Breaking

মাজুলী জিলা উন্নয়ন সমিতিৰ পৰ্যালোচনা বৈঠক

0 1,083

মাজুলী জিলা উন্নয়ন সমিতিৰ মাহেকীয়া পৰ্যালোচনা সভা বুধবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় ৷ জিলা উপায়ুক্ত পুলক মহন্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত অতিৰিক্ত উপায়ুক্ত(উন্নয়ন) বিপুল কুমাৰ দাস, মহকুমাধিপতি (সদৰ) ধৃতিমান দাস প্ৰমুখ্যে জিলা প্ৰশাসনৰ লগতে জিলাখনৰ বিভিন্ন বিভাগ সমূহৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে।

সভাখনত উন্নয়নমূলক কামৰ ক্ষেত্ৰত দেখা দিয়া প্ৰত্যাহ্বান সমূহ আঁতৰাই কিদৰে মাজুলী জিলাত উন্নয়নমুলক কাম-কাজ সমূহ ত্বৰান্বিত কৰিব পৰা যায় সেই সম্পৰ্কে আলোচনা কৰাৰ লগতে লক্ষ্য নিৰ্ধাৰণ কৰা হয়। উপায়ুক্ত গৰাকীয়ে জিলাখনত বিভিন্ন বিভাগৰ বিষয়াসকলক উন্নয়নৰ অংশীদাৰ হ’বলৈ আৰু বৰ্তমান ৰূপায়ণ হৈ থকা উন্নয়ন মূলক আঁচনি সমূহ সময়মতে ৰূপায়ণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ বিভাগৰ মুৰব্বীসকলক নিৰ্দেশ দিয়ে।

Leave A Reply