Breaking

বন্যাৰ্তৰ খবৰ লবলৈ আহি ৰাইজৰ ৰোষত পৰিল বিধায়িকা নন্দিতা দাস

0 1,599

বন্যাৰ্তৰ খবৰ লবলৈ আহি ৰোষত পৰিল বিধায়িকা নন্দিতা দাস।নিজ সমষ্টিত বানৰ সময়ত নহয় বান যোৱাৰ পিছত বন্যাৰ্তৰ খবৰ লবলৈ আহিল বিধায়িকা নন্দিতা দাস। খালি হাতেৰে বন্যাৰ্তৰ খবৰ ল’বলৈ যোৱা বিধায়িকা গৰাকীক জবাবদিহি কৰিলে মন্দিৰা, মন্দিৰা এন চি গাঁৱৰ ৰাইজে।

আগন্তুক ভোটৰ সময়ত ভৰিত ধৰিলেও ভোট নিদিব নন্দিতা দাসক এনেদৰে ক্ষোভ উজাৰিলে এগৰাকী মহিলাই। ভয়ানক বানপানীৰ ফলত খাদ্য সংকটত পৰি নগৰবেৰাৰ মন্দিৰা, মালিবাৰী, গুইমাৰা অঞ্চলৰ লোক জুৰুলা হৈ পৰিছে। খাদ্য সংকটত পৰি বহ পশুধনৰো মৃত্যু পৰ্যন্ত ঘটিছে কিন্তু বানৰ সময়ত চৰকাৰ কিম্বা জনপ্ৰতিনিধিয়ে খৱৰ নোলোৱাত ক্ষোভিত হৈ পৰিছে বন্যাৰ্তই।

ভয়ানক বানৰ সময়ত সমষ্টিবাসীৰ খৱৰ নোলোৱা বিধায়িকা নন্দিতা দাসক ৰাইজে এনেদৰে কৰিলে জবাবদিহি।

নগৰবেৰাৰ পৰা আবুল হুছেইনৰ প্ৰতিবেদন

Leave A Reply