Breaking

ৰোগ নিৰাময়ৰ অমৃত ফল শিলিখাৰ বিষয়ে সৱিশেষ জানো আহক…

0 354

শিলিখা বনৌষধি ফলৰ ভিতৰত আতাইতকৈ বেছি গুণসম্পন্ন ফল|সেয়হে এই ফল অমৃতৰ সমান বুলি কয়| এই শিলিখাই সকলো ৰোগ হৰি নিয়ে কাৰনে ইয়াৰ নাম হৰিতকি নামে জনাজাত|

শিলিখাৰ_ব্যৱহাৰ

শিলিখা চোবাই খালে হজম শক্তি আৰু ভোক বৃদ্ধি হয় |

শিলিখা পিহি খালে শৌচ খোলোচা হয় |

শিলিখা ভাজি খালে বায়ু পিত্ত,কফ নাশ হয় |

শিলিখা নিমখৰ লগত খালে কফ নাশ কৰে |

শিলিখা চেনিৰ লগত খালে পিত্ত ৰোগ নাশ কৰে

বৰ্ষা কালত শিলিখা নিমখৰ সৈতে খাব লাগে |

শৰৎ কালত চেনিৰ লগত খাব লাগে |

হেমন্ত কালত আদাৰ সৈতে খাব লাগে|

শীত কালত পিপলি গুৰিৰ সৈতে খাব লাগে |

বসন্ত কালত মৌৰ সৈতে খাব লাগে|

গ্ৰীষ্মকালত গুৰৰ সৈতে খাব লাগে |

ইয়াৰ উপৰিও কাহ,কেচুমুৰিয়া, ক্ৰিমী,মাত ভঙা, গ্ৰহণী, চুলিৰ সমস্যা ,ৰক্তহীনতা ইত্যাদি ৰোগৰ পথ্য শিলিখা |

Leave A Reply