Breaking

শীতকালত ছালৰ যতনৰ ক্ষেত্ৰত ফলৰ ভূমিকা কি জানো আহক…

0 69

গৰম দিনতকৈ শীতকালত ছালৰ সমস্যাই অধিক হোৱা দেখা যায়৷ শীতকালত আমাৰ ছালখন অধিক ৰুক্ষ হৈ পৰে৷ এনেকুৱা বহুতো ফল আছে, যাৰ ব্যৱহাৰৰ দ্বাৰা শীতকালত আমাৰ ছালখনৰ যতন ল’ব পাৰোঁ৷
(১) আপেল : দিনত এটাকৈ আপেল খালে ছালৰ উজ্জ্বলতা বৃদ্ধি পায় লগতে আপেলৰ ৰস মুখত লগাই ১০ মিনিটমান পাছত ধুই দিব লাগে৷


(২) গাজৰ : গাজৰত প্ৰচুৰ পৰিমাণে বিটা কেৰ’টিন, ভিটামিন-চি থাকে আৰু ইয়াত এণ্টিঅক্সিডেণ্ট পোৱা যায়৷ যিয়ে মুখত বয়সৰ চাপ পৰাত বাধা দিয়ে৷ এটা গাজৰ ৰুকি লৈ তাত অকণমান মৌ মিহলাই ছালত লগালে ছালৰ উজ্জ্বলতা বৃদ্ধি পায় ৷


(৩) বিট : বিটৰ ৰস উলিয়াই মুখত লগালে মুখৰ দাগ নাইকিয়া হয়৷ কাৰণ তাত ভিটামিন আৰু মিনাৰেল পোৱা যায়৷ যিয়ে মুখৰ উজ্জ্বলতা বৃদ্ধিত সহায় কৰে৷
(৪) কল : কলত প্ৰচুৰ পৰিমাণে পটেচিয়াম থাকে, যিয়ে ছালখন মসৃণ কৰে ৷


(৫) ষ্ট্ৰবেৰি : ষ্ট্ৰবেৰিত প্ৰচুৰ পৰিমাণে আলফা হাইড্ৰক্সিল এচিড পোৱা যায়, যিয়ে ছালৰ মৰা কোষ আঁতৰোৱাত সহায় কৰে৷ ইয়াত থকা ভিটামিন-চিয়ে মুখত পৰা ৰিংকল দূৰ কৰাত সহায় কৰে৷ ইয়াৰ বাবে কক’পাউডাৰ, মৌ আৰু ষ্ট্ৰবেৰি একেলগে মিহলাই সানিব লাগে৷
(৬) কমলা : কমলাত প্ৰচুৰ পৰিমাণে ভিটামিন-চি আৰু এণ্টিঅক্সিডেণ্ট পোৱা যায়, যিয়ে ছালখনৰ উজ্জ্বলতা বঢ়ায়৷

Leave A Reply