Breaking

সৰিয়হৰ তেলৰ কিছুমান উপকাৰী গুণৰ বিষয়ে জানো আহক…

0 58

সৰিয়হৰ তেলৰ কিছুমান উপকাৰী গুণ –

*শুকান ছালৰ বাবে উপকাৰী:

সৰিয়হৰ তেল সেৱনে আপোনাৰ স্বাস্থ্য ভালে ৰখাৰ লগতে আপোনাৰ ছালখনো মসৃণ কৰি ৰখাত সহায় কৰে। সৰিয়হৰ তেলত ভিটামিন ‘ই’ পৰ্যাপ্ত মাত্ৰাত পোৱা যায়। শীতকালত বহু লোকৰ ছাল শুকাই যায় আৰু ছালখন দেখাত ফপৰীয়া খৈ পৰে। এনে অৱস্থা হ’লে বজাৰত কিনিবলৈ পোৱা যিকোনো দামী ছালৰ ক্ৰীম সানি শুকান ছাল মালিচ কৰা দেখা যায়। কিন্তু এনেধৰণৰ ক্ৰীম ব্যৱহাৰ কৰাতকৈ যদি নিয়মীয়াকৈ ছালখন খাঁটি সৰিয়হৰ তেলেৰে মালিচ কৰে আৰু যদি মিঠাতেল খাই থাকে, তেনেহ’লে আপোনাৰ ছালে পৰ্যাপ্ত পুষ্টি দ্ৰব্য লাভ কৰিব আৰু শীত কালতো ছালখন মসৃণ আৰু পূৰঠ হৈ পৰিব। সৰিয়হৰ তেলৰ নিয়মীয়া ব্যৱহাৰে আপোনাৰ ছালৰ সৌন্দৰ্য চিৰদিন অটুট ৰখাত সহায় কৰে।

*পানীলগা জ্বৰ আদিও নিৰাময় কৰে:

যদি শীত কাল আৰম্ভ হোৱাৰ লগে লগে আপোনাৰ পানী লাগে বা পানীলগা জ্বৰ বা কাহ আদি হয়, তেনেহ’লে সৰিয়হ তেলৰ ব্যৱহাৰে আপোনাক যথেষ্ট সকাহ দিব। অলপ ঠাণ্ডা লাগিলেই পানীলগাৰ দৰে সমস্যাই দেখা দিলে আপুনি এচামুচ সৰিয়হৰ তেলত দুই-তিনি ফোটা থেতালি লোৱা নহৰু দি উতলাই লওক। অলপ ঠাণ্ডা হ’লে ৰাতি শোৱাৰ আগতে নাকৰ দুয়োটা ফুটাত দুটোপালকৈ দিয়ক। এই ব্যৱস্থা ল’লে আপোনাৰ নাক বন্ধ হোৱাৰ সমস্যা দূৰ হ’ব আৰু পিছদিনা পুৱা পানীলগা আমনিৰ পৰা মুক্তি পাব। এই ব্যৱস্থা একেৰাহে দুই-তিনি দিন ল’লে আগৰে পৰা হৈ থকা পুৰণি পানীলগা অসুখো নিৰাময় হ’ব।

*শৰীৰৰ ওজন কমোৱাত মিঠাতেল:

সৰিয়হৰ তেলত থিয়ামাইন, ফ’লেট আৰু নিয়াচিন পোৱা যায়। এই তিনিওবিধ উপাদানে শৰীৰৰ বিপাক ক্ৰিয়া(জৈৱ ৰাসায়নিক প্ৰক্ৰিয়া) বৃদ্ধি কৰাত সহায় কৰে। এই তিনিওবিধ উপাদান মিঠাতেল সেৱনৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰিলে শৰীৰৰ বৰ্ধিত ওজনো হ্ৰাস কৰে।

*বিষ-যন্ত্ৰণা নাশক:

যদি কোনো লোকৰ শৰীৰৰ অস্থিসন্ধিত(হাড়ৰ গাঁঠি) বিষ থাকে, তেনেহ’লে সৰিয়হৰ তেলেৰে মালিচ কৰি থাকিলে গাঁঠিৰ বিষৰ পৰা উপশম পোৱা যায়। আঁঠু, কিলাকুটি বা কঁকালৰ বিষত ভাল মিঠাতেল গৰম কৰি অকণমান ঠাণ্ডা হোৱাৰ পিছত সেই তেলেৰে মালিচ কৰিলে বিষ-যন্ত্ৰণা কিছু কমি যায় আৰু ৰোগীয়ে আৰাম পায়। লগে লগে সৰিয়হৰ তেলেৰে প্ৰস্তুত কৰা খাদ্য খুৱাই থাকিলে ৰোগীয়ে শৰীৰৰ আভ্যন্তৰীণ বিষ-যন্ত্ৰণা কমকৈ অনুভৱ কৰে।

*ভোক বৃদ্ধি কৰে:

আপোনাৰ যদি প্ৰায়ে ভোক নলগা হোৱা সমস্যা আছে, তেনেহ’লে আপুনি কিছুদিনৰ ভিতৰতে শৰীৰৰ দুৰ্বলতা অনুভৱ কৰিব। এনে অৱস্থাত আপুনি সৰিয়হৰ তেল খোৱাৰ প্ৰতি মনোযোগ দিয়ক। খাদ্যৰ লগত সৰিয়হৰ তেল খাই থাকিলে ই মানুহৰ ভোক বৃদ্ধি কৰিব আৰু ভোক নলগাৰ কাৰকবোৰ নষ্ট কৰি খাদ্যৰ প্ৰতি ৰুচি বঢ়াব। খাদ্য খাবলৈ মন গ’লেই শৰীৰৰ দুৰ্বলতা নাইকিয়া হ’ব। শিশুসকলৰ এনেকুৱা অৱস্থা হ’লে ভাল গুনগত মানদণ্ডৰ মিঠাতেল আহাৰৰ লগত মিহলাই দিলে খাবলৈ মন যাব আৰু স্বাস্থ্যও ভাল হৈ উঠিব।

*হাঁপানি নিৰাময় কৰিব:

শীত কালত সাধাৰণতে হাঁপানি ৰোগীৰ ৰোগ যন্ত্ৰণা তীব্ৰতৰ হোৱা দেখা যায়। শৰীৰত ঠাণ্ডা লাগিলে হাঁপানি ৰোগীৰ উশাহ-নিশাহ লোৱাত কষ্ট বেছি হয়। এনে অৱস্থাত ৰোগীক সৰিয়হৰ তেল ব্যৱহাৰ কৰিবলৈ দিব লাগে। সৰিয়হৰ তেলত পৰ্যাপ্ত মাত্ৰাত মেগনেচিয়াম পোৱা যায়। মেগনেচিয়ামযুক্ত মিঠাতেল সেৱন কৰিলে বা মিঠাতেলত ভজা খাদ্য ব্যৱহাৰ কৰিলে হাঁপানি ৰোগীৰ ৰোগৰ প্ৰকোপ কম হয়ি। শ্বাস-প্ৰশ্বাসৰ ৰোগত মিঠাতেল ব্যৱহাৰ কৰিলে ৰোগীয়ে যথেষ্ট আৰাম পায়।

*দাঁতৰ বিষত মিঠাতেলৰ ব্যৱহাৰ:

যদি আপোনাৰ দাঁতত ‘কেভিটি’(গাঁত) বা দাঁতৰ আলুত পায়োৰিয়া হৈছে, তেনেহ’লে যিকোনো সময়তে দাঁতৰ বিষ হ’ব পাৰে। এনে অৱস্থা হ’লে মিঠাতেল ব্যৱহাৰ কৰিলে আপুনি বিষ-যন্ত্ৰণাৰ পৰা উপশম পাব পাৰে। এচামুচ নিমখত কেইটোপালমান মিঠাতেল দি সেই নিমখেৰে বিষাই থকা দাঁতৰ গুৰিৰ আলু পাতলকৈ মালিচ কৰি থাকিব লাগে। মালিচ কৰাৰ দহ মিনিটমান পিছত পানীৰে কুলকুলি কৰি মুখ ধুই পেলাব। বিষ নাইকিয়া হ’ব আৰু দাঁতো মজবুত হ’ব।

*ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াওক:

সৰিয়হৰ তেলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ কাম কৰে। শৰীৰৰ আভ্যন্তৰীণ দুৰ্বলতা দূৰ কৰাৰ কাৰণে নিয়মীয়াকৈ সৰিয়হৰ তেল সেৱন কৰাৰ ব্যৱস্থা কৰক। মাজে সময়ে শৰীৰটো মিঠাতেলেৰে মালিচ কৰাটোও শৰীৰৰ বাবে উপকাৰী হ’ব পাৰে। বিশেষভাৱে শীতকালত পুৱাৰ ভাগতে মিঠাতেলেৰে গাটো মালিচ কৰি পুৱাৰ ৰ’দ লগালে শৰীৰ ভিটামিন ‘ডি’ উৎপাদন কৰি ল’ব পাৰে। বিশেষভাৱে শৈশৱ কালত মিঠাতেলৰ মালিচে শিশুক স্বাস্থ্যবান কৰি তুলিব পাৰে।

লেখিকা: দীপিকা ৰাজখোৱা

Leave A Reply