Breaking

লখিমপুৰৰ অসহায় বৃদ্ধ লোকক সহায়ৰ হাত মাজুলী জিলা প্ৰশাসনৰ ।

0 841

উজনি-মাজুলী : চুবুৰীয়া জিলা লখিমপুৰৰ পৰা আহি মাজুলীত উপস্থিত হোৱা এগৰাকী অসহায়, নিৰাশ্ৰয় বয়োবৃদ্ধ লোকক বুধবাৰে লখিমপুৰ জিলা প্ৰশাসন তথা লখিমপুৰ জিলা সমাজ কল্যাণ বিভাগৰ সৈতে যোগাযোগ এক নিৰাপদ আশ্ৰয় উপলব্ধ কৰালে মাজুলী জিলা প্ৰশাসনে। লখিমপুৰ জিলাৰ ঘিলামৰা থানাৰ অন্তৰ্গত দীঘলী চৌখাম গাঁৱৰ প্ৰায় ৭২ বছৰ বয়সৰ লক্ষেশ্বৰ বৰা নামৰ বয়োবৃদ্ধ লোকজনক মাজুলীৰ সহকাৰী আয়ুক্ত হিমাদ্ৰী বৰাৰ বিশেষ উদ্যোগত লখিমপুৰৰ বঙালমৰাস্থিত এটা ‘জ্যেষ্ঠ নাগৰিক গৃহ’ত স্থায়ী আশ্ৰয় প্ৰদানৰ ব্যৱস্থা কৰা হয়। নিজৰ পুত্ৰ-কন্যা নথকাৰ লগতে আশ্ৰয়হীন হৈ পৰা বুলি প্ৰকাশ কৰা বয়োজ্যেষ্ঠ লোকজনে এই বয়সত আশ্ৰয়ৰ সন্ধানত ৩০ জুনত কেনেবাকৈ মাজুলীত উপস্থিত হৈছিলহি। এটা নিশা এখন সত্ৰত সত্ৰৰ ভকত-বৈষ্ণৱৰ সহযোগত অতিবাহিত কৰা বৰাই বুধবাৰে আগবেলা কোনো বৃদ্ধাৱাসত থকাৰ সুবিধা প্ৰদানৰ আৰ্জিৰে মাজুলীৰ উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হয়। অসহায়, নিৰাশ্ৰয় বয়োবৃদ্ধ লোকজনৰ অৱস্থাৰ কথা জানিব পাৰি সহকাৰী আয়ুক্ত হিমাদ্ৰী বৰাই সমগ্ৰ বিষয়টো মানৱীয় দৃষ্টিকোণেৰে গ্ৰহণ কৰি লগে লগে মাজুলীৰ উপায়ুক্তৰ দিহা লৈ লখিমপুৰ জিলা প্ৰশাসনৰ সৈতে যোগাযোগ কৰে। সহকাৰী আয়ুক্ত গৰাকীয়ে লখিমপুৰ জিলা প্ৰশাসনৰ সহযোগত লখিমপুৰৰ জিলা সমাজ কল্যাণ বিষয়াৰ সৈতে যোগাযোগ কৰি বয়োবৃদ্ধ লোকজনক আজিৰে পৰাই লখিমপুৰ জিলাৰ বঙালমৰাস্থিত ‘জ্যেষ্ঠ নাগৰিক গৃহ’ত স্থায়ী আশ্ৰয় প্ৰদানৰ ব্যৱস্থা কৰে। ইয়াৰ পাছতে বিয়লি লক্ষেশ্বৰ বৰাক মাজুলী জিলা প্ৰশাসনৰ ফালৰ পৰা এখন গাড়ীৰে সমাজ কল্যাণ বিভাগৰ তত্বাৱধানত পৰিচালিত বঙালমৰাৰ জ্যেষ্ঠ নাগৰিক আৱাস গৃহটিত থৈ অহাৰো সম্পূৰ্ণ ব্যৱস্থা কৰে সহকাৰী আয়ুক্ত গৰাকীয়ে।

Leave A Reply