Breaking

গুৰৰ বিশেষ ঔষধি গুণসমূহ জানো আহক…

0 127

অসমীয়া সমাজত খাদ্যসামগ্ৰী হিচাপে গুড় প্ৰয়োগৰ এক পুৰণি পৰম্পৰা আছে । চেনিৰ বিকল্প হিচাপে চাহৰ উপৰিও বিভিন্ন ধৰণৰ জা-জলপান,পিঠা-পনা আদিত ইয়াৰ প্ৰয়োগ ঘটাই খাদ্যসামগ্ৰীৰ সোৱাদ বৃদ্ধি কৰা হয় । সাধাৰণতে গ্ৰামাঞ্চলত গুড়ৰ প্ৰয়োগ বেছি হয়,যদিও আজিকালি স্বাস্থ্যবৰ্ধক গুণাগুণেৰে সমৃদ্ধ হোৱাৰ বাবে চহৰাঞ্চলৰ লোকেও খাদ্য হিচাপে গুড়ৰ ওপৰত বিশেষ গুৰুত্ব দিয়া দেখা গৈছে।

গুড়ৰ বিশেষ গুণাগুণ :
¤ গুড় কুঁহিয়াৰৰ পৰা প্ৰাকৃতিকভাৱে তৈয়াৰ কৰা হয় আৰু ইয়াৰ প্ৰস্তুতকৰণ প্ৰণালীত কোনো ধৰণৰ ৰাসায়নিক পদাৰ্থৰ প্ৰয়োগ নঘটে, যাৰ দ্বাৰা ই নিজৰ মূল গুণ নেহেৰুৱায় আৰু খনিজ লৱণৰ দৰে পোষক পদাৰ্থৰে সংযুক্ত হৈ থাকে । অৱশ্যে গুড়ৰ ৰং চাফা কৰাৰ সময়ত ছালফাৰ আদি ৰাসায়নিক পদাৰ্থৰ প্ৰয়োগ ঘটিবও পাৰে । সেয়ে গুড় ক্ৰয় কৰাৰ সময়ত ইয়াৰ বিশুদ্ধতাৰ ওপৰত লক্ষ্য ৰখা উচিত । দেশীয়ভাৱে প্ৰস্তুত কৰা বিশুদ্ধ গুড় অলপ ডাঠ ৰঙৰ হয় ।
¤ গুড়ত চুক্ৰজ আৰু গ্লুকজ পোৱা যায়,যি শৰীৰ সঞ্চালিত কৰিবলৈ আৱশ্যকীয় খনিজ পদাৰ্থ তথা খাদ্যপ্ৰাণৰ এক ভাল উৎস । চেলেনিয়ামৰ লগতে এণ্টি অক্সিডেণ্ট হিচাপেও গুড়ৰ এক বিশেষ ভূমিকা আছে ।
¤ গুড়ত মেগনেছিয়াম যথেষ্ট পৰিমাণে পোৱা যায়,যি শৰীৰৰ মাংসপেশী,স্নায়ুআৰু ৰক্তবাহিকাবিলাকৰ অৱসাদ দূৰ কৰে ।


¤ নিয়মীয়া আহাৰ গ্ৰহণ কৰাৰ পাছত অকণমান গুড় খাব পাৰিলে শৰীৰৰ পাচন প্ৰক্ৰিয়া সুগম হৈ পৰে ।
¤ ৰক্তহীনতা ৰোগত ভুক্তভোগী ব্যক্তিসকলৰ বাবে গুড় বিশেষভাৱে উপকাৰী । ই শৰীৰত কমি যোৱা হিমগ্লবিমৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে ।
¤ গুড়ে কাহ, হাপানী, অজীৰ্ণ, মাইগ্ৰেন তথা ইয়াৰ দৰে অনেক স্বাস্থ্যজনিত সমস্যাৰ লগত যুঁজিবলৈ সহায় কৰে । শাৰীৰিক দূৰ্বলতাৰ সময়ত ই সোনকালে শক্তি প্ৰদান কৰে ।
¤ উপৰোক্ত গুণাগুণসমূহৰ উপৰিও গুড়ে উচ্চ বায়ু প্ৰদূষণযুক্ত এলেকাত থকা ব্যক্তিসকলক এনে প্ৰদূষণৰ দ্বাৰা হব পৰা স্বাস্থ্যজনিত সমস্যাৰ লগত যুঁজিবলৈ শক্তি প্ৰদান কৰে । এনেস্থলত গুড়ক খাদ্যসামগ্ৰীতকৈএক বহোপযোগী ঔষধৰ স্থানহে দিব পাৰি ।

Leave A Reply