Breaking

বিলুপ্তি প্ৰায় শগুন উদ্ধাৰক লৈ বাক্সাত ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্য

0 57

বাক্সাত উদ্ধাৰ বিৰল প্ৰজাতিৰ জি পি এছ সংযোজিত শগুন । শগুনটো চোৱাৰ কাৰনে নিশা জনসমাগম । ৰাইজে উদ্ধাৰ কৰি চমজাই দিলে বন বিভাগক । বিলুপ্তি প্ৰায় শগুন উদ্ধাৰক লৈ বাক্সাত ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্য ৷ বিৰল প্ৰজাতিৰ শগুনটোৰ পাখিত জি পি এছ থকাৰ পাচত ৰাইজ আৰু বন বিভাগৰ মাজত কৌতুহল ৷

বাক্সা জিলাৰ বৰমা আৰক্ষী থানাৰ অন্তৰ্গত মেদাঘাটত শুক্ৰবাৰে নিশা এডাল গছৰ ওপৰত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে এটা বিৰল প্ৰজাতিৰ এটি শগুন ৷শগুনটোৰ পাখিত বন্ধা থকা এটি অস্বাভাবিক বস্তু দেখি ৰাইজৰ মাজত সৃস্থি হয় চাঞ্চল্যৰ ৷শগুনটো চোৱাৰ কাৰনে নিশা পথাৰৰ মাজত ভীৰ কৰে ৰাইজে ৷পিছত বন বিভাগক খৱৰ দিয়াত ঘটনাস্থলীত বাক্সা জিলাৰ বাটাবাৰী ৰেঞ্জৰ পৰা বন বিভাগৰ লোক উপস্থিত হৈ ৰাইজৰ হাতৰ পৰা উদ্ধাৰ কৰে বিৰল প্ৰজাতিৰ শগুনটো ৷শগুনটোৰ পাখিত জি পি এছ লগোৱা দেখি উদ্ধাৰৰ পাছতো ৰহস্যৰ আৱৰ্তত সোমাই পৰে সমগ্ৰ ঘটনাটো ৷ পিচত আৰক্ষীৰ লোক উপস্থিত হোৱাত হে জি পি এছ লগোৱা শগুনটোৰ প্ৰকৃত ৰহস্য ওলাই পৰে ৷


আচলতে গুৱাহাটী ৰানীৰ শগুন সংৰক্ষন আৰু প্ৰজনন কেন্দ্ৰই জি পি এছ লগাই কেৱাটা শগুন এৰি দিছিল ৷ কি কাৰনত তেনেকৈ জি পি এছ লগাই শগুন মুকলি কৰি দিছিল সেই তথ্য বন বিভাগৰ লোকৰ মাজত নাই যদিও ইতিমধ্যে ৰানীৰ পৰা আৰক্ষী বিভাগক জি পি এছ লগাই শগুন এৰি দিয়া খৱৰটো দিয়া বুলি জানিবলৈ দিয়ে বন বিভাগৰ লোকে ৷ ৰানীৰ পৰা শগুন সংৰক্ষন আৰু প্ৰজনন কেন্দ্ৰৰ পৰা লোক আহি কাইলৈ শগুনটো পুনৰ ৰানীলৈ লৈ যাব বুলি সদৰি কৰে বাক্সা জিলা বন বিভাগৰ লোকে ৷

Leave A Reply