Breaking

 সুস্বাস্থ্যৰ বাবে ব্যায়াম কিমান প্ৰয়োজন জানো আহক…

0 129

স্বাস্থ্য-সচেতন হ’লে জীৱনশৈলীজনিত ৰোগবোৰৰ পৰা হাত সাৰি থাকিব পাৰি।ঘৰুৱাভাৱে ব্যায়াম,যোগাসন,খোজ কঢ়া,চাইকেল চলোৱা বা সাঁতোৰাৰ জৰিয়তে স্বাস্থ্যৰ যতন ল’ব পাৰি।এনেধৰণেৰে স্বাস্থ্যৰ যত্ন ল’লে কোনো যন্ত্ৰৰ প্ৰয়োজন নহয়।আনহাতে স্বাস্থ্যৰ যত্ন লোৱাৰ কোনো নিৰ্দিষ্ট বয়সনাই।যদিহে আপোনাৰ বয়স ৭০ বছৰ আৰু আপুনি এতিয়া অনুভৱ কৰিছে যে স্বাস্থ্যৰ যত্ন লোৱা উচিত,তেনেহ’লে তাৰ বাবে আপুনি আগবাঢ়িব পাৰে।কেৱল এজন চিকিৎসকৰ দ্বাৰা আপুনি কি ধৰণৰ ব্যায়াম বা স্বাস্থ্যৰ যত্ন ল’ব বিচাৰিছে সেই বিষয়ে জনাই পৰামৰ্শ গ্ৰহণ কৰি ল’ব।সকলো বয়সতে সকলো ব্যায়াম উপযোগী নহ’বও পাৰে।সাধাৰণতে সকলো বয়সৰ মানুহে খোজ কাঢ়িব পাৰে।আৰম্ভণিতে কম সময়ত খোজ কঢ়াৰ অভ্যাস কৰি পিছলৈ সময়ৰ পৰিমাণ বঢ়াই যাব।এই কথাও জনা উচিত যে স্বাস্থ্যৰ যতন ল’লেই স্বাস্থ্যৰ অস্বাভাৱিক পৰিৱৰ্তন নহয়।চকুত পৰাকৈ স্বাস্থ্যৰ পৰিৱৰ্তন হ’বলৈ কমেও ছমাহ সময় লাগে।স্বাস্থ্যৰ যতন ল’লে মনটো ভালে থাকে আৰু মানসিক চাপ হ্ৰাস পায়।

যদিহে আপোনাৰ বয়সে ৪০ ৰ ডেওনা পাৰ কৰিছে,তেন্তে আপোনাৰ স্বাস্থ্যৰ যত্ন লোৱাৰ উপযুক্ত সময় আহি পৰিছে।স্বাস্থ্যৰ যতন লওঁতে খাদ্যাভ্যাসৰো কিছু পৰিৱৰ্তন কৰা উচিত।ঘৰৰ চোতালত কিছুমান ব্যায়াম সহজতে কৰিব পাৰি।তেনে কিছু ব্যায়াম ছবিত দেখুওৱা হৈছে।প্ৰথমে লাহে লাহেকৈ কৰি পিছলৈ ইয়াৰ পৰিমাণ বঢ়াই যাব।এনেধৰণৰ ব্যায়াম এফালে দহবাৰ কৰিব।এবাৰ কৰি দুই ছেকেণ্ডৰ কাৰণে জিৰণি ল’ব।এইধৰণৰ ব্যায়াম নিয়মীয়াকৈ কৰিলে পেশী সবল হোৱাৰ লগতে দেহাটো আটিল হ’ব।শৰীৰৰ অতিৰিক্ত চৰ্বি কিছু পৰিমাণে হ্ৰাস পাব।বয়স বাঢ়ি যোৱাৰ লগে লগে মানুহৰ শৰীৰলৈ জঠৰতা আহে।সেয়ে কাৰ্ডিঅ’ ব্যায়াম কৰাটো জৰুৰী।কাৰ্ডিঅ’ ব্যায়াম কৰোতে আঁঠুৰ বিষ নাথাকিলে জঁপিয়াবও পাৰে।জঁপিয়াওঁতে টান মজিয়াত জাঁপ নামাৰিব।এযোৰ ভাল ধৰণৰ জোতা পিন্ধি ঘাঁহনি বা মজিয়াত এখন কাৰ্পেট পাৰি জঁপিয়াব পাৰিলে ভাল।

বহুতে ব্যায়াম আৰম্ভ কৰোতে শৰীৰৰ ওজনৰ মাপ লয়।আৰু সেই মাপ সপ্তাহৰ মুৰে মুৰে পৰীক্ষা কৰে।এনে কৰা অনুচিত।শৰীৰৰ ওজনৰ মাপ লোৱাতকৈ এডাল ফিতাৰে শৰীৰৰ জোখ লওক।এই জোখ পুনৰ এমাহৰ পিছতহে মাপ কৰিব।আপুনি যদি শৰীৰৰ সক্ৰিয়তা বৃদ্ধি কৰিছে আৰু আহাৰৰ ক্ষেত্ৰতো চৰ্বিযুক্ত আহাৰ পৰিত্যাগ কৰিছে তেনেহ’লে নিশ্চিতভাৱে এমাহত তাৰ প্ৰমাণ পাব।ম্নত ৰাখিব কেৱল চৰ্বি আহাৰহে কমাব লাগিব,আহাৰৰ প্ৰ’টিনৰ পৰিমাণ নকমাব।অতি বেছিও শৰীৰৰ বাবে ক্ষতিকাৰক।ইয়াৰ লগতে ফল-মুল আৰু শাক-পাচলি যথেষ্ট পৰিমাণে গ্ৰহণ কৰিব।

প্ৰতিদিনে যথেষ্ট পৰিমাণৰ পানী গ্ৰহণ কৰক।ছবিত দেখুওৱাৰ দৰে ভৰি দুখনৰ কাৰণে এই ব্যায়াম কৰিব পাৰে।সকলোৰে ঘৰত ডাম্বেল নাথাকিব পাৰে।তেওঁলোকে এক লিটাৰ পানীৰ বটলত বালি ভৰাই তাত সামান্য পানী মিহলাই ওজন বৃদ্ধি কৰি এই বটল দুটা ডাম্বেলৰ দৰে ব্যৱহাৰ কৰিব পাৰে।

পেটৰ চৰ্বি কমাবৰ বাবে ছবিত দেখুওৱাৰ দৰে ছিট-আপৰ ব্যায়াম কৰিব।ভৰি দুখন চকী বা বিছনাৰ তলত সুমুৱাই লৈ মজিয়াত শুই লৈ এই ছিট-আপৰ অভ্যাস কৰিব।সদায় একেধৰণৰ অভ্যাস নকৰিব।কেতিয়াবা বেঁকাকৈ আৰু কেতিয়াবা পোনকৈ এই অভ্যাস কৰিব।আমাৰ শৰীৰত পেশী গঠনৰ বাবে সাধাৰণতে ৩৬ ঘণ্টাৰ প্ৰয়োজন হয়।সেয়ে যিকোনো এটা অভ্যাস কৰোতে সেই পেশীখিনি ৩৬ ঘণ্টাৰ বিৰতিৰ প্ৰয়োজন হয়।আপুনি নিজৰ পচন্দ মতে কোনদিনা কেনেধৰণৰ ছিট-আপৰ অভ্যাস কৰিব তাৰ এখন ৰুটিন বনাই ল’ব।সেই ৰুটিন মতে ছিট-আপৰ অভ্যাস কৰিলে পেটৰ চৰ্বি বহুখিনি হ্ৰাস পাব।

Leave A Reply