Breaking

লকডাউনে নাজিৰাৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ জীৱনলৈ নমাই আনিছে অন্ধকাৰ

0 112

নাজিৰা

ক’ভিড-১৯ ক’ৰোনা ভাইৰছ সংক্ৰমণৰ আতংকময় পৰিস্থিতিত অব্যাহত থকা লকডাউনে সমগ্ৰ অসমৰ লগতে নাজিৰা মহকুমাৰ অধিকাংশ ক্ষুদ্ৰ ব্যৱসায়ী আৰু খুচুৰা ব্যৱসায়ীসকলৰ জীৱনলৈ নমাই আনিছে ঘোৰ অন্ধকাৰ। এই অন্ধকাৰময় জীৱনত ক্ষুদ্ৰ তথা খুচুৰা ব্যৱসায়ীসকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈ এই ব্যৱসায়ীসকলৰ পৰিয়াললৈও নমাই আনিছে অমানিশা৷ অসমত অব্যাহত থকা লকডাউনৰ বাবে ক্ষুদ্ৰ তথা খুচুৰা ব্যৱসায়ীসকলে ব্যৱসায়-বাণিজ্যত কোনো সচ্ছলতা লাভ কৰা নাই আৰু শেহতীয়াকৈ তৃতীয় পৰ্যায়ৰ লকডাউনৰ অন্তিম পৰ্যায়ত কিছু শিথিলতা দিয়াত এক তৃতীয়াংশ দোকান খুলি ব্যৱসায়ীসকলৰ জীৱনলৈ প্ৰাণ সঞ্চাৰ হোৱা নাই। দৈনিক উপাৰ্জনৰ ভিত্তিত পৰিয়াল পোহ-পাল দি অহা নাজিৰাৰ ৯৮ শতাংশ ক্ষুদ্ৰ ব্যৱসায়ী আৰু খুচুৰা ব্যৱসায়ীসকলে লকডাউনৰ কবলত পৰি ক’তো বেপাৰ বাণিজ্য কৰিবলৈ ওলাই যাব নোৱাৰা হ’ল আৰু শাক-পাচলিৰ নাটনি, গেলামালৰ দোকানক বাদ দি অন্যান্য ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ দোকান-পোহাৰ সমূহৰ দীঘলীয়া বন্ধ, কাপোৰ-কানিৰ দোকান বন্ধ, বৰ্তমান এক তৃতীয়াংশ খুলিলেও গ্ৰাহক পাবলৈ নাই লকডাউনৰ বাবে। ৰিক্সা-অট’ৰিক্সা, টেক্সি চলাই যিসকলে পৰিয়াল চলাই আহিছে, নাপিত, মুচীসকলৰ দৈনিক উপাৰ্জন বন্ধ৷ আনকি ভাৰাঘৰ লৈ দোকান চলাই থকা সকলৰ ঘৰভাৰা দিবলৈও সামৰ্থ হেৰাই যোৱাত এই সকল ক্ষুদ্ৰ ব্যৱসায়ীয়ে পৰিয়াল পোহপাল দিয়াত জটিল পৰিস্থিতিৰ সন্মুখীন হোৱাৰ উপৰি পেটৰ ভোক পেটতেই নিয়াবলৈ প্ৰয়াস কৰাৰ পৰিস্থিতি হৈছে। আনহাতে বেংকৰ পৰা ঋণ লৈ দোকান চলাই থকা ক্ষুদ্ৰ ব্যৱসায়ীসকলেও বেংকৰ ঋণ সময়মতে ঘূৰাই দিব নোৱাৰি কোঙাহৈ পৰিছে ঋণৰ বোজাত। উল্লেখযোগ্য যে নাজিৰা মহকুমাত নাজিৰাকে ধৰি শিমলুগুৰি, গেলেকী, লাকুৱা, নামতি, মেজেঙ্গা, বালিঘাট, চণ্টক, বিহুবৰ, লক্ষ্মীজান, মেকীপুৰ, লিগিৰীপুখুৰী, বাহগড়, মিছাজান, মেছাগড় আদি অঞ্চল সমূহকে ধৰি সমগ্ৰ নাজিৰা মহকুমাত প্ৰায় তিনি সহস্ৰাধিক ক্ষুদ্ৰ ব্যৱসায়ীৰ দোকান অথবা ঘূমটি দোকান থকাৰ উপৰি স্থানীয়ভাৱে প্ৰতিখন পঞ্চায়ত এলেকাত থকা আৰু নাজিৰা, শিমলুগুৰি নগৰত থকা সাপ্তাহিক বজাৰত খুচুৰা ব্যৱসায়ী সকলে শাক -পাচলি অথবা আন আন খেতিৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰি যি এপইচা পায় , তাৰেই ঘৰ-পৰিয়াল পোহপাল দি আহিছে। কিন্তু লকডাউনৰ এই বন্ধত ক্ষুদ্ৰ তথা খুচুৰা ব্যৱসায়ীসকলৰ এই উপাৰ্জনৰ সকলোবোৰ পথ বন্ধ হৈ যোৱাত এতিয়া জটিল পৰিস্থিতিৰ মাজত ক্ষুদ্ৰ আৰু খুচুৰা ব্যৱসায়ীসকলৰ পৰিয়াল দূৰ্যোগৰ সন্মুখীন হৈছে। নাজিৰা মহকুমাৰ প্ৰায় ৭৮ শতাংশ ক্ষুদ্ৰ আৰু খুচুৰা ব্যৱসায়ী প্ৰতিষ্ঠান ভাৰাঘৰতে আছে। এই সকলে কি দূৰ্বিষহ জীৱন কটাব লগীয়া হৈছে সেইয়া ভূক্তভোগীসকলৰ বাদে কোনে উপলব্ধি কৰিব পাৰিব। বৰ্তমান সময়ত কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰ পৰিয়ালসমূহলৈ  বিনামূলীয়া চাউল যোগান ধৰিছে যদিও কেৱল চাউল খায়ে পাৰ কৰিব পাৰি জানো বুলিও মতপোষণ কৰিছে ভুক্তভোগীয়ে। ইফালে ক্ষুদ্ৰ আৰু খুচুৰা ব্যৱসায়ীসকলৰ ক্ষেত্ৰত ঘৰ ভাৰা লৈ থকাসকলৰ ৫০ শতাংশ ৰেহাইৰ বাবে ঘৰৰ মালিক সকলক আহ্বান জনোৱা হৈছে যদিও কিমান সংখ্যক মালীকে ভাৰা ৰেহাই দিছি সেয়া সহজেই অনুমেয়। বেংকৰ ঋণৰ সুদ আদি ৰেহাইৰ লগতে ক্ষুদ্ৰ আৰু খুচুৰা ব্যৱসায়ৰ বাবে ব্যৱসায়ীসকলে অনুজ্ঞাপত্ৰৰ বাবে দিব লগা মাচুল আদিও চৰকাৰে ৰেহাই দিয়াৰ কথা ঘোষণা কৰা নাই। তেনে পৰিস্থিতিত ক্ষুদ্ৰ আৰু খুচুৰা ব্যৱসায়ীসকলে ত্ৰাহিমধুসূদন দেখাটো স্বাভাৱিক। 

Leave A Reply