Breaking

বন্ধাকবিৰ উপকাৰিতাৰ বিষয়ে জানো আহক…

0 230

ৰসায়নিক সাৰ আৰু কীটনাশক আদিয়ে বন্ধাকবিৰ বদনাম কৰিছে যদিও চিনাকী পাচলিবিধৰ আছে বহু উপকাৰিতা। বন্ধাকবি Brassica genus প্ৰজাতিৰ পাচলি। ব্ৰকলি, ফুলকবি, পালেং আদিও এই শ্ৰেণীৰ পাচলি।

সেউজীয়া বন্ধাকবিয়েই অধিক সুলভ যদিও ৰঙা, বেঙেনাৰঙী, নীলা সেউজীয়া আদি ৰঙৰ বন্ধাকবিও থাকে।

তলত ইয়াৰ কিছু উপকাৰিতা আগবঢ়োৱা হৈছে–

মেদবহুলতা ৰোধী

মেদবহুলতা কমাব খোজা লোকৰ বাবে বন্ধাকবি উপকাৰী। একাপ বন্ধাকবিত মাত্ৰ ২২ কেলৰিহে থাকে। সেয়ে পেট ভৰাই খালেও বন্ধাকবিৰ পৰা কেলৰিৰ আধিক্য ঘটাৰ সম্ভাৱনা কম।

বন্ধাকবিত বহু পৰিমাণে পানী থাকে আৰু ই দেহক হাইড্ৰেটেড কৰি ৰাখে।

দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক সবল কৰিব পাৰে

বন্ধাকবি ভিটামিন চিৰে ভৰপূৰ। এই ভিটামিনে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক সবল কৰিব পাৰে।

তাৰোপৰি ভিটামিন চিয়ে নন-হেম আইৰন দেহে শোষণ কৰাত সহায় কৰে। মাছ-মাংস বাদ দি শাক-পাচলি, ডাইল আদিত থকা আইৰণক হেম-আইৰন বোলা হয়।

ভিটামিন চি এটা শক্তিশালী এণ্টি-অক্সিডেণ্ট। ইয়াৰ কেন্সাৰ প্ৰতিৰোধী গুণ আছে।

Leave A Reply