Breaking

মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ পত্ৰ

0 192

মোৰ প্ৰিয় ভাৰতবাসী,

আজিৰ পৰা এবছৰ পূৰ্বে ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসত এক নতুন স্বৰ্ণীল অধ্যায় সংযোজিত হৈছিল ৷ দেশত বহু দশকৰ পিছত পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে কোনো এখন চৰকাৰক দ্বিতীয়বাৰলৈ জনসাধাৰণে দায়িত্ব অৰ্পণ কৰিছিল ৷ এই অধ্যায় ৰচনা কৰাত আপোনালোকে বৃহৎ ভূমিকা পালন কৰিছে ৷ সেইবাবে আজিৰ দিনটোত আপোনালোকক প্ৰণাম জনোৱাৰ, ভাৰত আৰু ভাৰতীয় গণতন্ত্ৰৰ প্ৰতি আপোনালোকৰ নিষ্ঠাক সেৱা জনোৱাৰ মোৰ বাবে এক সুযোগ ৷

যদি পৰিস্থিতি সাধাৰণ হ’লহেঁতেন তেন্তে মই আপোনালোকৰ মাজলৈ গৈ আপোনালোকক দৰ্শন কৰাৰ সৌভাগ্য লাভ কৰিলোহেঁতেন ৷ কিন্তু বিশ্বজনীন মহামাৰী ক’ৰোনাৰ বাবে যি পৰিস্থিতিৰ সৃষ্টি হ’ল, সেই পৰিস্থিতিত মই এই পত্ৰৰ দ্বাৰা আপোনালোকৰ চৰণত আশীৰ্বাদ গ্ৰহণ কৰিবলৈ আহিছো৷

বিগত বৰ্ষসমূহত আপোনালোকৰ স্নেহ, শুভাশীষ আৰু আপোনালোকৰ সক্ৰিয় সহযোগে মোক নিৰন্তৰ নতুন শক্তি, নতুন প্ৰেৰণা প্ৰদান কৰি আহিছে ৷ এই সময়ছোৱাত আপোনালোকে গণতন্ত্ৰৰ যি সামূহিক শক্তি প্ৰদৰ্শন কৰিছে, সেয়া সমগ্ৰ বিশ্বৰ বাবে আৰ্হি হিচাপে বিবেচিত হৈছে ৷ ২০১৪ বৰ্ষত আপোনালোকে, দেশৰ জনসাধাৰণে, দেশত এক বৃহৎ পৰিৱৰ্তনৰ বাবে ভোটদান কৰিছিল ৷ দেশৰ নীতি পৰিৱৰ্তন কৰাৰ বাবে ভোটদান কৰিছিল ৷ সেই পাঁচ বছৰত দেশে ব্যৱস্থাসমূহক  জড়তা আৰু ভ্ৰষ্টাচাৰৰ পৰা মুক্ত হোৱা প্ৰত্যক্ষ কৰিছে ৷ সেই পাঁচ বছৰত দেশে অন্ত্যোদয়ৰ ভাৱনাৰ সৈতে দৰিদ্ৰসকলৰ জীৱন সহজ কৰি তোলাৰ শাসন পদ্ধতি পৰিৱৰ্তিত হোৱা প্ৰত্যক্ষ কৰিছে ৷ সেই কাৰ্যকালত বিশ্ব দৰবাৰত ভাৰতৰ সন্মান বৃদ্ধি হৈছে আৰু লগতে আমি দৰিদ্ৰসকলৰ বেংকৰ একাউণ্ট মুকলি কৰি, তেওঁলোকক বিনামূলীয়া গেছৰ সংযোগ প্ৰদান কৰি, বিনামূলীয়া বিদ্যুতৰ সংযোগ প্ৰদান কৰি, শৌচালয় নিৰ্মাণ কৰি, ঘৰ নিৰ্মাণ কৰি দুখীয়াৰ গৰিমা বৃদ্ধি কৰিছো ৷ সেই কাৰ্যকালত ছাৰ্জিকেল ষ্ট্ৰাইক হৈছে, এয়াৰ ষ্ট্ৰাইক হৈছে, লগতে আমি এক পদ এক পেঞ্চন, এক ৰাষ্ট্ৰ এক কৰ-জিএছটি, কৃষকৰ এমএছপি বৃদ্ধিৰ বৰ্ষপুৰণি দাবীও পূৰণ কৰাৰ কাম কৰিছো ৷ সেই কাৰ্যকালত দেশে অনেক আৱশ্যকীয় কাৰ্যসমূহ পূৰণ হোৱা দেখিবলৈ পাইছে ৷

২০১৯ বৰ্ষতো আপোনালোকৰ আশীৰ্বাদ, দেশৰ জনসাধাৰণৰ আশীৰ্বাদ, দেশৰ বৃহৎ সপোনৰ বাবে আছিল, আশা-আকাংক্ষা পূৰণৰ বাবে আছিল ৷ আৰু এই এবছৰত গ্ৰহণ কৰা সিদ্ধান্তসমূহ সেই বৃহৎ সপোনৰ বাস্তৱ ৰূপহিচাবে বিবেচিত হৈছে ৷

আজি জনসাধাৰণৰ সৈতে জড়িত জন-মনৰ জনশক্তি, ৰাষ্ট্ৰশক্তিৰ চেতনাক প্ৰজ্বলিত কৰি তোলাহৈছে। বিগত এটা বৰ্ষত দেশে বহু নতুন স্বপ্ন দেখিছে, নতুন সংকল্প গ্ৰহণ কৰিছে আৰু সেই সংকল্পৰ সিদ্ধিৰ বাবে নিৰন্তৰে নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰাহৈছে।

ভাৰতৰ এই ঐতিহাসিক যাত্ৰাত দেশৰ প্ৰতিখন সমাজ, প্ৰতিটো বৰ্গ আৰু প্ৰতিজন ব্যক্তিয়ে সুন্দৰভাৱে নিজৰ দায়িত্ব পালন কৰিছে৷ ‘সকলোৰে সৈতে, সকলোৰে বিকাশ, সকলোৰে বিশ্বাস’ এই মন্ত্ৰৰ সৈতে আজি দেশে সামাজিক, আৰ্থিক, বিশ্বজনীন অথবা অন্তৰ্দেশীয়, সকলো দিশতে আগবাঢ়িছে ৷

প্ৰিয় ভাৰতবাসী,

বিগত এটা বৰ্ষত কিছুমান সিদ্ধান্ত অধিক চৰ্চালৈ আহিছে আৰু তাৰবাবে সেই উপলব্ধিসমূহৰ সোঁৱৰণ হোৱাটো অতিশয় স্বাভাৱিক ৷ ৰাষ্ট্ৰীয় একতা-অখণ্ডতাৰ বাবে অনুচ্ছেদ ৩৭০ৰ কথাই হওক, শতিকাপুৰণি সংঘৰ্ষৰ সুখদায়ক পৰিণাম-ৰাম মন্দিৰ নিৰ্মাণৰ কথাই হওক, আধুনিক সমাজ ব্যৱস্থাৰ প্ৰতিবন্ধক তিনি তালাকৰ কথাই হওক, অথবা ভাৰতৰ কৰুণাৰ প্ৰতীক নাগৰিকত্ব সংশোধনী আইনেই হওক, এই সকলোবোৰ উপলব্ধি আপোনালোকৰ নিশ্চয় মনত আছে ৷   

এটাৰ পিছত এটাকৈ হোৱা ঐতিহাসিক নিৰ্ণয়ৰ মাজত অনেক সিদ্ধান্ত, অনেক পৰিৱৰ্তন, এনেকুৱাও আছিল যিয়ে ভাৰতৰ বিকাশক নতুন গতি প্ৰদান কৰিছে, নতুন লক্ষ্য প্ৰদান কৰিছে, জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিছে ৷  চীফ অব্ ডিফেন্স ষ্টাফ পদৰ সৃষ্টিৰ দ্বাৰা সেনাবাহিনীৰ সমন্বয় বৃদ্ধি কৰিছে, গগণযান অভিযানৰ বাবেও ভাৰতৰ প্ৰস্তুতি দ্ৰুত কৰি তুলিছে ৷ ইয়াৰ মাজতে দৰিদ্ৰ, কৃষক, মহিলা, যুৱসমাজক সৱলীকৃত কৰি তোলাটো আমাৰ প্ৰাথমিকতা হিচাপে বিবেচিত হৈছে ৷

এতিয়া প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত দেশৰ সমগ্ৰ কৃষকক সামৰি লোৱা হৈছে ৷ বিগত এটা বৰ্ষত এই যোজনাৰ অধীনত ৯ কোটি ৫০ লাখতকৈও অধিক কৃষকৰ একাউণ্টত ৭২ হাজাৰকোটিতকৈও অধিক টকা জমা  হৈছে৷ দেশৰ ১৫ কোটিতকৈও অধিক গাঁৱৰ ঘৰসমূহত খোৱা পানীৰ পাইপ সংযোগৰ বাবে জলজীৱন অভিযান আৰম্ভ কৰা হৈছে ৷ আমাৰ ৫০ কোটিতকৈও অধিক পশুধনৰ উন্নত স্বাস্থ্যৰ বাবে বিনামূলীয়া টীকাকৰণৰ এক বৃহৎ অভিযান চলোৱা হৈছে ৷ দেশৰ ইতিহাসতো এয়া প্ৰথমবাৰলৈ সংঘটিত হৈছে যে কৃষক, কৃষি শ্ৰমিক, ক্ষুদ্ৰ দোকানী আৰু অসংগঠিত খণ্ডৰ শ্ৰমিক বন্ধুসকলৰ বাবে ৬০ বছৰ বয়সৰ পিছত ৩ হাজাৰ টকাৰ নিয়মিত মাহিলী পেঞ্চনৰ সুবিধা সুনিশ্চিত কৰা হৈছে ৷ মাছমৰীয়াসকলৰ সুবিধাৰ বাবে নীলা অৰ্থনীতি সুদৃঢ় কৰাৰ বাবে বিশেষ যোজনাসমূহৰ সৈতে পৃথকে বিভাগো প্ৰস্তুত কৰা হৈছে ৷ এই দৰে ব্যৱসায়ীসকলৰ সমস্যা সময়মতে সমাধানৰ বাবে ব্যৱসায়ী কল্যাণ ব’ৰ্ড গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷  আত্মসহায়ক গোটসমূহৰ সৈতে জড়িত প্ৰায় ৭ কোটি ভগ্নীকো এতিয়া অধিক বিত্তীয় সাহায্য প্ৰদানৰব্যৱস্থাকৰা হৈছে ৷ অলপতে আত্মসহায়ক গোটসমূহৰ বাবে বিনা গেৰাণ্টীৰ ঋণ ১০ লাখৰ পৰা বৃদ্ধি কৰি দুগুণ অৰ্থাৎ ২০ লাখ টকা কৰা হৈছে ৷ আদিবাসী সন্তানসকলৰ শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখি দেশত ৪৫০তকৈও অধিক একলব্য মডেল আৱাসিক বিদ্যালয়ৰ নিৰ্মাণৰ অভিযান আৰম্ভ কৰা হৈছে৷ আমাৰ সাংসদসকলে নিজৰ কামৰ দ্বাৰা দশক পুৰণি অভিলেখ ভংগ কৰিছে ৷

ইয়াৰ পৰিণামস্বৰূপেই গ্ৰাহক সুৰক্ষা আইনেই হওক, চিটফাণ্ড আইনৰ সংশোধনেই হওক, দিব্যাংগ, মহিলা তথা শিশুসকলক অধিক সুৰক্ষা প্ৰদান কৰা আইনেই হওক, এই সকলোবোৰ দ্ৰুত গতিত সম্পন্ন হ’বলৈ ধৰিছে ৷ চৰকাৰৰ নীতি আৰু সিদ্ধান্তৰ ফলত চহৰ আৰু গাঁৱৰ ব্যৱধান হ্ৰাস হৈছে ৷ প্ৰথমবাৰলৈ এনে হৈছে যে গাঁৱত ইণ্টাৰনেট ব্যৱহাৰকাৰী সংখ্যা চহৰৰ তুলনাত ১০ শতাংশ অধিক হৈছে ৷ দেশৰ হিতাৰ্থে কৰা এনে ধৰণৰ ঐতিহাসিক কাৰ্য আৰু সিদ্ধান্তৰ সূচী বহু দীঘলীয়া ৷ এই পত্ৰত সকলোবোৰ বিস্তাৰিত ৰূপত প্ৰকাশ কৰাটো সম্ভৱ নহয়৷ কিন্তু মই ইমানখিনি নিশ্চিতভাৱে ক’ম যে এবছৰীয়া কাৰ্যকালৰ প্ৰত্যেকটো দিন, চৌবিশ ঘণ্টাই পূৰ্ণ সজাগতাৰে কাম হৈছে, সংবেদনশীলতাৰে কাম হৈছে, সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

প্ৰিয় ভাৰতবাসী,

দেশবাসীৰ আশা-আকাংক্ষা পূৰণ কৰি আমি দ্ৰুত গতিৰে আগবাঢ়োতেই ক’ৰোনা মহামাৰীয়ে ভাৰতক আগুৰি ধৰিলে ৷ এফালে অত্যাধুনিক স্বাস্থ্য সেৱা আৰু বিশাল অৰ্থব্যৱস্থাৰ বিশ্বৰ মহা মহা শক্তি, আৰু আনফালে ইমান বৃহৎ জনসংখ্যাৰ তথা প্ৰত্যাহ্বানেৰে পৰিপূৰ্ণ আমাৰ ভাৰত৷ বহুতে আশংকা প্ৰকট কৰিছিল যে যেতিয়া ক’ৰোনাই ভাৰতত আক্ৰমণ কৰিব, তেতিয়া ভাৰত সমগ্ৰ বিশ্বৰ বাবে সংকটৰ কাৰণ হৈ পৰিব ৷ কিন্তু আজি সকলো দেশবাসীয়ে ভাৰতক প্ৰত্যক্ষ কৰাৰ দৃষ্টিভংগী পৰিৱৰ্তন কৰি তুলিছে ৷ বিশ্বৰ সামৰ্থৱান আৰু সম্পন্ন দেশৰ তুলনাত ভাৰতৰ সামূহিক সামৰ্থ আৰু ক্ষমতা অভুতপূৰ্ব বুলি আপোনালোকে দেখুৱাবলৈ সমৰ্থ হৈছে৷তালি-থালী বজোৱা আৰু চাকি জ্বলোৱাৰ পৰা আৰম্ভ কৰি ভাৰতৰ সেনাসকলৰ দ্বাৰা ক’ৰোনা যোদ্ধাৰ প্ৰতি  সন্মান প্ৰদৰ্শন, জনতা কাৰ্ফিউ অথবা দেশব্যাপী লকডাউনৰ সময়ছোৱাত নিয়মাৱলীসমূহৰ নিষ্ঠাৰে পালন, প্ৰতিটো কাৰ্যাৱলীতে আপোনালোকে দেখুৱাইছে যে এক ভাৰতেই শ্ৰেষ্ঠ ভাৰতৰ গেৰাণ্টী ৷

নিশ্চিত ৰূপত এনে বৃহৎ সংকটত কোনেও এয়া দাবী কৰিব নোৱাৰে যে কাৰোৱেঅসুবিধা হোৱা নাই । আমাৰ শ্ৰমিক বন্ধু, প্ৰব্ৰজক মজদুৰ ভাই-ভনী, সৰু-সৰু উদ্যোগত কাম কৰা কৰ্মী, পদপথত সামগ্ৰী বিক্ৰী কৰা লোকসকল, হাত ঠেলাৰ ব্যৱসায়ীসকল, আমাৰ দোকানী ভাই-ভনীসকল, লঘু উদ্যমীসকল, এওঁলোকে অসীম কষ্ট সহ্য কৰিছে ৷ এওঁলোকৰ সমস্যাসমূহ দূৰ কৰাৰ বাবে আমি সকলোৱে মিলি প্ৰয়াস কৰি আছো ৷

কিন্তু আমি এয়াও ধ্যান ৰাখিব লাগিব যে জীৱনত হোৱা এই অসুবিধাসমূহে যাতে গোটেই জীৱনলৈ সমস্যাৰ সৃষ্টি কৰি নাথাকে ৷ ইয়াৰ বাবে প্ৰত্যেক ভাৰতীয়ৰ বাবে দিশ-নিৰ্দেশনা পালন কৰাটোও অতিশয় আৱশ্যক ৷ যিদৰে এই পৰ্যন্ত আমি ধৈৰ্য আৰু সংযমশীলতা পালন কৰি আছো সেইদৰে আগলৈও ইয়াক বৰ্তাই ৰাখিব লাগিব ৷ এই বাবেই ভাৰত আজি অন্য দেশৰ তুলনাত অধিক উন্নত স্থিতিত আছে ৷ এই যুদ্ধ দীঘলীয়া কিন্তু আমি বিজয় পথত অগ্ৰসৰ হৈছো আৰু বিজয়ী হোৱাটো আমাৰ সামূহিক দায়িত্বও৷অলপতে পশ্চিমবংগ আৰু ওড়িশাত আম্ফন ঘূৰ্ণীবতাহত যি সাহসেৰে তাৰে জনতাই স্থিতিসমূহৰ মোকাবিলা কৰিলে, ইয়াৰ দ্বাৰা ঘূৰ্ণীবতাহৰ পৰা হোৱা ক্ষয়ক্ষতি হ্ৰাস হ’ল, এয়াও আমাৰ বাবে এক প্ৰেৰণাৰ স্ৰোত ৷

প্ৰিয় ভাৰতবাসী,

এই পৰিস্থিতিত আজি এই চৰ্চাও অধিক ব্যাপক হৈছে যে ভাৰতসহিতে অন্য দেশসমূহে অৰ্থব্যৱস্থাৰ কিদৰে উত্তৰণ কৰিব ? কিন্তু ইয়াত আন এক বিশ্বাসো আছে যে যিদৰে ভাৰতে একত্ৰিতভাৱে ক’ৰোনাৰ বিৰুদ্ধে যুঁজত সমগ্ৰ বিশ্বক আচৰিত কৰি তুলিছে, ঠিক সেইদৰে  আৰ্থিক ক্ষেত্ৰতো আমি এক আৰ্হি প্ৰস্তুত কৰিব পাৰিম৷ ১৩০ কোটি ভাৰতীয়ৰ সামৰ্থৰ দ্বাৰা আৰ্থিক ক্ষেত্ৰতো বিশ্বক আচৰিত কৰাই নহয়, পথো প্ৰদৰ্শিত কৰিব পাৰিম ৷

অজি সময়ৰ আহ্বান হ’ল যে নিজৰ ভৰিত আমি নিজে থিয় দিব লাগে৷ নিজৰ বল-বুদ্ধিৰ দ্বাৰা আগবাঢ়িব লাগে আৰু ইয়াৰ এটাই পথ৷ সেয়া হ’ল-আত্মনিৰ্ভৰ ভাৰত ৷ শেহতীয়াকৈ আন্তনিৰ্ভৰ ভাৰত অভিযানৰ বাবে আগবঢ়োৱা  ২০ লাখ কোটি টকাৰ পেকেজ, এই দিশত গ্ৰহণ কৰা এক বিশেষ পদক্ষেপ হিচাপে বিবেচিত হৈছে ৷ এই অভিযানে প্ৰতিজন দেশবাসীৰ বাবে, আমাৰ কৃষক, আমাৰ শ্ৰমিক, আমাৰ লঘূ উদ্যমী, আমাৰ ষ্টাৰ্ট-আপৰ সৈতে জড়িত যুৱসমাজ, সকলোলৈ নতুন  সুযোগৰ সৃষ্টি কৰিব ৷  ভাৰতবাসীৰ ঘামৰ দ্বাৰা, পৰিশ্ৰমৰ দ্বাৰা, তেওঁলোকৰ প্ৰতিভাৰ দ্বাৰা নিৰ্মিত থলুৱা উৎপাদনৰ বলত ভাৰতে আমদানিত নিৰ্ভৰ হ্ৰাস কৰিব আৰু স্বাৱলম্বীতাৰ দিশত ধাৱমান হ’ব ৷

প্ৰিয় ভাৰতবাসী,

বিগত ছবছৰৰ এই যাত্ৰাত আপোনালোকে নিৰন্তৰে মোক আশীৰ্বাদ প্ৰদান কৰিছে ৷ আপোনালোকৰ আশীৰ্বাদৰ শক্তিৰ ফলতে দেশে যোৱা এবছৰত ঐতিহাসিক নিৰ্ণয় আৰু বিকাশৰ অভুতপূৰ্ব গতিত আগবাঢ়িছে ৷ কিন্তু মই জানো যে আৰু বহু কাম কৰিবলৈ বাকী ৷ দেশৰ সন্মুখত প্ৰত্যহ্বান অনেক, সমস্যা অনেক৷ মই দিনে-ৰাতিয়ে এয়াই প্ৰয়াস কৰিছো ৷ মোৰ কামত কিছু কম হ’ব পাৰে কিন্তু দেশ কোনো ক্ষেত্ৰতেই তলত নহয় ৷ আৰু সেইবাবে মোৰ নিজতকৈও আপোনালোকৰ ওপৰত, আপোনালোকৰ শক্তিৰ ওপৰত, আপোনালোকৰ সামৰ্থৰ ওপৰত  বিশ্বাস অধিক ৷ মোৰ সংকল্পৰ শক্তি হ’ল আপোনালোক, আপোনালোকৰ সমৰ্থন, আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ স্নেহ৷ বিশ্বজনীন মহামাৰীৰ ফলত এই সংকটৰ সময়ছোৱাই হ’ল আমাৰ দেশবাসীৰ বাবে সংকল্প গ্ৰহণৰ সময় ৷ আমি এয়া সদায়েই মনত ৰাখিব লাগিব যে ১৩০ কোটি ভাৰতীয় বৰ্তমান আৰু ভৱিষ্যত কোনো বিপদে নিৰ্ণয় কৰিব নোৱাৰে ৷ আমি আমাৰ বৰ্তমান আৰু ভৱিষ্যত নিজে নিৰ্ধাৰণ কৰিম ৷

অমি আগবাঢ়িম, আমি প্ৰগতিৰ পথত দৌৰিম, আমি বিজয়ী হ’ম ৷

আমাৰ ইয়াত কোৱা হৈছে- ‘‘কৃতম মে দক্ষিণ হস্তে, জয়ো মে সত্য আহিতঃ ৷৷’’

অৰ্থাৎ আমাৰ এখন হাতত কৰ্ম আৰু কৰ্তব্য আছে যদি আনখন হাত সফলতা সুনিশ্চিত আছে ৷

দেশৰ নিৰন্তৰ সফলতাৰ এই কামনাৰ সৈতে মই আপোনালোকক পুনৰবাৰ নমস্কাৰ জনাইছো ৷

আপোনালোক আৰু আপোনালোকৰ পৰিয়াললৈ শুভকামনা জনাইছো ৷

সুস্থ হৈ থাকক, সুৰক্ষিত হৈ থাকক !!

জাগ্ৰত হৈ থাকক, সজাগ হৈ থাকক !!

আপোনালোকৰ প্ৰধান সেৱক

নৰেন্দ্ৰ মোদী

Leave A Reply