Breaking

লকডাউন আৰু ব‌ক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষক

0 593

শিক্ষক হৈছে মানুহ গঢ়াৰ নিপুণ খনিকৰ।চৰকাৰী বা বেচৰকাৰী বুলি কথা নাই শিক্ষক সকলে কেবল শিক্ষা দানৰ উদ্দেশ্যৰেই নিজৰ কৰ্তব্য পালন কৰে। ছাত্ৰ- ছাত্ৰীৰ ভবিষ্যৎ জীৱন উজ্জ্বল কৰাত শিক্ষকৰ ভূমিকা সকলোতকৈ ওপৰত । কিন্তু ছাত্ৰ ছাত্ৰীৰ ভবিষ্যৎ গঢ়া শিক্ষকসকলৰ ভিতৰত ব্যক্তিগত খণ্ডৰ শিক্ষকৰ নিজৰে বর্তমান পানীত হাঁহ নচৰা অৱস্থা,ভবিষ্যতৰ কথা চিন্তা কৰাটো বহুত দূৰৈত। চৰকাৰী বিদ্যালয়ৰ তুলনাত ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহৰ শিক্ষকৰ দৰমহা আগৰ পৰাই কম। কাৰণ ব্যক্তিগত খণ্ডৰ বিদ্যালয় এখনে শিক্ষকৰ প্রয়োজন পূৰণ হোৱাকৈ দৰমহা দিয়াটো সম্ভৱ নহয়। তথাপি এই সকল শিক্ষকে বহুতো অভাৱৰ মাজেৰেই ঘৰ চলাই আহিছে। বর্তমান লকডাউনৰ বাবে বিদ্যালয় সমূহত ছাত্ৰ ছাত্ৰীৰ মাহিলী মাচুল অভিভাৱকসকলে দিব পৰা নাই। ইয়াৰ প্ৰভাৱ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষক সকলৰ ওপৰত বৰ বেয়াকৈ পৰিছে। যি কেইটা দৰমহাৰে মাহটো চলিবলৈ অসুবিধা হয়, তেনে ক্ষেত্ৰত মাৰ্চ,এপ্রিল, মে মাহৰ ৫০% দৰমহা নাইবা একেবাৰে নোপোৱাকৈ এখন ঘৰ চলাটো সম্ভৱ নে? আনে প্ৰদান কৰা সুবিধাৰ পৰাও এওঁলোক বঞ্চিত কাৰণ বহুতে তেওঁলোকৰ সহায়ৰ প্ৰয়োজন হোৱা নাই বুলি ভাবে। শিক্ষকতাৰ বাহিৰে বেলেগ কাম কৰিবলৈও তেওঁলোকৰ হাতত বিকল্প নাই। ইমানবোৰ অভাৱৰ মাজেৰেই প্ৰায়বোৰ শিক্ষকে ঘৰতে থাকি মোবাইলৰ জৰিয়তে হ’লেও ছাত্ৰ ছাত্ৰীক শিক্ষা প্ৰদানৰ চেষ্টা অব্যাহত ৰাখিছে।
এনেদৰে ৰাজ্যত নিস্বাৰ্থভাৱে শিক্ষা আগবঢ়োৱা বহু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষকৰ অৱস্থা দূৰ্বল হৈ পৰিছে কিন্তু এই ক্ষেত্ৰত কোনেও শিক্ষক সকলক সহায়ৰ হাত আগবঢ়োৱা নাই। বিভিন্ন সামাজিক মাধ্যম, নিউজ চেনেল সমূহটো বিভিন্নজনৰ সহায় সুবিধাৰ হকে মাত মাতি থকা দেখিবলৈ পোৱা গৈছে কিন্তু শিক্ষক সকলৰ এই অৱস্থাৰ ওপৰত কোনেও গুৰুত্ব প্ৰদান কৰা নাই । বিশেষকৈ জাতীয় বিদ্যালয় সমূহে অসমীয়া ভাষাত শিক্ষা প্ৰদান কৰি অসমীয়া ভাষা ৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে। তেনেহলে প্ৰশ্ন হয় এইসকল ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষকৰ সমাজত কোনো অৰিহনা নাছিল নেকি? এখন সমাজত শিক্ষকৰ মৰ্যদা এয়াই নেকি ? তেওঁলোকৰ বৰ্তমান পৰিস্থিতিৰ খবৰ লবলৈ চৰকাৰে এবাৰো চেষ্টা নকৰেনে ?

পৰাগ ডেকা, ছিপাঝাৰ

Leave A Reply