Breaking

মাজবাট মহাবিদ্যালয়ত উৰুলি উন্মোচন

0 1,112

৯ ফেব্ৰুৱাৰীত ওদালগুৰি জিলাৰ মাজবাট মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত শিক্ষা বিভাগে প্ৰকাশ কৰি উলিওৱা বাৰ্ষিক মুখপত্ৰ উৰুলি উন্মোচন কৰা হয়৷ মুখপত্ৰখন উন্মোচন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰদীপ কুমাৰ শৰ্মাই৷ শিক্ষা বিভাগৰ মুৰব্বী জয়ন্ত কলিতাই অনুষ্ঠানৰ আত ধৰে৷ জয়ন্ত শৰ্মাই আত ধৰা সভাত ড° প্ৰদীপ কুমাৰ শৰ্মাই  কয় যে ক্ষুদ্ৰ ক্ষুদ্ৰ মুখপত্ৰই বিভাগৰ কৰ্ম খতিয়ান দাঙি ধৰাৰ লগতে বছৰেকীয়া তথ্যৰ সম্ভেদ পোৱা যায়৷

তেওঁ  কয় যে প্ৰত্যেক বিভাগে এনেধৰণৰ  মুখপত্ৰ প্ৰকাশ কৰা প্ৰয়োজন ৷সভাত  মিনতি পাটোৱাৰী আৰু ড° গীতা কলিতা লহকৰেও  বক্তব্য আগবঢ়ায় ৷শেষত বিভাগীয় মুৰব্বী জয়ন্ত  কলিতাই  সকলোকে ধন্যবাদ জনায় ৷উল্লেখযোগ্য যে -২০২০বৰ্ষৰ  লক ডাউণ্ডৰ সময়ছোৱাত বিভাগে আয়োজন কৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয়  আলোচনা চক্ৰত দেশ বিদেশৰ ২৭ গৰাকী সমল ব্যক্তিয়ে অংশ গ্ৰহন কৰি বক্তব্য আগবঢ়ায় ৷

Leave A Reply