Breaking

আই পি এলত সৰ্বাধিক মেচ খেলা খেলুৱৈ মহেন্দ্ৰ সিং ধোনী। চেন্নাই আৰু গুজৰাটৰ মাজৰ চূড়ান্ত খেলখনত কোনে গঢ়িব অভিলেখ…

0 86

আই পি এলত সৰ্বাধিক মেচ খেলা খেলুৱৈ মহেন্দ্ৰ সিং ধোনী। চেন্নাই আৰু গুজৰাটৰ মাজত খেলা চূড়ান্ত খেলখনত তেওঁ আন এক অভিলেখ লাভ কৰিব। চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে আই পি এল ২০২৩ৰ অন্তিমখন খেলৰ বাবে খেলপথাৰত ভৰি দিয়াৰ লগে লগে ইতিহাসৰ সৃষ্টি কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে। এই মেচৰ জৰিয়তে ধোনীয়ে নিজৰ নামত এক বিশেষ অভিলেখ গঢ়িব। ফাইনেলৰ বাহিৰেও এই মেচখন চেন্নাইৰ অধিনায়কৰ বাবে অতি বিশেষ হ’ব। প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখনত চেন্নাই ছুপাৰ কিংছ আৰু ডিফেণ্ডিং চেম্পিয়ন গুজৰাট টাইটানছৰ মাজত অনুষ্ঠিত হ’ব। এই মেচৰ জৰিয়তে মহেন্দ্ৰ সিং ধোনীয়ে আই পি এল কেৰিয়াৰৰ ২৫০ সংখ্যক মেচ খেলিব। আই পি এলত এই সংখ্যাত উপনীত হোৱা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হ’ব ধোনী।

আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আই পি এল ২০২৩ৰ ফাইনেল। সন্ধিয়া ৭:৩০ বজাৰ পৰা আৰম্ভ হ’ব খেলখন। সন্ধিয়া ৬:০০ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই খিতাপৰ খেলখনৰ পূৰ্বেও সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব। একে সময়তে চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনী হৈছে বৰ্তমানেও আই পি এলৰ সৰ্বাধিক মেচ খেলা খেলুৱৈ। ধোনীয়ে কেৰিয়াৰত এই পৰ্যন্ত ২৪৯ খন আই পি এল মেচ খেলিছে। এই তালিকাত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মাই ২৪৩খন মেচৰে দ্বিতীয় স্থানত আছে। ধোনীৰ অধিনায়কত্বত আই পি এলত চেন্নাই ছুপাৰ কিংছে ৯ বাৰ ফাইনেল খেলিছে, য’ত দলটোৱে ৪ খন জয় আৰু ৫ খন খিতাপৰ মেচত পৰাস্ত হৈ খিতাপ দখল কৰিছে। আজি ধোনীৰ অধিনায়কত্বত দশম বাৰৰ বাবে চি এছ কে ফাইনেল খেলিব। যদি এই মেচত চেন্নাই জয়ী হয়, তেন্তে দলটোৱে সৰ্বাধিক ৫ টা খিতাপ জয় কৰাৰ ক্ষেত্ৰত মুম্বাই ইণ্ডিয়ানছৰ সমান হ’ব। এই পৰ্যন্ত চেন্নাইয়ে চাৰিটা ট্ৰফী লাভ কৰিছে।

মহেন্দ্ৰ সিং ধোনীয়ে ২০০৮ চনৰ আই পি এল অৰ্থাৎ প্ৰথম ছিজনত অভিষেক ঘটায়, তাৰ পিছৰ পৰা তেওঁ ২৪৯ খন মেচ খেলিছে। এই মেচসমূহৰ ২১৭খন ইনিংছত বেটিং কৰি ধোনীয়ে গড়ে ৩৯.০৯ আৰু ষ্ট্ৰাইক ৰেট ১৩৫.৯৬ত ৫০৮২ ৰান সংগ্ৰহ কৰে। এই সময়ছোৱাত তেওঁৰ বেটৰ পৰা ২৪টা অৰ্ধশতক ওলাইছে। চেন্নাই ছুপাৰ কিংছৰ উপৰিও ধোনীয়ে আই পি এলত ৰাইজিং পুনে ছুপাৰ জায়েন্টছৰ হৈ খেলিছে।

Leave A Reply