Breaking

ক’ভিড যুঁজত মাজবাটৰ আদৰ্শ মুলক বাহিপুখুৰী চাহ বাগিছা

0 1,031

ওদালগুৰি জিলাৰ ভিতৰতেই মাজবাটৰ নিলগৰ ধনশ্ৰী টি কোম্পানীৰ উল্লেখযোগ্য আৰু  প্ৰশংসনীয়  চাহ বাগিচা হৈছে বাহিপুখুৰী চাহ বাগিচা । বৰ্দ্ধিত মহামাৰী ক’ভিড কালত অসমৰ বহু চাহ বাগিচাৰ  শ্ৰমিকে ক’ৰোণা সংক্ৰান্তত প্ৰচাৰ হৈ থকা কিছুমান উৰা বাতৰিত ভুল গৈ ক’ভিড ১৯ পৰীক্ষাৰ পৰা পলাই ফুৰা ভেকচিন নোলোৱা , পৰীক্ষা নকৰা ,স্বাস্থ্য কৰ্মীক বেয়া ব্যৱহাৰ কৰা দেখা গৈছিল । মাজবাট অঞ্চলত এখন চাহ বাগিচাত কৰোণা টেষ্ট কৰাৰ কথা বুজাবলৈ যাওঁতে স্বাস্থ্য কৰ্মীৰ লগতে আটছা কৰ্মী সকলো অপদস্ত হব লগা হৈছিল । ভয় ,ভাবুকি নীৰৱে সহ্য কৰিব লগীয়া দৰে ঘটনাও সংগঠিত হৈ থকাটো এতিয়া নিত্যনৈমিত্তিক স্বাভাবিক ঘটনা হৈ পৰিছে ৷ কিন্তু এইবোৰ ঘটনাৰ সম্পূৰ্ণ বিপৰীত দৃশ্য দেখা পোৱা গৈছে মাজবাটৰ বাহিপুখুৰী চাহ বাগিছাখনত । চাহ বাগিছা খনৰ চিকিৎসক ,স্বাস্থ্য কৰ্মী ,আশা কৰ্মী , পৰিচালক ও চাহ শ্ৰমিক সকলৰ  প্ৰত্যক্ষ সহযোগত এক সুন্দৰ পৰিবেশৰ সৃষ্টি কৰি কৰি মাৰাত্মক বৰ্দ্ধিত মহামাৰীৰ বিৰুদ্ধে চৰকাৰে জনোৱা আহ্বান মৰ্মে সমূহীয়া ভাবে যুজঁ দিয়াৰ ফলত বাগিছা খন কৰোণা মুক্ত বাগান হিচাপে চিহ্নিত হোৱাৰ পথত ধাৱমান হৈছে । এই বাহিপুখুৰী চাহ বাগিছা খনৰ  মুঠ জনসংখ্যা হৈছে ৪৫০৪ গৰাকী আৰু ইয়াৰে ৩৫১৬ গৰাকী হৈছে বাগিচাখনৰ চাৰিসীমাৰ অন্তৰ্গত বাসিন্দা । ৮২২ টা পৰিয়াল থকা বাগিচাখনত প্ৰথম অৱস্থাত শতাধিক কৰোণা পজিটিভ চিনাক্ত হোৱাত এক হাহাকাৰ অবস্থাৰ সৃষ্টি হৈছিল । শ্ৰমিক সকলেও কৰোণা টেষ্ট কৰোৱাত শংকিত,আতংকিত  হোৱা পৰিলক্ষিত হৈছিল । টেষ্ট কৰিবলৈ অমান্তি হৈছিল । পজিটিভ লোক সকল বাগিচাৰ বাহিৰৰ কো’ভিড কেয়াৰ চেণ্টাৰত যাবলৈ অমান্তি পর্যন্ত হৈছিল । স্বাস্থ্য কৰ্মী ,প্রশাসন , বিজেপি দলৰ কাৰ্য্যকর্তা , বিভিন্ন দল সংগঠনে চলোৱা প্ৰচেষ্টাৰ ফলত এই ধৰণৰ অশান্তময় পৰিবেশৰ পৰা ক্ৰমান্বয়ে এক সুস্থিৰ অৱস্থালৈ ঘূৰাই অনা হৈছিল । আতংকিত হৈ পৰা চাহ শ্ৰমিক সকলক বুজোৱা , ক’ভিড চেণ্টাৰৰ ব্যৱস্থা কৰি বাগিচাখনতেই ৰাখি চিকিৎসা সেৱা আগবঢ়াই খোৱা বোৱাৰ পৰা  আবশ্যক অনুসৰি বিছনা পত্ৰ আদিবোৰৰ  ব্যৱস্থা কৰি দিয়াটো ইমান সহজো নাছিল ৷ যদিও বাগিচাখনৰ শ্ৰমিক সকলৰ পাৰস্পৰিক আৰু উমৈহতীয়া  সক্ৰিয়  সহযোগিতাৰ ফলত অৱশেষত  সকলো কামেই  সহজ ভাবে পৰি চালিত হোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায় হৈছিল । চাহ বাগিচাখনত ইতিমধ্যে এতিয়ালৈ ১৯১১ গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰোৱা হৈছে  তাৰে কৰোণা ১২৪ গৰাকীৰ দেহত কৰোণা ধৰা পৰিছিল । ইয়াৰে ১২১ গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভতি গৈছে আৰু ৩ গৰাকী এতিয়ালৈ চিকিৎসাধীন হৈ আছে । ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিপিএম পংকজ সভাপণ্ডিতৰ সহযোগত বাগিচাখনৰ  একটিং পৰিচালক তিলক চন্দ্ৰ ডেকা, জ্যেষ্ঠ সহঃ পৰিচালক  মোহন শইকীয়া, চিকিৎসক কে পি মিশ্ৰ ,স্বাস্থ্য সহায়ক ,চিবেশ গোৱালা,এ এন এম নিতা দেৱী ,ফাৰ্মাচিষ্ট কে চি ব্ৰহ্ম ,এ এন এম ক্ৰমে  নিৰুপমা চহৰীয়া , মহিমা কুৰ্মী , পিপলিং বড়ো ,আৰু আশা পৰ্যবেক্ষক ববী টিগ্গা  আশা কর্মী ক্ৰমে – আছিচণ তিৰ্কী, দেবয়ন্তী ৰজক, যশোদা লাকড়া , মমি গৌড় , সন্ধ্যা তাঁতি প্ৰমুখ্যে কৰ্মী সকলে অক্লান্ত পৰিশ্ৰম কৰি বাগিছা খনৰ এক সুস্থিৰ  আৰু উন্নত পৰিবেশ উভতাই আনে ।মাজে সময়ে এই বাগিছাখন ওৰাঙৰ স্বাস্থ্য কৰ্মী  ৰঞ্জিত থাপা,অনিল কলিতা, আবু বক্কৰ চিদ্দিক,সঞ্জীৱ তালুকদাৰ,উদয় শংকৰ শৰ্মাআদিয়ে শ্ৰমিক সকলক ক’ভিড টেষ্ট কৰি আহিছে ৷ক’ভিড ১৯ ৰ বিৰুদ্ধে দিনে নিশাই একাকাৰ কৰি যুজঁ দিয়া  কভিড যোদ্ধা শিৱেচ গোৱালাক স্বাস্থ্য ভিভাগৰ তৰফৰ পৰা যোৱা  ১১জুলাইত ওৰাঙৰ কলাগুৰু বিষ্ণুৰাভা স্নাতক মহাবিদ্যালয়ত আয়োজিত জিলা উপায়ুক্ত উপস্থিত থকা এখন সভাত সম্বৰ্ধনাও জনোৱা হৈছে । বাগিছা খনৰ স্বাস্থ্য কৰ্মী সকলৰ এটাই আশা কৰিছে যে কৰোণা মুক্ত  চাহ বাগিছা  লাগে । কভিড হট স্পট হিচাপে চিহ্নিত হোবা চাহ বাগিছাখন স্বাস্থ্য বিভাগ আৰু চাহ বাগিছাৰ কভিড ভেকচিন গ্ৰহন, সুচিকিৎসা,সুব্যবস্থাপনা আৰু  সুদক্ষ পৰিচালনা আদিৰ বাবে দিনক দিনে কভিড সংক্ৰমন ক্ৰমান্বয়ে উন্নতি  দিশত  হ্ৰাস পাবলৈ ধৰিছে ৷এইখন চাহ বাগিছাই কভিডৰ ক্ষেত্ৰত গ্ৰহন কৰা  প্ৰশংসনীয় কাৰ্য্যক ওদালগুৰি জিলা সচেতন নাগৰিক সমিতি,বিটিএডি সাংবাদিক সংস্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক নব কুমাৰ ডেকাই শলাগ লৈ আন্তৰিক ধন্যবাদ জনাইছে ৷

Leave A Reply