Breaking

ওঁঠযুৰিয়েই হৈছে নাৰীৰ আকষৰ্ণীয় সম্পত্তি , ওঁঠযুৰিৰ পৰিচৰ্যা কেনেকৈ কৰিব লাগে জানক…

0 1,843

ওঁঠযুৰিয়েই হৈছে নাৰীৰ আকষৰ্ণীয় সম্পত্তি। এই সম্পত্তিক আটোম-টোকাৰিকৈ ৰাখিবলৈ হ’লে তলত দিয়া ধৰণে ব্যৱস্থা গ্ৰহণ কৰক।

১) ওঁঠৰ সৰসতাৰ কাৰণে গাজৰৰ ৰস নিয়মিতভাৱে খাব পাৰিলে ভাল।

২) ৰাতি শোৱাৰ সময়ত ওঁঠত মাজে মাজে মালিচ কৰক।

৩) শৰীৰৰ ৰস বা ক্ৰীম ওঁঠত মাজে মাজে মালিচ কৰক।

৪) শৰীৰৰ আভ্যন্তৰীণ অসুস্থতা অথবা অইন কিবা কাৰণত কেতিয়াবা ওঁঠযুৰি ক’লা ক’লা হোৱা দেখা যায়। তেনে অৱস্থাত তিয়হৰ ৰস আৰু নেমুটেঙাৰ ৰস মিহলাই দিনত দুবাৰকৈ লগালে ওঁঠ কোমল হৈ উজ্জ্বলতা বাঢ়িব।

৫) বজাৰৰ কৃত্ৰিম প্ৰসাধন পৰাপক্ষত নলগোৱাই ভাল।

৬) ওঁঠ চেলেকা বা কামোৰা স্বভাৱ এৰক।

৭) গাখীৰৰ সৰ বা গৰু ঘিউ দি মালিচ কৰিলে ওঁঠ দুখন কোমল হোৱাৰ লগতে শুকান ভাৱ নাইকিয়া হয়।

৮) ওঁঠ দুটা শুকান হৈ পৰিলে চাহপাতৰ পেকেটটো অলপমান কুহুমীয়া পানীত ডুবাই ওঁঠত লগালেও ওঁঠ দুখন কোমল হয়।

Leave A Reply