Breaking

আগন্তুক স্বাধীনতা দিৱসৰ প্ৰস্তুতি মাজুলী জিলা প্ৰশাসনৰ

0 1,257

উজনি-মাজুলী : ক’ভিড-১৯ প্ৰট’কল অনুসৰণ কৰি মাজুলী জিলাতো দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে মাজুলী জিলা প্ৰশাসনে প্ৰস্তুতি আৰম্ভ কৰিছে। এই সন্দৰ্ভত বুধবাৰে মাজুলীৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ নাগৰিক সমাজৰ প্ৰতিনিধিত্বকাৰী বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি আৰু চৰকাৰী বিভাগসমূহৰ মুৰব্বীসকলক লৈ জিলা প্ৰশাসনে এখন বৈঠক অনুষ্ঠিত কৰে। উপায়ুক্ত বিক্ৰম কৈৰীৰ অধ্যক্ষতাত আয়োজিত এই বৈঠকত মাজুলী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নৰনাৰায়ণ নাথ, আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজন, অতিৰিক্ত উপায়ুক্ত নৰেণ দাস, ৰাজহ চক্ৰ বিষয়া অচ্যুৎ বৰুৱাৰ লগতে জিলা প্ৰশাসনৰ একাধিক কাৰ্যবাহী দণ্ডাধীশেও অংশগ্ৰহণ কৰে। ক’ভিড-১৯ অতিমাৰীৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে আগবঢ়োৱা স্বাধীনতা দিৱস উদযাপন সম্পৰ্কীয় বিশেষ নীতি-নিৰ্দেশনাৰ আধাৰত জিলা সদৰ গড়মূৰৰ কাছাৰী ময়দানত ১৫ আগষ্টত অনুষ্টুপীয়া কাৰ্যসূচীৰে এইবেলি স্বাধীনতা দিৱসৰ মাজুলী জিলাস্তৰীয় অনুষ্ঠান আয়োজনৰ ব্যৱস্থা কৰা হৈছে।

Leave A Reply