Breaking

গুৱাহাটীৰ অসম সাহিত্য সভা ভৱনত দৰঙী কলা-কৃষ্টিৰ ‘লোকস্পন্দন’ অনুষ্ঠান

0 30

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সৌজন্যত আৰু ছিপাঝাৰৰ সাংস্কৃতিক সংস্থা নান্দীৰাগৰ উদ্যোগত মঙ্গলবাৰে সন্ধিয়া আয়োজন কৰা হয় দৰঙী কলা-কৃষ্টিৰ অপূৰ্ব সমাহাৰৰে সাংস্কৃতিক অনুষ্ঠান লোকস্পন্দন। অসম সাহিত্য সভা ভৱনত মঙলবাৰে সন্ধিয়া আয়োজিত অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰী সঞ্চালক অৱণী ৰঞ্জন পাঠকে। অনুষ্ঠান উদ্বোধন কৰে মেঘালয়স্থিত ইউ, এচ, টি,এমৰ প্ৰতি উপাচাৰ্য ড° বলেন্দ্ৰ কুমাৰ দাসে।

লোকস্পন্দন অনুষ্ঠানত প্ৰদৰ্শন কৰা হয় দৰঙৰ আপুৰুগীয়া লোককৃষ্টি ঢেপাঢুলীয়া,চিয়াগীত,ব্যাসৰ ওজাপালি,থিয়নাম, চেৰাঢেক, মহৌখুন্দা, আইনাম,দেওধনী নৃত্য,নাঙেলী গীত, আৰু চেওচাপৰি নাম।

মূলতঃ উক্ত কৃষ্টিসমুহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে আয়োজন কৰা অনুষ্ঠানটিত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বিশিষ্টা কবি দিপীকা শইকীয়া, টাই আহোম যুৱ পৰিষদৰ উপ-সভাপতি বিপুল কুমাৰ বৰুৱা, দৰঙী কলা-কৃষ্টি উন্নয়ন সংঘৰ সাধাৰণ সম্পাদক নৱ কুমাৰ শইকীয়া , দৰং জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্তা ভৱেন বৰ্মন আদি।

অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। উন্মোচন কৰে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ অৱসৰী সঞ্চালক দেৱেন্দ্ৰনাথ বসুমতাৰীয়ে। দুগৰাকী লোকশিল্পী নিৰুপমা ডেকা আৰু দেৱেন্দ্ৰ চহৰীয়াক নান্দীৰাগৰ ফালৰ পৰা জনোৱা হয় বিশেষ সম্বৰ্ধনা।

Leave A Reply