Breaking

লামডিঙত নেতাজীৰ ১২৫ সংখ্যক জন্ম জয়ন্তী পালন

0 1,048

হোজাই জিলাৰ অন্তৰ্গত ৰেল নগৰী লামডিঙত সার্বজনিন নেতাজী জন্মজয়ন্তী কমিটিৰ উদ্যোগত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ সংখ্যক জন্ম জয়ন্তী পালন কৰা হয়।পুৱাৰ ভাগত নেতাজী পেৰেড গ্রুপ’ ভাৰত স্কাউট গ্রুপ,হিন্দুস্থান পেৰেড গ্রুপ, লগতে বিভিন্ন স্কুলৰ ছাত্ৰ – ছাত্ৰী আৰু বিভিন্ন স্কুলৰ শিক্ষক সমাজৰ বিশিষ্ট  ব্যক্তিয়ে নেতাজী মূর্তীত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। লামডিঙৰ মাজ মজিয়াত থকা সূভাষ ময়দানৰ সম্মুখত থকা নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তিত মাল্য অৰ্পণ কৰে লামডিঙৰ বিধায়ক শিবু মিশ্ৰ, ভাৰত সেৱাশ্ৰমৰ সঙ্ঘৰ উত্তৰ পূর্বাঞ্চলৰ দায়িত্বত থকা সন্যাসি  সাধনানন্দজী মহাৰাজ,আজাদ হিন্দ পাব্লিক লাইব্রেৰীৰ সভাপতি সুভাষ সিংহৰ লগতে সমাজৰ বিশিষ্ট বিশিষ্ট ব্যক্তি সকলে।

ভাৰত সেৱাশ্ৰমৰ মূখ্য সাধনানন্দ মহাৰাজ পতকা উত্তোলন কৰে লগতে সংগীত পৰিবেশন কৰি নেতাজীৰ জন্ম জয়ন্তী পালন কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে লামডিঙৰ বিধায়ক শিবু মিশ্ৰ, ভাৰত সেৱাশ্ৰমৰ  সাধনানন্দজী মহাৰাজ, লামডিঙ বিজেপিৰ টাউন মণ্ডল সভাপতি দেৱাশিস সেনগুপ্ত, সুভাষ  সিং,লামডিঙ সাংবাদিক সন্থাৰ সভাপতি অনিমেষ মজুমদাৰ, মিৰা মিশ্ৰ, প্ৰাক্তন পৌৰসভাৰ সভানেত্ৰী সস্তিকা ৰাউত ‘ৰ  লগতে শিক্ষক- শিক্ষয়িত্ৰীৰ আৰু সমাজৰ গণ্য মান্য ব্যক্তিসকল।

Leave A Reply