Breaking

তিতা কেৰেলাৰ উপকাৰিতাৰ বিষয়ে জানো আহক…

0 627

তিতা কেৰেলাত থকা পলিপেপ্টাইড-পি নামৰ ফাইটোনিউট্ৰিয়েণ্টে তেজৰ চুগাৰ হ্ৰাস কৰে৷ তিতা কেৰেলাত থকা ’চাৰটিন’ আৰু এবিধ লেক্টিনেও তেজৰ চুগাৰ কমায় ৷

তিতা কেৰেলাত থকা এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন-বি গোটে শৰীৰৰ বাবে বিপদজনক ফ্ৰি-ৰেডিকেল হ্ৰাস কৰে আৰু ফলত দেহত বয়সৰ ছাপ কমকৈ পৰে আৰু কৰ্কট ৰোগ প্ৰতিৰোধ কৰে৷ কেৰেলাৰ নিয়মীয়া সেৱনে প্ৰষ্টেট, বক্ষ, জৰায়ু আদিৰ কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে ৷

তেজৰ অপকাৰী কলেষ্টৰল কমাই শৰীৰক হৃদৰোগৰ পৰা সুৰক্ষা দিয়ে৷

তিতা কেৰেলাত থকা MAP-30 নামৰ এণ্টিভাইৰেল প্ৰটিনে এইচ আই ভিৰ পৰা শৰীৰক সুৰক্ষা দিয়ে৷

চৰ্মৰোগ চ’ৰিয়াচিচ আৰু একজিমাত তিতা কেৰেলা পিচি লগালে উপকৃত হয় ৷

সামান্য জালুকৰ সৈতে তিতা কেৰেলা মিহলাই খোৱালে বমি বন্ধ হয়৷

ভিটামিন-কে থকা বাবে তেজ গোট মৰা সঠিকভাবে হয় আৰু হাঁড় মজবুট হয়৷

চুলি অকালতে পকা ৰোধ কৰে৷ তিতা কেৰেলা পিচি মূৰত লগালে উফিৰ বিনাশ হয় আৰু চুলি সৰা বন্ধ হয়৷

মস্তিস্কৰ ক্ৰিয়াৰ উন্নতি ঘটায়৷ নিদ্ৰা আৰু দৃষ্টি শক্তিৰ উন্নতি কৰে৷

দূষিত তেজ আতৰাই বাত বিষৰ উপশম ঘটায়৷

হজমি শক্তি বঢ়ায় আৰু শৌচ খোলোচা কৰে৷

কৃমি পেলুৰ বিনাশ কৰে৷

Leave A Reply