ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত হোৱা সকলো মাদ্ৰাছা আৰু সংস্কৃত টোল সমূহ বন্ধ কৰাৰ বাবে জাননী অহা মাহত প্ৰকাশ কৰা হব বুলি ৰাজ্যৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে। অসম চৰকাৰৰ দ্বাৰা পৰিচালিত মাদ্ৰাছা সমূহ উচ্চ মাধ্যমিকলৈ পৰিৱৰ্তন কৰা হব৷ আনহাতে সকলো শিক্ষানুষ্ঠানৰ দৰেই নামভৰ্তি হব বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই বৰ্তমান সময়ত যি সকল ছাত্ৰ-ছাত্ৰীয়ে মাদ্ৰাছাত চূড়ান্ত বৰ্ষত শিক্ষা গ্ৰহণ কৰি থকা শিক্ষাৰ্থী সকলে পূৰ্বৰ ব্যৱস্থাৰে উত্তীৰ্ণ হব পাৰিব। সংস্কৃত টোল সমূহ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃতি বিশ্ববিদ্যালয়ৰ অধীনলৈ নি টোলসমূহ ভাৰতীয় সংস্কৃতি, সভ্যতা আৰু ৰাষ্ট্ৰীয়তাবাদৰ শিক্ষা আৰু গৱেষণা কেন্দ্ৰ কৰি গঢ়ি তোলাৰ ব্যৱস্থা কৰা হব ।