বানৰ পিছতে চিলাপাথাৰৰ চৰাঞ্চলত অব্যাহত আছে পশুধনৰ মাজত গুৰুতৰ ব্যাধি। ৰাইজে জানিবলৈ দিয়া মতে চমকং পঞ্চায়তৰ অন্তৰ্গত চেঙাজান গাওঁত গৰু,মহ,ছাগলী গাহৰি আদি পোহনীয়া পশু পখীৰ মাজত অব্যাহত আছে বিভিন্ন বেমাৰ। বিশেষ কৈ গল ফুলা ৰোগত আক্ৰান্ত হৈছে গাঁওখনৰ বহু গৰু।
চেঙাজান গোৱালা গাঁওৰ ৰাম ভৱন মাঝি নামৰ জেষ্ঠ্য লোকজনৰ এজনী গাখিৰতি জাৰ্চি গৰু আজি গ’ল বুলি ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰে। একেদৰে আন কেইবাখন ঘৰটো মৃত্যুৰ ক্ষণ গনিছে বহু পশুধনে।
বান বিধস্ত গাঁওখনত ইতিপূৰ্বে কেইবাটাও ছাগলী মৃত্যুৰ মুখত পৰা বুলি ৰাইজে সদৰি কৰিছে। পশুধনৰ চিকিৎসা কিম্বা দিহা পৰামৰ্শ গ্ৰহণৰ বাবেও অঞ্চলটোত নাই কোনো চিকিৎসালয়। তেনে স্থলত নিজা নিজা পোহনীয়া জীৱ জন্তুৰ সুৰক্ষাৰ বাবে চিন্তিত হৈ পৰিছে কৃষিজীৱি ৰাইজ। বিষয়টো গুৰুত্ব সহকাৰে লৈ ৰাইজক উপকৃত কৰিবলৈ অঞ্চলটোৰ ৰাইজে চৰকাৰৰ ওচৰত গোহাৰি জনাইছে।
শম্ভু দাস চিলাপথাৰ
ধেমাজি