Breaking

ওৰাঙৰ ধনশ্ৰী চাহ বাগিচাত ২০ কিলো গাঞ্জা সহ এজনক গ্ৰেপ্তাৰ মাজবাট আৰক্ষীৰ

0 1,528

ওদালগুৰি জিলাৰ ওৰাং মৌজা এলেকাৰ  ধনশ্ৰী চাহ বাগিছাত ২৯জুনত ৰাতিপুৱা ৫ মান বজাত ২০ কিলোগ্ৰাম গাঞ্জা সহ এজন লোকক আটক কৰিছে মাজবাট আৰক্ষীয়ে । মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিন্টু সন্দিকৈয়ে জনোৱা মতে ওৰাং মৌজা এলেকাৰ মাজবাট থানাৰ অন্তৰ্গত ধনশ্ৰী চাহ বাগিচাত  ২৯জুনত  ৰাতিপুৱা ৫ মান বজাত  বিষয়া গৰাকীৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে অৰুনাচল সীমান্তৱৰ্তী  অঞ্চল পৰা  বাগিছা খনৰ অৰুনাচল  ৰূপা পথেৰে আহি থকা এজন বাইক আৰহীক দেখা পাই ।প্ৰথমে  নম্বৰবিহীন  বাইকত অহা যুবক জনক দেখা পাই আৰক্ষী দলটোৱে ৰবলৈ কৈছিল ।যদিও  যুবক জনে ৰবলৈ অমান্তি হৈছিল । পাছত  বাইকৰ পিচফালে থকা বেগটো তালাচী চলোৱাত যুবক জনৰ উৰহী গছৰ ওৰ ওলাই পৰে আৰু  আৰক্ষীয়ে ২০ কিলো গাঞ্জা সহ নাহেৰুবা গাওঁৰ অজিত দৈমাৰীৰ পুএ ফিৰোজ দৈমাৰী (২২)ক আটক কৰিবলৈ সক্ষম হয় ।মাজবাট আৰক্ষীয়ে যুবক জনৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধি আইনৰ অধীনত এটি গোচৰ ৰুজু কৰি আজি ওদালগুৰি  দণ্ডাধীশ আদালতত হাজিৰ কৰাই জেল হাজোতলৈ প্ৰেৰন কৰে ।মাজবাট অৰুনাচল সীমান্তৱৰ্তী এলেকাত  চলি থকা নিষিদ্ধ গাঞ্জাৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলা হৈছে বুলি মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিন্টু সন্দিকৈয়ে জানিবলৈ দিছে ।

Leave A Reply