Breaking

তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি পালন

0 1,676

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে আজি তথ্য আৰু জনসংযোগ সঞ্চালকালয়তো মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি পালন কৰা হয়।
এই উপলক্ষে সঞ্চালকালয়ৰ দিছপুৰস্থিত মুখ্য কাৰ্যালয়ত নাম-প্ৰসংগ অনুষ্ঠিত কৰাৰ লগতে সঞ্চালকালয়ৰ সাংস্কৃতিক শাখাৰ কৰ্মচাৰীসকলে থিয় নাম, বৰগীত আদি পৰিৱেশন কৰে।উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এইবাৰ স্বাধীনতা দিৱসৰ ভাষণত দহটা সংকল্প গ্ৰহণৰ বাবে জনসাধাৰণক আহ্বান জনাইছিল৷  সেইমৰ্মে পুৰোধা ব্যক্তি আৰু মহাপৰুষৰ আৱিৰ্ভাব আৰু তিৰোভাৱ তিথিত বন্ধ পালন কৰাৰ পৰিবৰ্তে কাৰ্যালয়ত উদযাপন কৰাৰ বাবে তেওঁ আহ্বান জনাইছিল৷ সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই চৰকাবী বন্ধৰ দিন হোৱা সত্বেও তথ্য আৰু জনসংযোগৰ নৱ-নিযুক্ত সঞ্চালক শ্ৰী বিষ্ণু কমল বৰা আৰু অতিৰিক্ত সঞ্চালক শ্ৰী প্ৰদীপ ব্ৰহ্মৰ উদ্যোগত সমূহ বিষয়া-কৰ্মচাৰীয়ে আজি কাৰ্যালয়তে মহাপুৰুষজনাৰ তিৰোভাৱ তিথি  উদযাপন কৰি গুৰুজনাক স্মৰণ কৰে৷

Leave A Reply