Breaking

ভৰাশিঙৰীত মহাবাহুৰ খহনীয়া অব্যাহতঃ ব্যৱস্থা গ্ৰহণৰ দাবী কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যৰ

0 1,065

সমাগত বাৰিষা আজিও উন্মুক্ত অৱস্থাতে পৰি আছে ৰাজ্যৰ অধিকাংশ নদ-নদীৰ মথাউৰি৷বাৰিষাৰ আৰাম্ভনিতে নদ-নদী সমূহৰ গৰা-খহনীয়াই কালৰূপ ধাৰণ কৰিছে৷সমান্তৰালভাৱে মহাবাহু  ব্ৰহ্মপুত্ৰ নদীয়ে বৰছলা বিধানসভা সমষ্টিৰ ঠেলামৰা ৰাজহ চক্ৰ এলেকাৰ ভৰাশিঙৰীত তীব্ৰ খহনীয়াৰ সৃষ্টি কৰিছে৷ব্ৰহ্মপুত্ৰ নদীৰ গৰা-খহনীয়াই কালৰূপ ধাৰণ কৰাত শোণিতপুৰ জিলাৰ বৰছলা বিধান সভা সমষ্টিৰ গৰুডোবাৰ তেলীয়াগাওঁ আৰু ভৰাশিঙৰীত ৰাইজৰ হেজাৰ হেজাৰ বিঘা কৃষিভূমি ইতিমধ্যে  নৈৰ বুকুত জাহ গৈছে৷ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল খহনীয়াৰ ফলত ভৰাশিঙৰীৰ ছটি পাহাৰত অৱস্থিত ইতিহাস প্ৰসিদ্ধ ঐতিহাসিক হৰ’গৌৰী দেৱালয়লৈ তীব্ৰ ভাবুকি আহি পৰিছে৷খহনীয়াৰ কবলত পৰা উক্ত ভৰাশিঙৰী অঞ্চলত আজি কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ সভাপতি প্ৰশান্ত বৈশ্যৰ নেতৃত্বত সজাতি দল এটাই উপস্থিত হৈ ৰাইজৰ ক্ষয়ক্ষতিৰ বুজ লয়৷উক্ত খহনীয়াগ্ৰস্ত স্থান পৰিভ্ৰমণ কৰি কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই সংবাদ মাধ্যমৰ আগত চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধি সকলক তীব্ৰ ভাষাৰে সমালোচনা কৰে৷কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই চৰকাৰ তথা স্থানীয় বিধায়কৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় গৰা-খহনীয়া ৰোধৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ, ৰাজ্যৰ জলসম্পদ বিভাগ তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস তথা স্থানীয় বিধায়ক গনেশ কুমাৰ লিম্বুৱে বিগত দিনবোৰত কোনো ধৰণৰ ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ নকৰাত অঞ্চলটোৰ হেজাৰ হেজাৰ বিঘা কৃষিভূমি ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত বিলিন হৈছে৷চৰকাৰৰ নীৰৱতা আৰু জলসম্পদ বিভাগৰ দায়িত্বহীনতা ফলত বৰ্তমান ৰাইজে দিকবিদিক হেৰুৱাই এক দুৰ্বিষহ জীৱন কটাইছে৷আনকি বিগত দিনবোৰৰ পৰাই ৰাইজে নিজৰ গাঠিৰ ধন খৰচ কৰি বাহ,গছ আদিৰে ব্ৰহ্মপুত্ৰ নদীৰ গৰা-খহনীয়া ৰোধ কৰাৰ আপ্ৰাণ চেষ্টা চলাই আহিছে৷খহনীয়াৰ কবলত পৰা উক্ত ভৰাশিঙৰী অঞ্চলৰ লগতে ঐতিহাসিক হৰ’গৌৰী দেৱালয়ৰ চৌপাশ এনেদৰে বাহ,গছ আদিৰে বচোৱাটো সম্ভৱপৰ নহয় বুলি কৃষক শ্ৰমিক নেতা বৈশ্যই কয় ৷কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই লগতে কয় উক্ত ভৰাশিঙৰী অঞ্চলৰ গৰা-খহনীয়া প্ৰতিৰোধৰ বাবে সংগঠনটোৱে দীৰ্ঘদিনৰে পৰা চৰকাৰক প্ৰবল দাবী জনাই আহিছে৷সংগঠনৰ দাবীৰ প্ৰতি সহাৰী জনাই ৰাজ্যৰ জলসম্পদ বিভাগ তথা জলসম্পদৰ মন্ত্ৰী পিয়ুষ হাজৰিকা নিজে উপস্থিত হৈ কিছুদিন পূৰ্বে প্ৰায় ৫০ লাখ টকা মোকলাই দিছিল যদিও কামৰ ঠিকা লাভকৰা ঠিকাদাৰগৰাকীয়ে কিছু কাম কৰিয়েই বাকী সমুদায় ধন কৌশলেৰে আত্মহাৎ কৰাৰ ফান্দ পাতিছে৷সেয়েহে এই ক্ষেত্ৰত কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ দাবী জনাইছে৷লগতে ৰাজ্য চৰকাৰ তথা ৰাজ্যৰ জলসম্পদ বিভাগে ততকাল ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই দাবী জনাইছে৷অন্যথা আগন্তুক দিনত ৰাইজৰ স্বাৰ্থত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিয়ে গণতান্ত্ৰিক ভাবে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই সংবাদ মাধ্যমৰ জৰিয়তে সকীয়াই দিয়ে৷

Leave A Reply