Breaking

ৰশ্মিকা মাণ্ডন্নাৰ Deepfake ভিডিঅ’ গোচৰৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

0 74

অভিনেত্ৰী ৰশ্মিকা মাণ্ডন্নাৰ ডিপফেক ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ দুমাহতকৈও অধিক সময়ৰ পাছতে শনিবাৰে দিল্লী আৰক্ষীয়ে মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰে। অন্ধ্ৰপ্ৰদেশৰ পৰা দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ব্যক্তিগৰাকীক।

এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত আপলোড হোৱাৰ পিছতে যোৱা ১০ নৱেম্বৰত এই গোচৰটো গ্ৰহণ কৰিছিল দিল্লী আৰক্ষীৰ বিশেষ কোষে।

মূল ভিডিঅ’টোত আন এগৰাকী মহিলাই ক’লা সাজ পিন্ধি লিফ্টত প্ৰৱেশ কৰা দেখা গৈছিল। অভিযোগ অনুসৰি অভিযুক্তই এআই ব্যৱহাৰ কৰি মাণ্ডন্নাৰ মুখখন ভিডিঅ’টোত দেখা মহিলাগৰাকীৰ মুখত মৰ্ফ কৰিছিল।

Leave A Reply