Breaking

কি ভিটামিনৰ অভাৱত অলপ কাম কৰিলে‌‌ই ক্লান্ত অনুভৱ হয় জানো আহক…

0 83

শৰীৰৰ ভিতৰৰ পৰা সুস্থ ৰখাত যিবোৰ উপাদানে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে, সেইবোৰত ভিটামিন  বি১২ থকা অপৰিহার্য । পৰিসংখ্যা অনুযায়ী, প্রায় ৪৭ শতাংশ লোকে এই ভিটামিনৰ অভাৱত ভুগিছে । নিৰামিষ খাদ্যত ভিটামিন বি১২-ৰ পৰিমাণ কম থাকে । ফলত যিসকল নিৰামিষভোজী, তেওঁলোকে এই ভিটামিনৰ অভাৱত ভোগাৰ শংকা থাকে ।

ভিটামিন, ফাইবাৰ, মিনাৰেলছ — শৰীৰৰ প্রতিটো উপাদানই অতি গুৰুত্বপূর্ণ । এটাৰ অভাৱ ঘটা মানেই নানা ধৰণৰ শাৰীৰিক সমস্যা দেখা দিয়া । শৰীৰত ভিটামিন বি১২-ৰ নাটনি হ’লে এনিমিয়া, ডায়ৰিয়া, কোষ্ঠকাঠিন্যৰ দৰে সমস্যা দেখা দিয়ে । বিৰক্তিও তাৰেই এক কাৰণ ।

চিকিৎসকৰ মতে, ভিটামিন বি১২-ৰ অভাৱত বিষণ্ণতা, বিৰক্তি, স্মৃতিশক্তি লোপ পোৱাৰ দৰে সমস্যা দেখা দিয়ে ।

‘নেছনেল হেলথ ছার্ভিচ’ অনুযায়ী, শৰীৰত এই ভিটামিনৰ অভাৱ ঘটিলে মূৰ ঘূৰণি, মূৰৰ বিষ, হৃদ্‌স্পন্দন বাঢ়ি যোৱাৰ দৰে সমস্যা বৃদ্ধি পায় । সেয়ে ভিটামিন বি১২ অধিক পৰিমাণে থকা খাদ্য বেছিকৈ খোৱা জৰুৰী ।

মাছ-মাংসত অপেক্ষাকৃতভাৱে অধিক পৰিমাণ ভিটামিন বি১২ পোৱা যায় । কণী, কাঠফুলা, বিভিন্ন ধৰণৰ মাংস, সামুদ্রিক মাছৰ দৰে খাদ্য ভিটামিন বি১২ সমৃদ্ধ উৎস । অৱশ্যে কম পৰিমাণে পোৱা গ’লেও নিৰামিষ খাদ্যতো কিন্তু ভিটামিন বি-১২ পাব পাৰে ।

Leave A Reply