ’লে বা বন্ধ হৈ গ’লে বগা অপৰাজিতাৰ শিপাৰ ৰস তিনি চামোচ দুবাৰকৈ খাব লাগে।
  • কটা ছিঙাত পাত মিহিকৈ বটি লেপ দিব লাগে।
  • কুকুৰে কামোৰিলে বগা অপৰাজিতাৰ শিপা ডেৰ ইঞ্চিমান পকা কলৰ ভিতৰত সুমুৱাই খালে খুউব পেছাব হয়। পেছাৱত বিষবোৰ ওলায়। পিছত গাখীৰত মিচিৰি গুলি খালে পেছাব নিয়মিয়া হয়।
  • গলৰ ভিতৰত ঘাঁ হ’লে বগা অপৰাজিতা গৰু গাখীৰৰ ঘিঁত ভাজি খাব লাগে। লগতে শিপাৰ ৰস আধা চামোচকৈ খাব লাগে।
  • চুলি পকিলে নীলা অপৰাজিতাৰ ৰস এড়ী তেলত মিলাই চুলিত সানিলে পকা ভাল হয়।
  • ধৱল কুষ্ঠ ৰোগত গাঢ় নীলা অপৰাজিতাৰ ফুল আৰু আঁহতৰ শিপা মিহিকৈ বটি লেপ দিব লাগে।।
  • গৰমত খুউব ঘাম ওলালে আৰু বহুত বেয়া দুৰ্গোন্ধ ওলালে অপৰাজিতাৰ পাতৰ ৰস আৰু আদাৰ ৰস দুচামোচকৈ মিলাই কিছুদিন খাব লাগে।
  • পেটত পানী জমা হৈ পেট ঢোলপেটীয়া হ’লে অপৰাজিতাৰ শিপাৰ ছাল বটি এচামোচকৈ খালে পেছাবেৰে পানী বাহিৰ হৈ যায়।
  • অপৰাজিতাৰ শিপাৰ ৰস নাকেৰে উজালে মূৰৰ বিষ ভাল হয়।

নাৰ্জী ফুল

  • কাণ বিষালে নাৰ্জী ফুলৰ পাতৰ ৰস তিনি টোপাল কাণত দিলে বিষ কমে।
  • চকু বিষালে পাত বটি চকুৰ পতাৰ ওপৰত ভৰণ দিব লাগে।
  • দাঁত বিষালে পাত পানীত উতলাই সেই পানীৰে মুখ কুলকুলিয়াব লাগে।
  • পেছাব বন্ধ হ’লে পাতৰ ৰসত মিচিৰি মিলাই দিনত তিনিবাৰ খালে পেছাব খোলে।
  • হাত ভৰি ফাটিলে পাতৰ ৰস অলপ ভেচলিনৰ লগত দিনে তিনিবাৰকৈ সানিব লাগে।
  • খৰ হ’লে ফুলৰ ৰস সানিব লাগে।
  • মোচোকা খালে আৰু ফুলি উঠিলে পাত ফুল শিপা বটি লেপ দিব লাগে।
Leave A Reply