Breaking

আজিৰ দিনটোত ভুলতেও নকৰিব এইকেইটা কাম, নহ’লে মা লক্ষ্মী অসন্তুষ্ট হ’ব, জানক কি কি?

0 213

আজি কাতি বিহু (Kati bihu)। অসমীয়াৰ তিনিটা বিহুৰ অন্যতম হ’ল এই কঙালী বিহু। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা এই কাতি বিহুক লৈ ব্যস্ত হৈ পৰিছে প্ৰতিজন চহা অসমীয়া। তুলসী তলৰ চাকিগছি, আকাশবন্তিৰে উদ্ভাসিত হ’ব অসমৰ ইমূৰৰ পৰা সিমূৰ। তুলসী তলত চাকিগচি জ্বলাই প্ৰতিজন অসমীয়াই পৰিয়ালৰ লগতে দহৰ মংগল কামনা কৰিব। আকাশ বন্তিৰ পোহৰে উজলাই তুলিব অসমীয়াৰ পদূলি৷

সেই উদ্দেশ্যে পুৱাৰে পৰা ব্যস্ত অসমবাসী লোক। তুলসীৰ তল ভালদৰে চাফ-চিকুন কৰি সৰা-মচা কৰাৰ লগতে চাকি দিবৰ বাবে বাঁহৰ বিশেষ সাজ তৈয়াৰ কৰাতো ব্যস্ত হৈ পৰিছে বহু লোক।

ঘৰৰ লগতে খেতি পথাৰতো আজিৰ দিনটোত চাকি দি মা-লক্ষ্মীক সেৱা জৱোনা হয়। যাতে ঘৰৰ মংগল হয় আৰু খেতি পথাৰত শস্য ভৰপূৰ হয়।

পিছে জানেনে এই কাতিৰ বিহুৰ (Kati bihu) দিনটোত ভুলতেও নকৰিব এইকেইটা কাম, জানো আহক কি কি?

১. কাতি বিহুৰ দিনটোত কেতিয়াও দেৰিলৈকে শুই নাথাকিব। ৰাতিপুৱা বহু সোনকালে উঠাৰ চেষ্টা কৰিব। বিশেষ কৰি মহিলাসকলে পুৱা সোনকালে উঠিয়েই স্নান কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি তুলসী তল মুচিব তাৰপাছত তুলসীক উদ্দেশ্যি জল নিবেদন কৰক। বিশেষ কৰি পুৱাই যদি এনে কৰিব পাৰে, তেতিয়া মা লক্ষ্মী খুবেই প্ৰসন্ন হ’ব।

২. এই বিশেষ দিনটোত সম্পূর্ণ পজিটিভ চিন্তাধাৰাৰ মাজত থাকিবলৈ চেষ্টা কৰক। আজিৰ দিনটোত জেষ্ঠ্যজনক কেতিয়াও অপমান নকৰিব। পাৰিলে এইদিনত জেষ্ঠ্যজনক সেৱা কৰি আৰ্শীবাদ গ্ৰহণ কৰক।

৩. আজিৰ দিনটোত তুলসীৰ তলত চাকি জ্বলাই মা লক্ষ্মীক আদৰা হয়। গতিকে এই দিনটোত দিনৰ ভাগত বা সন্ধ্যা সময়ত কেতিয়াও নুশুৱ। নহ’লে মা লক্ষ্মী অসন্তোষ হ’ব।

৪. আজিৰ দিনটোত কাৰো লগত কাজিয়া বা বিবাদ নকৰিব। আৰু আনকো কৰিবলৈ নিদিব।

৫. আজিৰ দিনটোত তুলসীৰ আশে-পাশে যাতে লেতেৰা আৱৰ্জনাৰে ভৰি থাকিব নিদিব। তাৰ প্ৰতি লক্ষ্য ৰাখিব। লগতে চাফ চিকুন কৰি ৰখাৰ চেষ্টা কৰিব। যিহেতু সন্ধ্যা তুলসীৰ তলত ধূপ চাকি, মাহ প্ৰসাদ দি মা লক্ষ্মীক আদৰা হ’ব।

৬. আজি ঔ টেঙাৰ বাকলিত চাকি দিব পাৰিলে অধিক ভাল, মা লক্ষ্মীৰ লগতে ভগৱান বিষ্ণুও প্ৰসন্ন হয় বুলি লোকবিশ্বাস আছে।

Leave A Reply