Breaking

পানী কেতিয়া , কিয় আৰু কিমান পৰিমাণৰ খাব লাগে জানো আহক…

0 2,774

আমাৰ শৰীৰত যিকোনো কামৰ বাবে নিতান্তই প্ৰয়োজনীয় এক উপাদান হ’ল পানী। এজন ব্যক্তিয়ে বহু সময় খাদ্য নোখোৱাকৈ থাকিব পাৰিলেও কিন্তু পানীৰ অবিহনে দীঘলীয়া সময় ধৰি জীয়াই থকাটো সম্ভৱ নহয়। উল্লেখ্য যে মানৱ শৰীৰৰ প্ৰায় ৭৫% পানীৰে গঠিত ।

পানী শৰীৰৰ বাবে অতি আৱশ্যক হোৱাৰ বাবেই, এই পানী খোৱাৰ নিয়ম পালন কৰা অতি আৱশ্যক।  দৈনিক কিমান পানী খাব লাগিব, আৰু কেনেকৈ খাব লাগিব কোন সময়ত আৰু কিমান খাব লাগিব এই সকলোবোৰ কথা জনাৰ অতি প্ৰয়োজন।

উল্লেখযোগ্য যে পানী খোৱাৰ নিয়ম নজনাৰ বাবেই শৰীৰত গাঁঠিৰ বিষ, কুষ্ঠ কাঠিন্য ,চুলি সৰা ,ছাল শুকাই যোৱা , শৰীৰৰ ওজন বৃদ্ধি হোৱা , শৰীৰ দূৰ্বল অনুভৱ কৰা ,মুখত কলা দাগ ,কিডনী সমন্ধীয় বেমাৰ, গেছ আদি বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়ে।

দৈনিক পানী খোৱাৰ মাত্ৰা প্ৰতি জন ব্যক্তিৰ আকাৰ, ওজন আৰু কাৰ্য প্ৰণালীৰ ওপৰত নিৰ্ভৰ কৰে। দৈনিক শৰীৰৰ পৰা ২ ৰ পৰা ৩ লিটাৰ পানী বিভিন্ন প্ৰকাৰে  বাহিৰ হৈ থাকে। গতিকে এজন সুস্থ ব্যক্তিয়ে দিনে ২.৫ ৰ পৰা ৩.৫ লিটাৰ পানী খোৱা উচিত। আনহাতে মহিলাসকলে দিনে ২ ৰ পৰা ৩ লিটাৰ পানী খোৱাটো শৰীৰৰ বাবে যথেষ্ট উপকাৰী। গৰমৰ দিনত এই পানীৰ পৰিমাণ বঢ়াই দিয়া উচিত।

কিন্তু প্ৰয়োজনতকৈ অধিক পৰিমাণে পানী খালে কিডনীৰ বাবে ই হানিকাৰক হ’ব পাৰে । গতিকে প্ৰত্যেকজন লোকেই কেতিয়া আৰু কিমান পৰিমাণৰ পানী খাব লাগে সেই কথা জনাৰ দৰকাৰ।পূৱা শুই উঠাৰ পাছত চাহ আৰু কফিৰ পৰিৰ্ৱতে পানীৰে দিনটো আৰম্ভ কৰা উচিত। পিয়াহ নালাগিলেও সদায় পূৱা উঠি ১ ৰ পৰা ২ গিলাছ অৰ্থ্যাৎ ৫০০ মিলি লিটাৰ পানী খোৱাৰ দৰকাৰ। খালী পেটত পানী খালে পেট ভালদৰে পৰিষ্কাৰ হয়।

এজন সুস্থ মানুহে দিনটোত ২.৫ ৰ পৰা ৩ লিটাৰ পানী খোৱা উচিত। ইয়াৰ বাবে  পুৱা ২ গিলাছ অৰ্থাৎ ৫০০ মিলি লিটাৰ, ১ গিলাছ পূৱা আহাৰ খোৱাৰ পাছত,  ১ গিলাছকৈ দিনটো খাদ্য খোৱা ৪০ মিনিটৰ আগত আৰু ৪০ মিনিটৰ পাছত আৰু ২ গিলাছ পানী গধূলিৰ সময়ত ১ ঘন্টাৰ মূৰে মূৰে খাব লাগে।

আনহাতে ৰাতি খাদ্য খোৱা ৪০ মিনিট আগত ১ গিলাছ আৰু ৪০ মিনিটৰ পিছত ১ গিলাছ পানী খাব লাগে। দৈনিক শাৰীৰিক ব্যায়াম কৰা, দিনটো বাহিৰত ঘুৰি ফুৰা আৰু কষ্টকৰ  শাৰীৰিক কাম কৰা লোকে কামৰ মাজে মাজে আধা গিলাছকৈ ২ গিলাছ পানী নিশ্চিত ভাৱে খোৱা উচিত।

Leave A Reply