Breaking

কিডনী ৰোগৰ পৰা ৰক্ষা পোৱাৰ কিটিপ জানো আহক…

0 127

ককালৰ ওপৰ অংশত দুয়োকাষে দুটা কিডনী অৱস্থিত। কিডনী দেখাত উৰহি গুটিটোৰ দৰে। সোফালৰ কিডনী বাওফালৰ কিডনীতকৈ সামান্য তলত , ডাঠ আৰু সৰু । তন্তুকোষৰে গঠিত খোলাৰ ভিতৰত কিডনী আৱদ্ধ হৈ থাকে। এজন প্ৰাপ্ত বয়সৰ ব্যক্তিৰ কিডনীৰ ওজন প্ৰায় ১৩০-১৫০ গ্ৰাম, ১০-১৩ ছে:মি: দীঘল আৰু প্ৰস্থ ৩-৪ছে:মি:। তেজ শোধন কৰাৰ বাবে কিডনীৰ ভিতৰত প্ৰায় ১০ লাখ নেফ্ৰণ থাকে। অতি সুক্ষ্ম কেশিকাৰে গঠন হোৱা জালিকা সদৃশ নলীকাবোৰক গ্লমেৰুলাৰ নেফ্ৰণ বোলা হয়। গ্লমেৰুলাৰ নেফ্ৰণ প্ৰকৃতাৰ্থত এখন ছেকনী ।

কিডনীৰ মূখ্য কাম

আমাৰ শৰীৰৰ ত থকা কিডনী দুটাৰ মূখ্য কাম তেজ শোধন কৰি শৰীৰৰ বিষাক্ত আৰু অলাগতিয়াল পদাৰ্থ সমূহ পেচাবৰ সৈতে বাহিৰ কৰি শৰীৰ সুস্থ সবল আৰু নিৰোগীকৰি ৰখা। আমাৰ শৰীৰত দুই তৃতীয়াংশ পানী থাকে আৰু এই পানীৰ ভাৰসাম্যতা কিডনীয়ে নিয়ন্ত্ৰণ কৰে। তাৰোপৰি তেজ শোধন কৰি তেজত থকা লৱনৰ গাঢ়তা নিয়ন্ত্ৰণ কৰি ৰাখে। শৰীৰৰ বৰ্জিত পদাৰ্থ আৰু অতিৰিক্ত লৱণ পেচাবৰ লগত বাহিৰ কৰে‌ । তেজত থকা ক্ষাৰ আৰু অম্লৰ মাজত বিক্ৰিয়া ঘটায় ক্ষাৰ আৰু অম্লৰ সমতুল্যতা নিয়ন্ত্ৰণ কৰে। প্ৰতি মিনিটত গ্লমেৰুলাৰ মাজেৰে একলিটাৰ তেজ প্ৰবাহিত হয় । এই প্ৰবাহিত একলিটাৰ তেজৰ আধা অংশ (৫০০মি:লি:) প্লাজমা। নানা প্ৰকাৰৰ লৱণ,গ্লুক’জ আৰু সূক্ষ্ম কণিকাৰে প্লাজমা গঠিত হয় । প্ৰতি মিনিটত নেফ্ৰণৰ মাজেৰে প্ৰবাহিত এক লিটাৰ তেজৰ প্ৰায় ১০০ মি:লি:তেজহে শোধন হয় । এইদৰে কিডনীয়ে প্ৰতিমূহুৰ্তত তেজ শোধন কৰি থকা বাবে আমি জীয়াই থাকিবলৈ সক্ষম হৈছো। সেয়েহে আমি সদায় কিডনী সুস্থ সবল কৰি ৰাখিব লাগিব। অন্যথা তেজ তথা শৰীৰত দূষিত পদাৰ্থ বৃদ্ধি হলে মৃত্যু ।নিবাৰ্য্য। সেয়েহে কিডনী সুস্থ সবল কৰি ৰখাৰ কেটামান উপায় তলত উল্লেখ কৰা হল ।

(১) জধেমধে বিষনাশক ঔষধ নাখাব। বিষনাশক ঔষধে কিডনী ক্ষতিসাধন কৰে। Gatritic ৰ PPI ঔষধ যেনে পেন্টোপ্ৰাজল আৰু ৰবি প্ৰাজল বেছিদিন খালেও কিডনী ফেইলাৰকে আদি কৰি বিভিন্ন কিডনী ৰোগ হয়। ফাৰ্মাছীৰ ঔষধ বিক্ৰেতাৰ পৰামৰ্শ অনুসৰি ঔষধ নাখাব

(২) মাদক দ্ৰব্য বৰ্জন কৰিব। আজিকালি ভেজাল মাদকদ্ৰব্যৰ কাৰণেও কিডনী বিকল হয়।

(৩) চালানী মাছ ফৰ্মেলডিহাইদ দি সং‌ৰক্ষন কৰা হয়। সেয়েহে চালানী মাছ খালে কিডনীৰ অপকাৰ হোৱাৰ উপৰিও কেঞ্চাৰ পৰ্যন্ত হয়।

(৪) বিলাহী , ফুলকবি, উৰহি, বেঙেনা আদি পাচলিত বহুত বেছি ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰে‌ ।এই ধৰণৰ পাচলি খালে কিডনীৰ ক্ষতি হয় । অৱশ্যে নিমখ পানীত কেবাঘন্টা ডুবাই ৰাখি খালে অপকাৰ কমকৈ হয় ।ৰঙালাও বহুতৰ প্ৰিয় পাচলি , সেইবুলি সদায় ৰঙালাও নাখাব। ৰঙালাওত পিউৰিণ নামৰ এবিধ পদাৰ্থ থাকে আৰু তেজত পিউৰিণ মাত্ৰা বাঢ়িলে কিডনিৰ ক্ষতি কৰে।

(৫) চীনা বাদাম, ক’লা আঙুৰ , বীট, তিয়হ , পালেঙ শাকত কেলচিয়াম থাকে বাবে বেছিকৈ নাখাব‌ । ৰঙালাওত পিউৰিণৰ পৰিমাণ বেছি থাকে বাবে কমকৈ খাব , অন্যথা পিউৰিণৰ কাৰণে বাতৰক্ত বা গাউট নামৰ বিষ বেমাৰৰ উপৰিও কিডনী ৰোগ হব

Leave A Reply