Breaking

সুৰামত্ত আৰক্ষীয়ে আছু নেতাৰ ওপৰত নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ

0 1,560

তামুলপুৰৰ কুমাৰীকাটাত আৰক্ষীৰ গুণ্ডাৰাজ । আছু নেতা ডুলুজিত দাসৰ ওপৰত নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।অভিযোগ মতে কালি নিশা সদৌ বাক্সা জিলা আছুৰ সাধাৰণ সম্পাদক ডুলুজিত দাসে তামুলপুৰ সদৰৰ পৰা নিজ গৃহ অভিমুখে গৈ থকা অৱস্থাত বিশেষ কাৰণবশত কুমাৰীকাটাত তেওঁৰ নিজৰ বাহন খন কিছু সময় ৰখাই থোৱা অৱস্থাত হঠাৎ উক্ত স্থানত উপস্থিত হয় কুমাৰীকাটা আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ অভদ্ৰ আচৰণ কৰে।কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাঞ্জল বৰুৱাৰ সন্মুখতে ASI শৈলেন কলিতাই আছু নেতা গৰাকীক শাৰীৰিক, মানসিক নিৰ্যাতন চলোৱাৰ উপৰি তেওঁৰ হেলমেতটো ভাঙি পেলায়।

আনকি আছু ছান্দা তোলা সংগঠন বুলিও ইতিকিং কৰাৰ অভিযোগ।কোনো ডিচি, এছপিকো ভয় নকৰে বুলি ফিটাহি মৰা সুৰামত্ত আৰক্ষী বিষয়া গৰাকীয়েছাত্ৰ নেতা গৰাকীয়ে সুৰাপান কৰা বুলি অভিযোগ আনি কুমাৰীকাটা ৰাজ্যিক স্বাস্থ্য কেন্দ্ৰ লৈ গৈ স্বাস্থ্য পৰীক্ষা কৰায়।এই ঘটনাক কেন্দ্ৰ কৰি আজি সমগ্র বাক্সা জিলাৰ লগতে তামুলপুৰত তীব্ৰ প্ৰতিক্ৰিয়া খৰু উত্তেজনা বিয়পি পৰে।

তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ আছুৱে উক্ত ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে অভিযুক্ত আৰক্ষী বিষয়া দুগৰাকীৰ বিৰুদ্ধে তামুলপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰাৰ লগতে আৰকী অধীক্ষক ৰ ওচৰত এখন স্মাৰক পত্ৰ দাখিল কৰে।ঘটনাৰ তদন্ত কৰি ২৪ ঘন্টাৰ ভিতৰত দোষী বিষয়াক শাস্তি প্ৰদান নকৰিলে আছুৱে তীব্ৰভাৱে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।

Leave A Reply