Breaking

কাগজ কল বচাওক, শ্ৰমিক বচাওক-এ.আই.চি.চি.টি.ইউ

0 1,322

তিনিচুকীয়া : কাগজ কল বচাওক, শ্ৰমিক বচাওক মূল দাবীৰ ভিত্তিত ৰাজ্যিক কাৰ্যসূচীৰ অংশ হিচাপে এ.আই.চি.চি.টি.ইউ আৰু নিখিল ভাৰত ছাত্ৰ সন্থা(আইছা) ই যৌথভাৱে আজি তিনিচুকীয়াৰ থানা চাৰিআলিত দাবী দিৱস পালনৰ অৰ্থে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণৰ পিছত তিনিচুকীয়াৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয় বুলি এ.আই.চি.চি.টি.ইউৰ ৰাজ্যিক সম্পাদক সুভাষ সেন আৰু আইছাৰ জিলা সম্পাদক সূৰয মাহালিয়ে জানিবলৈ দিয়ে। স্মাৰকপত্ৰৰ মূল দাবীসমূহ হৈছে কেৰালা চৰকাৰৰ দৰে অসম চৰকাৰেও ২০১৫ চনৰ অক্টোবৰ মাহৰ পৰা বন্ধ হৈ থকা কাছাৰ পেপাৰ কল আৰু ২০১৭ৰ মাৰ্চ মাহৰ পৰা বন্ধ হৈ থকা নগাঁও কাগজ কল দুটাক ৰাজহুৱা খণ্ডতে পুনৰুজ্জীৱিত কৰাৰ কাৰণে উদ্যোগ লওক, শ্ৰমিক কৰ্মচাৰীৰ ৪৫ মাহৰ দৰমহা মোকলাই দিয়ক, বন্ধ কাগজ কল খোলা হ’ব বুলি বিজেপিয়ে দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰক, ৰাজ্য চৰকাৰে ২১ ছেপ্তেম্বৰৰ আগত কাগজ কল দুটা পুনৰুজ্বীৱিতকৰণৰ নিৰ্দ্দিষ্ট প্ৰস্তাৱ এনচিএলটি লৈ প্ৰেৰণ কৰক, সংস্থাপন বন্ধ নহয় ন ন সংস্থাপন ক্ষেত্ৰ সৃষ্টি কৰক, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদ্যহতে ঘোষণা কৰা ১২ হাজাৰ কোটি টকা পেকেজৰ পৰা কেৱল ১২শ কোটি টকা কাগজ কল দুটাক উৎপাদনক্ষম কৰাৰ কাৰণে ব্যয় কৰক, আৰু সদ্দিচ্ছা প্ৰকাশ কৰক ইত্যাদি। আজিৰ কাৰ্যসূচীত নেতৃত্ব দিয়াসকলৰ ভিতৰত প্ৰগতিশীল নাৰী সন্থাৰ জিলা সম্পাদিকা তথা ৰাজ্য সমিতিৰ সদস্যা শিখা দাস, আইছাৰ জিলা সভাপতি বিশাল কল, মনোজ হাজৰিকা, সুখু মাহালি আৰু ব্ৰীজ প্ৰধান আদি। যৌথ বিবৃতিটোত উল্লেখ কৰা হয় যে মিল দুটা বন্ধ হৈ পৰাৰ ফলত প্ৰায় ৪৪০০ জন শ্ৰমিক কৰ্মচাৰীৰ জীৱনে অন্ধকাৰ ভৱিষ্যতৰ দিশে গতি কৰিছে। তদুপৰি পৰোক্ষভাৱে শ শ ঠিকাদাৰ, হাজাৰ হাজাৰ বাঁহ খেতিয়ক আৰু বাঁহ সৰবৰহকাৰী আৰু আন আন সামগ্ৰীৰ যোগান ধৰোতা সৰ্বমুঠ প্ৰায় দুই লাখ মানুহৰ জীৱনলৈ গভীৰ অমানিশা নামি আহিছে। জাগীৰোড আৰু পাঁচগ্ৰামৰ টাউনশ্বিপ দুখনো লাহে লাহে ধ্বংসস্তূপত পৰিণত হোৱাৰ পথত। আটাইতকৈ মৰ্মান্তিক বিষয় হৈছে ৪৫ মাহ ধৰি দৰমহা নোপোৱাৰ ফলত এজন বিষয়া সহ ৩ জনে আত্মহত্যা কৰিছে আৰু চিকিৎসা তথা খাদ্যৰ অভাৱত আৰু ৬৮ জন সহ সৰ্বমুঠ ৭১ জনৰ মৃত্যু হৈছে। উল্লেখযোগ্য যে ৰাজ্যিক উদ্যোগ মন্ত্ৰীয়ে এবাৰ বিধানসভাত কাগজ কল দুটাৰ কাৰণে ১৯০০ কোটি টকা মোকলাই দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিয়া সত্বেও সকলো ফুটুকাৰ ফেন হ’ল। অতি ক্ষীণ হ’লেও আশাৰ কথা যে নেচনেল কোম্পানী ল ট্ৰাইবুনেলে মিল দুটাৰ ভৱিষ্যৎ নিৰূপণৰ বাবে চূড়ান্ত ৰায় দিয়াৰ তাৰিখ ২১ ছেপ্তেম্বৰলৈকে পিছুৱাই দিছে আৰু ৰাজ্য চৰকাৰে এক মাহৰ সময় বিচাৰিছে। ৰাজ্য চৰকাৰে মিল দুটাক পুনৰুজ্জীৱিত কৰণেৰে যুৱক যুৱতীৰ কৰ্ম সংস্থানৰ দুৱাৰ মুকলি কৰিব বুলি শ্ৰমিক কৰ্মচাৰী, ৰাইজ আৰু নিবনুৱা যুৱক-যুৱতীয়ে আশাৰে বাট চাই আছে বুলিও বিবৃতিটোত আশাবাদ ব্যক্ত কৰা হৈছে।

Leave A Reply