Breaking

গৰম দিনত আমাৰ মনলৈ অহা প্ৰথম ফল নেমু! নেমু পানী খোৱাৰ আছে বহু উপকাৰিতা…

0 27

নেমু পানী স্বাস্থ্যৰ বাবে অতি উপকাৰী। ওজন কমোৱাৰ বাবে নেমু অতি ফলপ্ৰসূ বুলি গণ্য কৰা হয়। ওজন হ্ৰাসৰ বাবে ৰাতিপুৱা খালী পেটত নেমুৰ পানী খোৱাৰ পৰামৰ্শ বিশেষজ্ঞৰ পৰা আৰম্ভ কৰি সাধাৰণ লোকেও দিয়ে। নেমুত থকা ভিটামিন চি এ আপোনাক বহু ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে।

আনহাতে ভাৰতত বিশেষকৈ মে’ আৰু জুন মাহত গৰমৰ ঢৌ সাধাৰণতে দেখা যায়। সেয়েহে সুষম খাদ্যাভ্যাস, প্ৰচুৰ পৰিমাণে পানী খোৱা, নেমুৰ ৰস সেৱন কৰি স্বাস্থ্যৰ যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ।

আনহাতে গৰমৰ দিনত শৰীৰটো ঠাণ্ডা কৰি ৰখাৰ উপৰিও এই নেমু ৰসৰ স্বাস্থ্যৰ আন আন উপকাৰো আছে।

গৰমত নেমুৰ ৰস খোৱাৰ উপকাৰৰ বিষয়ে জানো আহক-

দৈনিক এগিলাচ নেমুৰ ৰস সেৱন কৰিলে আপোনাৰ হজম শক্তি উন্নত হ’ব।

নেমুত ভিটামিন চি থাকে, যিয়ে আপোনাৰ হৃদৰোগ আৰু ষ্ট্ৰোকৰ সম্ভাৱনা কম কৰাত সহায় কৰে।

নেমুৰ পানীত পেক্টিন ফাইবাৰ থাকে, যিয়ে আপোনাক ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে।

ছালৰ বাবেও ভাল নেমু ৰস।

Leave A Reply