Breaking

শিৱসাগৰ প্ৰেছ ক্লাবত সাংবাদিকৰ মাজত ছেনিটাইজাৰ, খাদী মাস্ক বিতৰণ ৰাজ্যিক মাদকদ্ৰব্য নিবাৰণী পৰিষদৰ উপাধ্যক্ষা লাকী গগৈৰ

0 98

শিৱসাগৰ

 ক’ভিড-১৯ৰ বিৰুদ্ধে চলি থকা যুঁজখনত জনসাধাৰণক সজাগ আৰু সচেতন কৰিবলৈ সাংবাদিকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ এই মন্তব্য ৰাজ্যিক মাদকদ্ৰব্য নিবাৰণী পৰিষদৰ উপাধ্যক্ষা লাকী গগৈৰ। মঙলবাৰে শিৱসাগৰ প্ৰেছ ক্লাবত সাংবাদিকসকলৰ মাজত মাস্ক আৰু হেণ্ড ছেনিটাইজাৰ প্ৰদান কৰি উপাধ্যক্ষাগৰাকীয়ে আৰু কয়, সাংবাদিকসকলে এই দুৰ্যোগৰ সময়ত নিজৰ জীৱন আৰু পৰিয়ালৰ বিপৰ্যয়ৰ কথা নাভাবি প্ৰতি মুহূৰ্তৰ খবৰ জনসাধাৰণৰ মাজলৈ আগবঢ়াই নিছে। সেয়েহে তেওঁলোকৰ কৰ্মৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান জনাই তেওঁলোকক কিছু উৎসাহ দিবৰ বাবেই এই কাৰ্যসূচী হাতত লৈছ। মঙলবাৰে শিৱসাগৰ প্ৰেছ ক্লাবত জিলাখনৰ অৰ্ধ শতাধিক সাংবাদিকৰ মাজত ৰাজ্যিক মাদকদ্ৰব্য নিবাৰণী পৰিষদৰ উপাধ্যক্ষা লাকী গগৈয়ে আবকাৰী বিভাগৰ দ্বাৰা নিৰ্মিত হেণ্ড ছেনিটাইজাৰ আৰু খাদী মাস্ক বিতৰণ কৰে। এই কাৰ্যসূচীত জিলা মিডিয়া কোষৰ বিষয়ববীয়া সমীৰণ বৰদলৈয়ে সহযোগিতা আগবঢ়ায়। কাৰ্যসূচীত সমাজসেৱীকা ইপ্সিতা বৰুৱাও উপস্থিত থাকে। শিৱসাগৰ প্ৰেছ ক্লাবত উপস্থিত হৈ সাংবাদিকসকলৰ মাজত ছিনিটাইজাৰ আৰু খাদী মাস্ক বিতৰণ কৰাৰ বাবে ক্লাবৰ সাধাৰণ সম্পাদক ইনামুল হাজৰিকা আৰু ই-মিডিয়া সন্থাৰ সভাপতি অতনু বৰাই ধন্যবাদ জ্ঞাপন কৰে।

Leave A Reply