Breaking

১১ মে’ত গ্ৰন্থাগাৰিকৰ বিশেষ প্ৰশিক্ষণ

0 117

নাজিৰা

মহাবিদ্যালয়সমূহৰ গ্ৰন্থাগাৰৰ পৰা বর্তমান ক’ভিড-১৯ সৃষ্ট লকডাউনৰ সময়ত উচ্চ শিক্ষাৰ  শিক্ষণ-শিকন প্ৰক্ৰিয়াক বৈদ্যুতিন মাধ্যমৰ যোগেদি কেনেদৰে আগবঢ়াই নিব পাৰি তাৰ বিষয়ে ১১ মে’ তাৰিখে আবেলি ২.৩০ বজাত এক ভিডিঅ’ কনফাৰেন্স যোগে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। অসম মহাবিদ্যালয় গ্ৰন্থাগাৰিক সংস্থাৰ উদ্যোগত হ’ব লগীয়া এই কাৰ্যসূচীত ভাৰত চৰকাৰৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ উল্লেখযোগ্য ইনফ্লিবনেট কেন্দ্ৰৰ বৈজ্ঞানিক য়াত্ৰিক পেটেল মুখ্য প্ৰশিক্ষক হিচাপে যোগদান কৰিব লগীয়া এই প্ৰশিক্ষণত গ্ৰন্থাগাৰ পৰিচনাৰ ছফ্টৱেৰ SOUL:3.0 ওপৰত বিশেষ গুৰুত্ব দিব। বৰ্তমান পৰিস্থিতিক প্ৰত্যাহ্বান হিচাপে লৈ পঢ়ুৱৈসকলে পুথিভঁৰাললৈ নহাকৈ নিজ নিজ স্থানৰ পৰাই পুথিভঁৰালৰ তথ্য তথা গ্ৰন্থ পঢ়াৰ সুবিধা এই নতুন ছফ্টৱেৰ সংস্কৰণৰ জৰিয়তে কেনেদৰে উপলব্ধ হ’ব, সেইবিষয়ে বিতং প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলি সংস্থাৰ সভাপতি শ্ৰীমন্ত মাধৱ বৰা আৰু সম্পাদক ড° প্ৰশান্ত কুমাৰ ডেকাই জানিবলৈ দিয়ে।প্ৰথম পৰ্যায়ত শতাধিক গ্ৰন্থাগাৰিকে ইতিমধ্যে যোগদান নিশ্চিত কৰাৰ পিছতো অসমৰ প্ৰায় দুই শতাধিক গ্ৰন্থাগাৰিক এই প্ৰশিক্ষণৰ পৰা বঞ্চিত হোৱাত সংস্থাই অতি দুখ প্ৰকাশ কৰাৰ লগতে অহা সপ্তাহত পুনৰ দ্বিতীয়টো প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি সংস্থাৰ প্ৰচাৰ সচিব ড° ৰাজেন্দ্ৰ মোহন দেৱ শৰ্মাই এক প্ৰেছ বিজ্ঞপ্তিত জানিবলৈ দিয়ে।

Leave A Reply