Breaking

তিনিচুকীয়াৰ বাঘজানত চতুৰ্থদিনাও অব্যাহত আছে তেল মিশ্ৰিত গেছ নিৰ্গত, উপস্থিত আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ ।

0 59

তিনিচুকীয়া

 যোৱা বুধবাৰৰ পৰা অহৰহভাবে নিৰ্গত হৈ থকা বাঘজান তৈলখাদ পৰিদৰ্শন কৰাৰ লগতে আশ্ৰয় শিৱিৰত আশ্ৰয় গ্ৰহন কৰা লোকসকলৰ লগত কৰিলে মত বিনিময় কৰিলে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ।আছুৰ এটা সজাতি দল সহ ঘটনাস্থলীত উপস্থিত হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আছুৰ সম্পাদকগৰাকীয়ে ।অইল কৰ্তৃপক্ষৰ লগতে ৰাজ্য চৰকাৰক তৎপৰতাৰে নিৰ্গত হৈ থকা তেল, গেছ  নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে অতিশীঘ্ৰে ডিব্ৰু ছৈখোৱাৰ লগতে মাগুৰি মতাপুং বিলৰ জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকি অহা এনে তৈলখাদসমূহ বন্ধ কৰিবলৈও দাবী জনাই লুৰিণজ্যোতি গগৈয়ে ।ইফালে বাঘজানৰ উত্তৰ পশ্চিম এলেকাত পুনৰ ৭টাকৈ তৈলখাদৰ অনুমোদন জনোৱা কাৰ্য্যৰ বিৰোধিতা কৰি নতুনকৈ এটাও তৈলখাদ স্থাপন কৰিব দিয়া নহব বুলিও মন্তব্য কৰে নেতাগৰাকীয়ে ।আনহাতে কালি এটা দুস্প্ৰাপ্য শিহুৰ মৃত্যু হোৱাৰ পাছত এটা মৰিবলৈ আৰম্ভ কৰিছে খাল-বিলৰ মাছৰ লগতে জলচৰ প্ৰাণী, নষ্ট হৈছে কৃষিকাৰ্য, গছ-গছনি ৷ বাদোডৰাৰ পৰা অহা বিশেষ দলটোৱে চেষ্টা অব্যাহত ৰাখিছে যদিও বন্ধ কৰিবলৈ সক্ষম হোৱা নাই তেল মিশ্ৰিত গেছ, ফলত ব্যাপক ক্ষতিৰ দিশত আগুৱাই গৈছে বৃহত্তৰ বাঘজানৰ লগতে কাষৰীয়া অঞ্চলসমূহ ৷ গগৈৰ স’তে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কায্যনিৰ্বাহক বিনয় ডুবে, সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি বুলবুল দত্ত, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ  ভাৰপ্ৰাপ্ত সভাপতি ৰাজা বালিমৰাৰ লগতে দুয়োখন জিলাৰ অৰ্ধশতাধীক ছাত্ৰ সন্থাৰ কৰ্মীয়ে পৰিদশন কৰে ।

Leave A Reply