Breaking

লোকসভা, ৰাজ্য-স্থানীয় নিৰ্বাচনৰ বাবে সাধাৰণ ভোটাৰ তালিকা : এক দেশ এক নিৰ্বাচনৰ লক্ষ্যৰে এখোজ আগুৱালে কেন্দ্ৰ

0 1,352

দৈনন্দিন বাৰ্তা ডেস্ক : এক দেশ এক নিৰ্বাচনৰ লক্ষ্যত আন এক পদক্ষেপ আগুৱাই গ’ল কেন্দ্ৰ ৷ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সূত্ৰত প্ৰকাশ, সম্প্ৰতি পঞ্চায়ত পৰ্যায়ৰ পৰা লোকসভা পৰ্যন্ত দেশত এখনেই নিৰ্বাচনৰ তালিকা তৈয়াৰৰ বাবে গুৰুত্বপূৰ্ণ সভা হৈছে ৷ এই বিধি কাৰ্যকৰী কৰিবলৈ সংশ্লিষ্ট সংবিধান সংশোধন আৰু প্ৰয়োজনীয় পদক্ষেপৰ বিষয়ে এই সভাত আলোচনা কৰা হৈছে ৷ সংবিধান অনুযায়ী, দেশৰ স্থানীয় নিৰ্বাচন অৰ্থাৎ পঞ্চায়ত আৰু পৌৰসভা নিৰ্বাচন প্ৰক্ৰিয়াৰ সম্পূৰ্ণ দায়িত্ব থাকে ৰাজ্যিক নিৰ্বাচনী আয়ুক্তৰ ওপৰত ৷ এই স্থানীয় নিৰ্বাচনৰ বাবে চূড়ান্ত ভোটাৰ তালিকাও তৈয়াৰ কৰে ৰাজ্যিক নিৰ্বাচনী আয়ুক্তই ৷ তাত কেন্দ্ৰীয় নিৰ্বাচনী আয়ুক্তৰ কোনো হস্তক্ষেপ বা অধিকাৰ নাথাকে ৷ এই পদ্ধতি সলনি কৰিব বিচাৰিছে মোডী চৰকাৰে ৷ যোৱা ১৩ আগষ্টত এই লৈ সভা হয় প্ৰধানমন্ত্ৰী কাৰ্যালয়ত ৷ প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব পি কে মিশ্ৰৰ নেতৃত্বত সভাত এই সংক্ৰান্তত সংবিধান সংশোধনী লৈ আলোচনা হয় বুলি জানিব পৰা গৈছে ৷ ভাৰতীয় সংবিধানৰ ২৪৩ কে ধাৰাত পঞ্চায়ত নিৰ্বাচনৰ কথা কোৱা হৈছে ৷ ২৪৩ জেড-এ ধাৰাত কোৱা হৈছে পৌৰসভা নিৰ্বাচনৰ বিষয় ৷ এই দুই ধাৰা অনুযায়ী পঞ্চায়ত আৰু পৌৰসভা নিৰ্বাচন পৰিচালনৰ আৰু ভোটৰ তালিকাৰ ভাৰ ন্যস্ত কৰা হৈছে ৰাজ্যিক নিৰ্বাচনী আয়ুক্তৰ ওপৰত৷ লগতে কোৱা হৈছে, আয়োগৰ প্ৰধান অৰ্থাৎ ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত নিয়োগ কৰে ৰাজ্যপালে ৷ ২৪৩ জেড-এ ধাৰাত পৌৰ নিৰ্বাচন একেদৰেই পৰিচালনা কৰাৰ কথা কোৱা হৈছে ৷ সংবিধানৰ এই দুই ধাৰা সংশোধন কৰি স্থানীয় নিৰ্বাচনকো কেন্দ্ৰীয় নিৰ্বাচনী আয়ুক্তৰ আওতাত অনাৰ বিষয়ে গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছে বুলি ১৩ আগষ্টৰ এই সভাৰ সূত্ৰত প্ৰকাশ ৷ তদুপৰি ৰাজ্য চৰকাৰবোৰে যাতে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ ভোটাৰ তালিকাক লৈ নিৰ্বাচন প্ৰক্ৰিয়া পৰিচালনাৰ ব্যৱস্থা কৰে সেই বিষয়ে ৰাজ্যবোৰক আবেদন জনোৱা হ’ব বুলি সভাত সিদ্ধান্ত লৈছে ৷ ২০১৪ চনত প্ৰথমবাৰ কেন্দ্ৰত ক্ষমতাত আহাৰ সময়ত বিজেপি তথা নৰেন্দ্ৰ মোডী চৰকাৰে ‘এক দিশ এক নিৰ্বাচন’ৰ তত্ব আনিছিল ৷ ইয়াৰ অৰ্থ, পঞ্চায়ত-পৌৰসভাৰ পৰা বিধানসভা বা লোকসভা সকলো নিৰ্বাচন একেলগে ৫ বছৰৰ বাবে অনুষ্ঠিত কৰাৰ পক্ষে মত দিছিল প্ৰধানমন্ত্ৰীয়ে নিজেও ৷ বহু সভাত এই কথা প্ৰচাৰ কৰিছিল নৰেন্দ্ৰ মোডীয়ে ৷

Leave A Reply