Breaking

শীতকালত হাৰ্ট এটেক বৃদ্ধি হোৱাৰ কাৰণ সমূহ জানো আহক…

0 140

শীতকালত হাৰ্ত এটেকৰ সম্ভাৱনাও বাঢ়ে। ইস্কিমিক হাৰ্ট ডিজিজৰ চূড়ান্ত পৰ্যায়ৰ নাম হ’ল হাৰ্ট এটেক। ধমনীৰ কোনো অংশত চৰ্বি জমা হৈ সুৰুঙা ঠেক হৈ পৰাৰ ফলত তেজৰ চালচল ব্যাহত হয় আৰু হৃদযন্ত্ৰত যন্ত্ৰণা অনুভূত হয়। এই অৱস্থা বাঢ়ি গৈ চূড়ান্ত পৰ্যায়লৈ গ’লে অৰ্থাৎ ধমনী প্ৰায় বন্ধ হৈ যোৱা অৱস্থালৈ আহিলে মানুহৰ হাৰ্ট এটেকৰ সম্ভাৱনাই দেখা দিয়ে।

শীতকালত হাৰ্ট এটেক বৃদ্ধি হোৱাৰ নিৰ্দিষ্ট কিছুমান কাৰণ আছে। যি সকলৰ শৰীৰত ইতিমধ্যে কিছুমান ‘ৰিক্স ফেক্টৰ’ তৈয়াৰ হৈছে, তেনে লোকৰহে হাৰ্ট এটেকৰ সম্ভাৱনা থাকে। ‘ৰিক্স ফেক্টৰ’ বুলিলে ডায়েবেটিচ, হাই ব্লাডপ্ৰেচাৰ, মেদবহুলতা, ধুমপান আৰু মানসিক চাপ আদিক বুজায়। প্ৰথমতে এই সময়ত ৰক্তচাপ সকলোৰে কিছু বাঢ়ে। যি সকল উচ্চ ৰক্তচাপৰ ৰোগী, তেওঁলোকৰ বাবে ই চিন্তাৰ কাৰণ হব পাৰে। তাৰ পিছত শ্বাস নলীৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধিৰ ফলতো হৃদৰোগী সকলৰ উশাহ-নিশাহৰ কষ্ট বাঢ়ে আৰু এইটোৱে হৃদযন্ত্ৰৰ বাবে ভয়ংকৰ হৈ উঠিব পাৰে। তাৰোপৰি শীতকালত তেজৰ অনুচক্ৰিকাৰ গোট মৰাৰ প্ৰবণতা বাঢ়ে আৰু শীতৰ বাবে তেজৰ ঘনত্বও কিছু বাঢ়ে। এই সকলোবোৰেই হৃদৰোগীৰ বাবে বিপদ সংকেত হৈ উঠিব পাৰে।

কম বয়সীয়া লোকৰ হাৰ্ট এটেক হ’ব পাৰে নেকি?

ভাৰত, পাকিস্তান আৰু বাংলাদেশ – এই তিনিও খন দেশ গোটেই পৃথিৱীৰ ভিতৰত হাৰ্ট এটেকৰ ক্ষেত্ৰত অগ্ৰগণ্য। এই তিনিও খন দেশতে অল্প বয়সীয়া সকলৰো হাৰ্ট এটেক বেছিকৈ হয় আৰু দুৰ্ভাগ্য জনক ভাৱে মৃত্যুৰ হাৰো বেছি। হাই কলেষ্ট্ৰৰেল থকা এশ জন ৰোগীৰ ভিতৰত অন্ততঃ পোন্ধৰ জনৰ বয়স ২০-৩০ বছৰৰ ভিতৰত। ইয়াৰ বহুতৰে তেজত ট্ৰাইগ্লিচাৰইডৰ পৰিমাণো আশংকা জনক ভাৱে অধিক। ইয়াৰ কাৰণ বিভিন্ন ধৰণৰ হব পাৰে। বংশগত কাৰণৰ উপৰিও ক্ৰুটিপূৰ্ণ জীৱন চৰ্যা অন্যতম। হাৰ্ট এটেকৰ ঘটনা গ্ৰামাঞ্চলতকৈ চহৰাঞ্চলত বেছি হোৱাৰ কাৰণো এনে লোকৰ ক্ৰুটি পূৰ্ণ জীৱন শৈলী। গ্ৰামাঞ্চলত এনে ঘটনা শতকৰা ৪ ভাগ আৰু চহৰাঞ্চলত শতকৰা ১১-১২ ভাগ। ফাষ্ট ফুট আৰু চৰ্বি জাতীয় খাদ্যৰ প্ৰতি আসক্তি, পৰিশ্ৰম বিমুখিতা, মেদ আৰু ওজন বৃদ্ধিৰ বাবে কলেষ্ট্ৰেৰল বৃদ্ধি পোৱা আদি চহৰীয়া জীৱনৰ সাধাৰণ ছবি হৈ পৰিছে। এফালে শাৰীৰিক শ্ৰম হীনতা, অন্যফালে স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক মুখৰোচক খাদ্য গ্ৰহণৰ প্ৰবণতা, এই দুটা কৰণৰ বাবে দেখা দিয়ে মেটাব্লিক ছিনড্ৰম বা ছিনড্ৰম এক্স। যাৰ ফলত শৰীৰৰ মধ্য অংশত চৰ্বি বাঢ়ি যায়। তেজত শৰ্কৰাৰ পৰিমাণো বৃদ্ধি পায়। ব্যক্তি বিশেষে চৰ্বি জাতীয় খাদ্য পদাৰ্থ বেছিকৈ খোৱাৰ লগতে ধুমপান কৰাৰো অধিক প্ৰবণতা থাকে আৰু এই বিলাক অভ্যাসে হৃদৰোগ আৰু উচ্চ ৰক্তচাপৰ কাৰক হৈ উঠে। তাৰোপৰি কমবয়সীয়া লোকৰ হাৰ্ট এটেকৰ ঘটনা বৃদ্ধি পোৱাৰ এটা কাৰণ হ’ল ষ্ট্ৰেছ। মেধাবী ছাত্ৰ-ছাত্ৰী সকল অসম্ভৱ ষ্ট্ৰেছৰ মাজত থাকে। এন ল’ৰা-ছোৱালীয়ে পড়্ঘা-শুনা শেষ কৰাৰ পিছত ভাল চাকৰি হয়তো কৰে কিন্ত এনে চাকৰি জীৱী সকল অত্যধিকি টেনচনত থাকে। শাৰীৰিক পৰিশ্ৰম নহয়, ব্যায়াম কৰাৰ সময় নাপায়, খোৱা-বোৱাত চকু নিদিয়াৰ ফলত্ হৃদ জনিত ৰোগত ভোগে। সুস্থ হৈ থাকিবলৈ হ’লে এনে ধৰণৰ জীৱন চৰ্যাৰ পৰা মুক্ত হোৱাটো অতি দৰকাৰী।

সৰু শিশুৰ ক্ষেত্ৰত ৰিউমেটিক হাৰ্ট ডিজিজ শীত কালত ভ্যানক হৈ উঠিব পাৰে। যিহেতু ঠাণ্ডাত শিশু সকল সহজে চৰ্দি-কাহত আক্ৰান্ত হয়, সেয়ে শ্বাসনলী, হাওঁফাওঁ সংক্ৰমিত হৈ দুৰ্বল ৰিউমেটিক হাৰ্টৰ বাবে মাৰাত্মক ক্ষতিকৰ হৈ উঠিব পাৰে। তাৰোপৰি হাৰ্টৰ ভালভৰ সমস্যা থকা শিশুৰো এই সময়ত সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে। যি সকল শিশুৰ হাৰ্টৰ কাৰ্যক্ষমতা কম আৰু চিকিৎসাধীন অৱস্থাত থাকে এই সময়ত তেনে শিশুৰ হাৰ্ট এটেকৰ সম্ভাৱনা কিছু বেছি হয়।

হাৰ্ট এটেক প্ৰতিৰোধ কি দৰে কৰিব

আমি সচেতন হ’লেই হাৰ্ট এটেক প্ৰতিৰোধ কৰিব পাৰো। এই ক্ষেত্ৰত প্ৰতিৰোধ মূলক ব্যৱস্থা হিচাপে নিম্ন লিখিত প্ৰসঙ্গবোৰ মনত ৰখা দৰকাৰ।

খোৱা-বোৱা

খাদ্য দ্ৰব্যৰ ভিতৰত প্ৰথমেই উল্লেখ কৰিব পাৰি চিগাৰেটৰ কথা। চিগাৰেট খোৱাটো সকলো সময়তে ক্ষতিকাৰক। কিছুমানে ইয়াৰ সপক্ষে যুক্তি দি কয় যে দিনে মাত্ৰ দুটা বা তিনিটা চিগাৰেটহে খায়; তাতকৈ বেছি নহয়।  কিন্ত দুটা খোৱা বা দহটা খোৱাৰ পৰিণতিৰ মাজত বিশেষ পাৰ্থক্য নাথাকে। মাত্ৰ ক্ষতিৰ মাত্ৰাৰ বা সময়ৰহে কিছু তাৰতম্য হয়। সেয়ে দিনে দুটা খালেও হাৰ্ট এটেকৰ সম্ভাৱনা থাকি যায়।

সমীক্ষাৰ পৰা জনা গৈছে যে, সামান্য পৰিমাণে এলেকহল খালে হৃদযন্ত্ৰ ভালে থাকে। কিন্ত এই কথাটো মূৰত সোমাই নোলোৱাটোৱে ভাল। কাৰণ দেখা যায়, যি সকলে এলকহল খায়, তেওঁলোকে প্ৰায়ে পৰিমাণৰ মাত্ৰা পাৰ হৈ যায় আৰু অপৰিমিত মদ্যপানৰ পৰিমাণ মাৰাত্মক। অৰ্থাৎ এনে লোকে নীৰৱে হাৰ্ট এটেকক আমন্ত্ৰণ জনায়।

খাদ্যৰ ভিতৰত তেল, চৰ্বি জাতীয় খাদ্য, মাখন, চিজ, ঘিউ – যিমান দূৰ সম্ভৱ কমকৈ খোৱা ভাল। পঠাৰ মাংস খোৱা অনুচিত। প্ৰয়োজনত মুৰ্গীৰ মাংস খাব পাৰি। কিন্ত সেয়াও নিয়মিত হোৱা অনুচিত। কণী সপ্তাহত দুদিনতকৈ বেছি নহয়। মাছ খোৱাটো ভাল। প্ৰতিদিনৰ খাদ্য তালিকাত সৰু আৰু টাটকা মাছ ৰখা দৰকাৰ। কিন্ত ডাঙৰ মাছ উপকাৰী নহয়। শাক-পাচলি, ফল-মূল বেছিকৈ খোৱা ভাল। পৰিমিত প্ৰ’টিন, বিভিন্ন ধৰণৰ ভিটামিন, কাৰ্বোহাইড্ৰেট আৰু চৰ্বি জাতীয় খাদ্য-সকলো লগ লগাই খাদ্য তালিকাত সুষম আৰু ভাৰসাম্য যুক্ত হোৱা দৰকাৰ।

হঠাৎ হাৰ্ট এটেক হ’লে কি কৰিব

হাৰ্ট এটেকৰ বিষ গেচ জনিত বিষৰ দৰে প্ৰায় একে হোৱাৰ বাবে প্ৰাৰম্ভিক অৱস্থাত কিছু দোমোজাত পৰা যায়। যি সকলৰ কেতিয়াও গেচ বা বদহজম আদি নহয় আৰু ব্লাডচুগাৰ, কলেষ্ট্ৰেৰেল, হাই ব্লাড প্ৰেচাৰ আৰু মেদবহুলতা বা শৰীৰৰ ওজন বৃদ্ধিৰ দৰে ‘ৰিস্ক ফেক্টৰ’ থাকে, তেনে লোকে এনে ধৰণৰ বিষ হ’লে সতৰ্ক হোৱা প্ৰয়োজন। ঘৰৰ মানুহে আপদকালীন ব্যৱস্থা হিচাপে ৩২৫ এম জি এচপিৰিণ টেবলেট খুৱাই ততালিকে ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰাব লাগে। অৱশ্যে এচপিৰিণ দিতাৰ আগতে ব্লাড প্ৰেচাৰ জুখি লোৱাৰ দৰকাৰ। ৰক্তচাপ স্বাভাৱিক থাকিলেহে এচপিৰিণ দিব লাগে। বুকুত প্ৰচণ্ড বিষ হ’লে জিভাৰ তলত চৰবিট্ৰেট টেবলেট দি চিকিৎসালয়লৈ লৈ যাব লাগে। অকলশৰীয়া অৱস্থাত ৰাস্তাই ঘাটে যদি বুকুত প্ৰচণ্ড বিষ হত, তেন্তে লগে লগে বহি পৰক আৰু অইন লোকক সাহাৰ্য্যৰ বাবে মাতক। অইনৰ সহায়ত চিকিৎসালয়ত ভৰ্তি হওক। নিজে খোজকাঢ়ি যাবলৈ চেষ্টা নকৰিব।

লেখক: ডাঃ ৰঞ্জন বৰুৱা

Leave A Reply